শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Budget Expectation: এইবাৰ নিৰ্মলাৰ বাজেটত মধ্যবিত্ত শ্ৰেণীৰ দৰমহাৰ পৰা সঞ্চয় বৃদ্ধি পাবনে ?

এইবাৰ দেওবাৰৰ দিনটোতে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইতিমধ্যে বাজেট সন্দৰ্ভত সাধাৰণ ৰাইজৰ মাজত যথেষ্ট আশা দেখা গৈছে। চৰকাৰে কি কি আশা পূৰণ কৰিব পাৰে?

Budget Expectation: এইবাৰ নিৰ্মলাৰ বাজেটত মধ্যবিত্ত শ্ৰেণীৰ দৰমহাৰ পৰা সঞ্চয় বৃদ্ধি পাবনে ?
Manas Borah
Manas Borah | Published: 25 Jan 2026 14:01 PM

মাজত মাত্ৰ কেইটামান দিন বাকী। তাৰ পাছতে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে। এইবাৰ ১ ফেব্ৰুৱাৰী দেওবাৰ। এইবাৰ দেওবাৰৰ দিনটোতে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইতিমধ্যে বাজেট সন্দৰ্ভত সাধাৰণ ৰাইজৰ মাজত যথেষ্ট আশা দেখা গৈছে। চৰকাৰে কি কি আশা পূৰণ কৰিব পাৰে?

কেন্দ্ৰীয় বাজেট ২০২৫ তেই চৰকাৰে আয়কৰ আৰু জি এছ টিৰ ৰেহাই দিছে। এইবাৰ আয়কৰত নতুন ৰেহাই দিয়াৰ সম্ভাৱনা সেয়েহে কম। কিন্তু বিশেষজ্ঞসকলৰ মতে, আয়কৰৰ সংস্কাৰৰ সুযোগ এতিয়াও আছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰো বাজেটত আয়কৰ ৰেহাই ঘোষণা কৰিব পাৰে।

মধ্যবিত্ত আৰু দৰমহা পোৱা শ্ৰমিকৰ বাবে চৰকাৰে কৰিব পৰা ঘোষণাসমূহ হ’ল-

এইচ আৰ এৰ সুবিধা-

বৰ্তমান মেট্ৰ’ চহৰৰ বাবে এইচ আৰ এ ৰেহাই ৫০ শতাংশ আৰু নন-মেট্ৰ’ চহৰৰ বাবে ৪০ শতাংশ। বিশেষজ্ঞসকলে কয় যে, বহু ক্ষেত্ৰত প্ৰকৃত ভাড়াৰ লগত কোনো সামঞ্জস্যতা নাথাকে। গতিকে এইবাৰ বাজেটত এইচ আৰ এ ৰেহাই ঘোষণা কৰিব পাৰে চৰকাৰে।

NRI ৰ নিয়ম

প্ৰবাসী ভাৰতীয় বা নন-ৰেচিডেণ্ট ভাৰতীয়ৰ ১৮২ দিনৰ আৱাসিক নিয়ম এই বাজেটত ঘূৰাই আনিবলৈ বহুতে অনুৰোধ জনাইছে।

ষ্টেণ্ডাৰ্ড ডিডাকচন

নতুন কৰ গাঁথনিত কৰদাতা আৰু পেঞ্চনাৰসকলে ৭৫ হাজাৰ টকা পৰ্যন্ত ষ্টেণ্ডাৰ্ড ডিডাকচন লাভ কৰে। বিশেষজ্ঞসকলে, এই ষ্টেণ্ডাৰ্ড ডিডাকচন ১ লাখৰ পৰা ১.৫ লাখলৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে।

মূলধনী লাভৰ কৰ ৰেহাই-

২০২৫ চনৰ বাজেটত ১২ লাখ টকা পৰ্যন্ত আয়ৰ বাবে কৰ ৰেহাই দিয়া হৈছিল। আয়কৰ আইনৰ ৮৭ ক ধাৰাত ৬০ হাজাৰ টকা পৰ্যন্ত ৰেহাইৰ ব্যৱস্থা আছে। কিন্তু যিসকলে ইকুইটি শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডৰ পৰা আয় কৰে, যদি তেওঁলোকৰ আয় ১২ লাখ টকাতকৈ কম হয়, তেওঁলোকক এই কৰ ৰেহাইৰ সুবিধা দিয়া নহয়। এইবাৰ ইকুইটি আৰু মিউচুৱেল ফাণ্ডৰ বাবেও কৰ ৰেহাইৰ অনুৰোধ কৰা হৈছে।

স্বাস্থ্য বীমা ৰেহাই-

আগন্তুক বাজেটত এটা দাবী হৈছে- নতুন কৰ গাঁথনিত স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত আয়কৰ ৰেহাই প্ৰদান কৰা। বৰ্তমান এই কৰ ৰেহাই কেৱল পুৰণি কৰ গাঁথনিতহে উপলব্ধ।

ঋণৰ সুত ৰেহাই

বৰ্তমান মুদ্ৰাস্ফীতিৰ বজাৰত যিদৰে ৰিয়েল এষ্টেটৰ দাম বৃদ্ধি পাইছে, ঘৰ কিনাটো প্ৰায় অসাধ্য হৈ পৰিছে। এনে পৰিস্থিতিত বহু বিশেষজ্ঞই, হোম লোনৰ সুত ৫ লাখ টকা পৰ্যন্ত কৰ্তনৰ বাবে অনুৰোধ জনাইছে।