ডাকঘৰতো এতিয়া উপলব্ধ হ’ব UPI, বাহিৰলৈ ধন পঠিওৱাত আৰু নহয় চিন্তা!
এতিয়ালৈকে বিশ্বৰ কেইখনমান মুষ্টিমেয় দেশতহে UPI ব্যৱহাৰ কৰা হৈছিল। কিন্তু এতিয়া কেন্দ্ৰৰ সহায়ত UPI ব্যৱস্থা সমগ্ৰ বিশ্বৰ কাষ চাপিব। একে সময়তে টকা পঠোৱাৰ নিয়মৰ ক্ষেত্ৰতো এক যুগান্তকাৰী পৰিৱৰ্তন সাধন দিশে আগবাঢ়িছে।

দেশৰ গাঁৱে-ভূঞে এতিয়া উপলব্ধ অনলাইন পে’মেণ্টৰ সুবিধা। কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ পৰিকল্পনাৰ এক সঠিক পন্থা হিচাপে ধনৰ লেনদেনৰ বাবে অনলাইন ব্যৱস্থা সকলোৱে আকোৱালি লৈছে। অনলাইন পে’মেণ্টৰ ক্ষেত্ৰত জনসাধাৰণৰ সুবিধা হোৱাকৈ আৰম্ভ কৰা হৈছিল ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ, চমুকৈ UPIম ব্যৱস্থা। ভাৰতৰ এই UPI ব্যৱস্থা এতিয়া সমগ্ৰ বিশ্বৰ কাষ চপাৰ দিশে অগ্ৰসৰ হৈছে। এতিয়ালৈকে বিশ্বৰ কেইখনমান মুষ্টিমেয় দেশতহে UPI ব্যৱহাৰ কৰা হৈছিল।
কিন্তু এতিয়া কেন্দ্ৰৰ সহায়ত UPI ব্যৱস্থা সমগ্ৰ বিশ্বৰ কাষ চাপিব। একে সময়তে টকা পঠোৱাৰ নিয়মৰ ক্ষেত্ৰতো এক যুগান্তকাৰী পৰিৱৰ্তন সাধন দিশে আগবাঢ়িছে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই যোৱা ৮ ছেপ্টেম্বৰত ডুবাইত UPI-UPU ইণ্টিগ্ৰেছন প্ৰকল্পৰ শুভাৰম্ভ কৰে।
এই প্ৰকল্পৰ জৰিয়তে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ বা UPI- এ ইউনিভাৰ্চেল পোষ্টেল ইউনিয়ন বা UPUৰ সৈতে সংযোগ স্থাপন কৰিছে। ইয়াৰ ফলত এতিয়া বিশ্বৰ ১৯২খন দেশৰ ডাকঘৰৰ বিশাল নেটৱৰ্ক ব্যৱহাৰ কৰি ধন প্ৰেৰণ কৰিব পৰা যাব।
এনে পদক্ষেপৰ জৰিয়তে প্ৰবাসী ভাৰতীয় শ্ৰমিকৰ পৰা আৰম্ভ কৰি দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈকে সকলো লাভৱান হ’ব। কেন্দ্ৰই গ্ৰহণ কৰা এই পদক্ষেপৰ সহায়ত অতি কম খৰচত, নিৰাপদে আৰু ক্ষীপ্ৰতাৰে ধনৰ লেনদেন সম্ভৱ হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপক ‘প্ৰযুক্তিগত নহয়, সামাজিক চুক্তি’ বুলিও অভিহিত কৰে।
ভাৰতেও এই প্ৰকল্পৰ বাবে এক কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। যদি এই প্ৰকল্প সফল হয়, তেতিয়া ই হ’ব ভাৰতৰ ডিজিটেল পে’মেণ্ট ব্যৱস্থাৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণ। আৰু এই প্ৰকল্পই বিশ্বৰ লাখ লাখ লোকৰ আৰ্থিক সুৰক্ষা বৃদ্ধি কৰাত সহায় কৰিব।