শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ধনতেৰাছত সস্তা হ’ল সোণ-ৰূপ, এই সুযোগ আৰু নাপাব, আজিৰ মূল্য চাওক…

আজিৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন হোৱা নাই। কালি ধনতেৰাছৰ দিনটোত সোণ-ৰূপৰ মূল্য সস্তা হোৱা দেখা যায়। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান?

ধনতেৰাছত সস্তা হ’ল সোণ-ৰূপ, এই সুযোগ আৰু নাপাব, আজিৰ মূল্য চাওক…
manas-borah
Manas Borah | Updated On: 19 Oct 2025 09:57 AM

ধনতেৰাছৰ উপলক্ষে ঘৰত সুখ আৰু সমৃদ্ধিৰ বাবে বহুতে সোণ-ৰূপ কিনিছে। আপুনিও নিশ্চয় কিবা এটা কিনাৰ পৰিকল্পনা কৰিছিল। এই ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। সস্তা হৈছে সোণৰ দাম। একেদৰে হ্ৰাস পাইছে ৰূপৰ দাম। যদি আপুনি সোণ বা ৰূপৰ গহনা কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে চাওক কিমান খৰচ হ’ব-

২৪ কেৰেট সোণৰ মূল্য-

গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি ১৯ অক্টোবৰত ২৪ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১৩ হাজাৰ ৮৬ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ৩০ হাজাৰ ৮৬০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১৩ লাখ ৮ হাজাৰ ৬০০ টকা।

২২ কেৰেট সোণৰ মূল্য-

আজি ২২ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১১,৯৯৫ টাকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,৯৫০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১১,৯৯,৫০০ টকা।

১৮ কেৰেট সোণৰ মূল্য-

একেদৰে ১৮ কেৰেট সোণৰ ১ গ্ৰাম আজি মূল্য ৯,৮১৪ টকা। আজি ১০ গ্ৰাম সোণৰ মূল্য ৯৮,১৪০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ৯,৮১,৪০০ টকা।

ৰূপৰ মূল্য-

সোণৰ দাম কমি অহাৰ লগে লগে ৰূপৰ দামও কমিছে। আজি ১০০ গ্ৰাম ৰূপৰ মূল্য ১৭,২০০ টকা। আজি ১ কেজি ৰূপৰ মূল্য ১,৭২,০০০ টকা।