টকাৰ চিন্তা নাই! হাতত ধন নাথাকিলেও এনেকৈ লাভ কৰিব দেশ-বিদেশ ভ্ৰমণৰ সুবিধা…
আপুনিও ভ্ৰমণ কৰি ভাল পাই নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। কিয়নো হাতত টকা নাথাকিলেও EMI ৰ জৰিয়তে আপুনি ভ্ৰমণৰ সুবিধা লাভ কৰিব।
আপুনিও ভ্ৰমণ কৰি ভাল পাই নেকি? তেন্তে এতিয়াৰ পৰা আৰু চিন্তা নাই! কিয়নো হাতত টকা নাথাকিলেও EMI ৰ জৰিয়তে দেশ- বিদেশ ভ্ৰমণৰ সুবিধা আছে। বৰ্তমান ডিজিটেলৰ যুগ। চাহ দোকানৰ পৰা আৰম্ভ কৰি পঞ্চ তাৰকাযুক্ত হোটেললৈকে যিকোনো ঠাইত ডিজিটেলভাৱে ধন প্ৰেৰণ কৰাতো এতিয়া সাধাৰণ কথা। পৰিসংখ্যা অনুসৰি ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ অধিকাংশ দেশক চেৰ পেলাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালয়ত ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত ভাৰতে এক নতুন বিপ্লৱৰ সূচনা কৰিছে। এই কথা স্বীকাৰ কৰি পেইড সংস্থাৰ সহযোগী সঞ্চালক পৰিমল ৰাজে কয় যে, ডিডিটেল পেমেন্টে এতিয়া পৰ্যটন ক্ষেত্ৰতো বিশেষ স্থান লাভ কৰিছে।
টিভি-৯ নেটৱৰ্কৰ উদ্যোগত বৰ্তমান নতুন দিল্লীত চলি আছে ‘দ্যা ৱাৰ্ল্ড ট্ৰেভেল এণ্ড টুৰিজিম ফেষ্টিভেল’। তিনিদিন ধৰি চলিবলগীয়া এই অনুষ্ঠানত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি এই মহোৎসৱৰ তৃতীয় অৰ্থাৎ সামৰণি দিন। টিভি-৯ নেটৱৰ্কে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকি পেইউৰ সহযোগী সঞ্চালকে পৰ্যটন খণ্ডত ডিজিটেল পেমেণ্টৰ পৰিসংখ্যা দাখিল কৰে।
তেওঁ কয় যে, অহা ২ বছৰত পৰ্যটন খণ্ডত ডিজিটেল পেমেন্টৰ আধিপত্য তিনিৰ পৰা চাৰিগুণ পৰ্যন্ত বৃদ্ধি পাব। এই পদক্ষেপৰ দ্বাৰা পৰ্যটন খণ্ড ডিজিটেলভাৱে অধিক শক্তিশালী হৈ পৰিব। ইয়াৰোপৰি মানুহৰ বাবে বিলাসী ভ্ৰমণ সুলভ কৰি তুলিবলৈ ইএমআই সেৱা প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ফলত হাতত পৰ্যাপ্ত ধন নাথাকিলেও মানুহে দেশ-বিদেশ ভ্ৰমণ কৰিব পাৰিব।
টিভি-৯ নেটৱৰ্কে আয়োজন কৰা উক্ত অনুষ্ঠানত আৰু বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। ভ্ৰমণৰ লগতে ইয়াৰ ব্যৱসায়ৰ দিশটোৱেও আলোচনাত স্থান লাভ কৰে। এই অনুষ্ঠানত ভাৰতত গন্তব্য বিবাহৰ ক্ৰমবৰ্ধমান ধাৰা সম্পৰ্কেও আলোচনা কৰা হয়। উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি দেশ-বিদেশৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়।
উল্লেখ্য যে, কোৰোনাৰ সময়ৰ পৰা দেশ ডিজিটেলিভাৱে যথেষ্ঠখিনি আগবাঢ়িছে। বিভিন্নজনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভ্ৰমণৰ ক্ষেত্ৰত ই এম আইৰ ব্যৱস্থা আছে। ইতিমধ্যে বহু ভাৰতীয়ই ইয়াৰ সুবিধা গ্ৰহণ কৰিছে।