শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আধাৰ আপডেটৰ বাবে এতিয়া দিব লাগিব অধিক ধন, বৃদ্ধি পালে ইমান পৰিমাণৰ মাচুল

ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই নিৰ্ধাৰণ কৰা এই নতুন মাচুল ১ অক্টোবৰ অৰ্থাৎ বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে। ঘোষণা অনুসৰি ২০২৮ চনৰ ৩০ ছেপ্টেম্বৰলৈকে এই মাচুল বৈধ হ’ব। জানো আহক এই বিষয়ে।

আধাৰ আপডেটৰ বাবে এতিয়া দিব লাগিব অধিক ধন, বৃদ্ধি পালে ইমান পৰিমাণৰ মাচুল
আধাৰ কাৰ্ড আপডেটImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Updated On: 02 Oct 2025 16:57 PM

এতিয়া আৰু কম খৰচী হৈ নাথাকিব আধাৰ কাৰ্ড আপডেট প্ৰক্ৰিয়া ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই (UIDAI) আধাৰ সম্পৰ্কীয় সেৱাৰ মাচুল বৃদ্ধিৰ কথা ঘোষণা কৰিছে। এই নতুন মাচুল ১ অক্টোবৰ অৰ্থাৎ বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে ঘোষণা অনুসৰি ২০২৮ চনৰ ৩০ ছেপ্টেম্বৰলৈকে এই মাচুল বৈধ হ’ব। তাৰ পিছত পৰৱৰ্তী সময়ত ২০২৮ চনৰ ১ অক্টোবৰৰ পৰা নতুন মাচুল নীতি কাৰ্যকৰী আৰু ২০৩১ চনৰ ৩০ ছেপ্টেম্বৰলৈকে প্ৰযোজ্য হ’ব।

নতুন মাচুল অনুসৰি UIDAIৰ দ্বাৰা পূৰ্বে ৫০ টকা বা ১০০ টকা মাচুল লোৱা সেৱাৰ মূল্য এতিয়া ক্ৰমে ৭৫ টকা আৰু ১২৫ টকা হ’ব। জনগাঁথনিগত তথ্য যেনে নাম, ঠিকনা, মোবাইল নম্বৰ, আৰু জন্ম তাৰিখ আপডেট কৰাৰ ক্ষেত্ৰত এতিয়া ৭৫ টকা পৰিশোধ কৰিব লাগিব আনহাতে বায়মেট্ৰিক আপডেটৰ (যেনে ফিংগাৰপ্ৰিণ্ট, ফটো আদি) বাবে এতিয়া ১২৫ টকা খৰচ হ’ব।

ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই অৱশ্যে কিছুক্ষেত্ৰত সকাহো প্ৰদান কৰিছে। নতুন নীতি মতে এতিয়া ৫ৰ পৰা ৭ বছৰ আৰু ১৫ৰ পৰা ১৭ বছৰ বয়সৰ শিশু/কিশোৰ-কিশোৰীসকলৰ বাবে এককালীন বায়’মেট্ৰিক আপডেট বিনামূলীয়া হ’ব। ইয়াৰ উপৰিও ৭ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ বাবে বায়’মেট্ৰিক আপডেট মাচুল ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ৰেহাই দিয়া হৈছে।

কিন্তু কোনো ব্যক্তিয়ে যদি আন যিকোনো বয়সত বায়’মেট্ৰিক তথ্য আপডেট কৰিব বিচাৰে, তেতিয়া তেওঁ ২০২৫-২০২৮ চনৰ বাবে ১২৫ টকা আৰু তাৰ পিছত ২০২৮-২০৩১ বৰ্ষৰ বাবে ১৫০ টকা পৰিশোধ কৰিব লাগিব যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডত ঠিকনা বা অন্যান্য নথিপত্ৰ অনলাইনত (myAadhaar পৰ্টেলৰ জৰিয়তে) আপডেট কৰে, তেতিয়া এই সেৱা ২০২৬ চনৰ ১৪ জুনলৈকে বিনামূলীয়া ব।

কিন্তু যদি আপুনি আধাৰ সেৱা কেন্দ্ৰত একে আপডেট কৰে, তেতিয়া আপুনি ৭৫ টকা পৰিশোধ কৰিব লাগিব। যদি আপুনি আপোনাৰ আধাৰ বা eKYC ৰ ৰঙীন কপি বিচাৰে, তেতিয়া আপুনি ২০২৫-২০২৮ চনৰ বাবে ৪০ টকা আৰু ২০২৮-২০৩১ চনৰ বাবে ৫০ টকা মাচুল পৰিশোধ কৰিব লাগিব। ঘৰুৱা আধাৰ সেৱাৰ বাবেও মাচুল নিৰ্ধাৰণ কৰিছে ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই।

যদি কোনো ব্যক্তিয়ে ঘৰতে আধাৰ আপডেট কৰিব বিচাৰে, তেতিয়া জি এছ টি সহ ৭০০ টকা মাচুল পৰিশোধ কৰিব লাগিব। যদি একেটা পৰিয়ালৰ অতিৰিক্ত সদস্যই এই সেৱা ল’ব বিচাৰে, তেতিয়া প্ৰতিজন ব্যক্তিৰ বাবে ৩৫০ লাখ টকা মাচুল প্ৰযোজ্য হ’ব। এই মাচুলসমূহ জনগাঁথনি আৰু বায়’মেট্ৰিক আপডেটৰ বাবে নিয়মীয়া মাচুলৰ পৰা পৃথক হ’ব।