কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন কেন্দ্ৰৰ
২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ। এইখন অস্থায়ী দৰমহা আয়োগ হ’ব। আয়োগত এজন অধ্যক্ষ, এজন সদস্য আৰু এজন সদস্য-সচিব থাকিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ কামৰ পৰিসৰ, অধ্যক্ষ, সদস্যকে ধৰি কাৰ্যভাৰৰ চৰ্তসমূহত অনুমোদন জনায়। আয়োগৰ পৰামৰ্শসমূহে প্ৰতিৰক্ষা সেৱাৰ কৰ্মীকে ধৰি প্ৰায় ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰায় ৬৯ লাখ পেঞ্চনাৰক সামৰি ল’ব।
অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ অস্থায়ী সংস্থা হ’ব আৰু প্ৰতিষ্ঠাৰ তাৰিখৰ পৰা ১৮ মাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব। আয়োগত এজন অধ্যক্ষ, এজন সদস্য (অংশকালীন), আৰু এজন সদস্য-সচিব থাকিব। প্ৰয়োজন হ’লে আয়োগে চৰকাৰৰ পৰামৰ্শ চূড়ান্ত হোৱাৰ পিছত যিকোনো বিষয়ৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন চৰকাৰক দাখিল কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইক অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ সদস্য হ’ব আই আই এম বেংগালুৰুৰ অধ্যাপক পুলক ঘোষ আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ সচিব পংকজ জৈন।
#Cabinet approves Terms of Reference of 8th Central Pay Commission
The 8th Central Pay Commission will be a temporary body. The Commission will comprise of one Chairperson; One Member (Part Time) and one Member-Secretary. It will make its recommendations within 18 months of…
— PIB India (@PIB_India) October 28, 2025
২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ। এই আয়োগখন অস্থায়ী দৰমহা আয়োগ হ’ব। আয়োগত এজন অধ্যক্ষ, এজন সদস্য, আৰু এজন সদস্য-সচিব থাকিব। আয়োগে গঠনৰ তাৰিখৰ পৰা ১৮ মাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব।
আয়োগে তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত পৰামৰ্শ আগবঢ়াব-
- দেশৰ অৰ্থনৈতিক অৱস্থা আৰু বিত্তীয় বিচক্ষণতাৰ প্ৰয়োজনীয়তা।
- উন্নয়নমূলক ব্যয় আৰু কল্যাণমূলক ব্যৱস্থাৰ বাবে পৰ্যাপ্ত সম্পদ উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা।
- অবদানমূলক পেঞ্চন আঁচনিৰ অপুঁজি খৰচ।
- আয়োগৰ পৰামৰ্শৰ সম্ভাৱ্য প্ৰভাৱ ৰাজ্য চৰকাৰসমূহৰ বিত্তীয় ক্ষেত্ৰত, যিয়ে সাধাৰণতে এই পৰামৰ্শসমূহ কিছু পৰিৱৰ্তনৰ সৈতে গ্ৰহণ কৰে।
- কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে উপলব্ধ দৰমহাৰ গাঁথনি, সুবিধা আৰু কৰ্ম পৰিস্থিতি।
প্ৰতি ১০ বছৰৰ মূৰে মূৰে গঠন কৰা হয় দৰমহা আয়োগ
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি, অৱসৰৰ সুবিধা আৰু অন্যান্য সেৱাৰ অৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় পৰ্যালোচনা কৰি প্ৰয়োজনীয় পৰিৱৰ্তনৰ পৰামৰ্শ দিবলৈ সময়ে সময়ে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয়। সাধাৰণতে দৰমহা আয়োগৰ পৰামৰ্শ প্ৰতি দহ বছৰৰ মূৰে মূৰে কাৰ্যকৰী কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শসমূহ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহৰ প্ৰয়োজনীয় পৰিৱৰ্তনৰ পৰ্যালোচনা আৰু পৰামৰ্শৰ বাবে চৰকাৰে ২০২৫ চনৰ জানুৱাৰী মাহত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল।