শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পূজাৰ সময়ত কিমান টকাৰ অনলাইন লেনদেন কৰিব পাৰিব? পৰিৱৰ্তন UPI ৰ নিয়ম

UPI Payment: এতিয়াৰ পৰা এই শিতানৰ অন্তৰ্গত গ্ৰাহকে ২৪ ঘন্টাত ১০ লাখ টকা পৰ্যন্ত অনলাইন পেমেণ্ট কৰিব পাৰিব। মূলধনী বজাৰ আৰু বীমাৰ ক্ষেত্ৰত এই সীমা প্ৰতিটো লেনদেনত ২ লাখ টকালৈ নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ প্ৰতিটো লেনদেনত সৰ্বাধিক ২ লাখ টকা পঠিয়াব পাৰিব।

পূজাৰ সময়ত কিমান টকাৰ অনলাইন লেনদেন কৰিব পাৰিব? পৰিৱৰ্তন UPI ৰ নিয়ম
UPI ৰ নিয়মImage Credit source: X
Barasha Misra
Barasha Misra | Updated On: 18 Sep 2025 13:47 PM

অনলাইন পেমেণ্টৰ নিয়মত বৃহৎ পৰিৱৰ্তন। এতিয়া অনলাইন পেমেণ্ট কৰাটো অধিক সুবিধাজনক হ’ব। ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যন (NPCI)-এ ইউ পি আই ব্যৱহাৰকাৰীৰ বাবে লেনদেনৰ সীমা বৃদ্ধি কৰিছে। ১৫ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম।

যিহেতু এতিয়া বেছিভাগ মানুহেই ইউপিআই পেমেণ্ট পছন্দ কৰে, সেয়েহে ব্যৱহাৰকাৰীসকলক মনত ৰাখি লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে। ৫ লাখ টকাৰ কৰ আদায় দিয়া প্ৰতিষ্ঠান সমূহৰ বাবে ইউপিআই পেমেণ্টৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হ’ব।

এতিয়াৰ পৰা এই শ্ৰেণীৰ অন্তৰ্গত গ্ৰাহকে ২৪ ঘন্টাত ১০ লাখ টকা পৰ্যন্ত অনলাইন পেমেণ্ট কৰিব পাৰিব। ক্যাপিটাল মার্কেট আৰু ইন্সুৰেন্সেৰ ক্ষেত্ৰত এই সীমা নিৰ্ধাৰণ কৰা হৈছে প্ৰতিটো লেনদেনত ২ লাখ টকালৈ। অৰ্থাৎ প্ৰতিটো লেনদেনত সৰ্বাধিক ২ লাখ টকা পঠিয়াব পাৰিব। কোনোবাই যদি আই পি অ’ কিনিব বিচাৰে তেন্তে ইউ পি আইৰ জৰিয়তে সৰ্বাধিক ৫ লাখ টকা পঠিয়াব পাৰিব।

চৰকাৰী ই-কমাৰ্চ শাখাতো বৃদ্ধি কৰা হৈছে লেনদেনৰ সীমা। এতিয়াৰ পৰা এজন ব্যক্তিয়ে প্ৰতিটো লেনদেনত ৫ লাখ টকা আৰু প্ৰতিদিনে সৰ্বাধিক ১০ লাখ টকা পৰ্যন্ত অনলাইন পেমেণ্ট কৰিব পাৰিব।

ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো লেনদেনৰ সীমা ৫ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত ক্ৰেডিট কাৰ্ড পেমেণ্টত সৰ্বাধিক ৬ লাখ টকা খৰচ কৰিব পাৰিব।

অৱশ্যে এনপিচিআইয়ে স্পষ্ট কৰি দিছে যে এই নতুন লেনদেনৰ নিয়ম কেৱল ভেৰিফায়েড মার্চেন্ট একাউণ্টৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। ইউপিআইৰ জৰিয়তে সাধাৰণ জনতাই কৰা অনলাইন লেনদেনৰ দৈনিক সীমা ১ লাখ টকা।