শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৪ খন উৎকৃষ্ট চৰকাৰী বিনিয়োগ আঁচনি, লাভ কৰিব কৰমুক্ত ৰিটাৰ্ণ, নপৰে বজাৰৰ উত্থান-পতনৰ প্ৰভাৱ

বজাৰত বিনিয়োগৰ বাবে এনে বহু আঁচনি আছে, য’ত ধন জমা ৰাখিলে কেইদিনমানৰ ভিতৰতে ফিক্সড ৰিটাৰ্ণ পায়। অৱশ্যে এই বিনিয়োগ পৰিকল্পনাত যথেষ্ট ৰিস্ক আছে। বজাৰৰ উত্থান-পতনে সেইবোৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। কিন্তু চৰকাৰে এনে কিছুমান বিনিয়োগ আঁচনি চলাই আছে, য’ত বিনিয়োগকাৰীয়ে ফিক্সড ৰিটাৰ্ণ লাভ কৰে আৰু ৰিস্কো কমি যায়।

৪ খন উৎকৃষ্ট চৰকাৰী বিনিয়োগ আঁচনি, লাভ কৰিব কৰমুক্ত ৰিটাৰ্ণ, নপৰে বজাৰৰ উত্থান-পতনৰ প্ৰভাৱ
চৰকাৰী বিনিয়োগ আঁচনি
Trishna Kalita
Trishna Kalita | Published: 13 Apr 2025 09:21 AM

শ্বেয়াৰ বজাৰৰ অস্থিৰতা আৰু বিশ্বৰ উত্তেজনাৰ মাজতে বজাৰত এনে কিছুমান আঁচনি আছে য’ত আপোনাৰ ধন সুৰক্ষিত কৰি ৰাখিব পাৰিব। ডাকঘৰৰ কিছুমান আঁচনিৰ বিষয়ে ক’ম, য’ত আপুনি কৰমুক্ত সুত লাভ কৰিব। বজাৰত বিনিয়োগৰ বাবে এনে বহু আঁচনি আছে, য’ত ধন জমা ৰাখিলে কেইদিনমানৰ ভিতৰতে ফিক্সড ৰিটাৰ্ণ পায়। অৱশ্যে এই বিনিয়োগ পৰিকল্পনাত যথেষ্ট ৰিস্ক আছে। বজাৰৰ উত্থান-পতনে সেইবোৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। কিন্তু চৰকাৰে এনে কিছুমান বিনিয়োগ আঁচনি চলাই আছে, য’ত বিনিয়োগকাৰীয়ে ফিক্সড ৰিটাৰ্ণ লাভ কৰে আৰু ৰিস্কো কমি যায়। ডাকঘৰৰ সেই আঁচনিবোৰৰ কিছুমানৰ বিষয়ে আজি আপোনাক ক’ম।

ডাকঘৰৰ আঁচনি

চৰকাৰৰ হাতত কিছুমান আঁচনি আছে, য’ত বেংকৰ জৰিয়তে বিনিয়োগ কৰিব পাৰি। কিন্তু আমি আপোনালোকক ডাকঘৰৰ ৩ খন এনে আঁচনিৰ বিষয়ে ক’ম, য’ত আপুনি নিৰ্দিষ্ট সুত লাভ কৰিব আৰু ৰিস্ক কম। বজাৰ ওপৰলৈ উঠি যাওক বা তললৈ নামি ৰঙা হৈ যাওক। আপোনাৰ টকাৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

সুকন্যা সমৃদ্ধি আঁচনি

সুকন্যা সমৃদ্ধি যোজনা এখন অতি উপকাৰী আঁচনি যিখন চৰকাৰে বিশেষকৈ কন্যা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰি উলিয়াইছে। যত আপুনি আপোনাৰ কন্যাৰ নামত বছৰি নূন্যতম ২৫০ টকাৰ পৰা সৰ্বাধিক ১.৫ লাখ টকা বিনিয়োগ কৰিব পাৰিব। বৰ্তমান এই আঁচনিখনে প্ৰায় ৮.২০% সুতৰ হাৰ প্ৰদান কৰে। যাৰ বাবে আঁচনিখনক যথেষ্ট আকৰ্ষণীয় কৰি তোলা হৈছে। ইয়াৰ উপৰিও আঁচনিখনে ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাইৰ সুবিধা আছে, যিয়ে বিনিয়োগকাৰীক কৰ সঞ্চয়ৰ সুবিধা প্ৰদান কৰে।

পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (পিপিএফ)

চৰকাৰৰ দ্বাৰা পৰিচালিত এক নিৰাপদ আৰু দীৰ্ঘম্যাদী সঞ্চয় আঁচনি হৈছে ৰাজহুৱা ভৱিষ্য পুঁজি। যিসকলে ৰিস্ক মুক্ত বিনিয়োগ বিচাৰে তেওঁলোকৰ বাবে এইটো একেবাৰে উপযুক্ত। ইয়াত এবছৰত নূন্যতম ৫০০ টকাৰ পৰা সৰ্বাধিক ১.৫ লাখ টকা বিনিয়োগ কৰিব পাৰিব। বৰ্তমান পিপিএফৰ সুতৰ হাৰ প্ৰায় ৭.১০%। ইয়াৰ মুঠ সময়সীমা ১৫ বছৰ, আৰু ই কৰ সঞ্চয়ৰ লগতে সুস্থিৰ ৰিটাৰ্ণৰ বাবেও এক ভাল বিকল্প। এই ক্ষেত্ৰতো ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাই উপলব্ধ।

ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (NSC) আঁচনি

ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ হৈছে ডাকঘৰৰ শীৰ্ষ বিনিয়োগ আঁচনি, যিখন নিৰাপদ আৰু উচ্চ লাভৰ বাবে জনপ্ৰিয়। ইয়াত আপুনি নূন্যতম ১০০০ টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰিব পাৰে, আৰু সৰ্বোচ্চ বিনিয়োগৰ কোনো সীমা নাই। বিনিয়োগকাৰীয়ে NSCত প্ৰায় ৭.৭০% সুতৰ হাৰ লাভ কৰে। এই আঁচনিখনে ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাইও প্ৰদান কৰে। যাৰ ফলত ই সঞ্চয় আৰু কৰ সুবিধা দুয়োটাৰে বাবে এক উৎকৃষ্ট পছন্দ। যিসকলে সুস্থিৰ আৰু বিপদমুক্ত বিনিয়োগ বিচাৰিছে তেওঁলোকৰ বাবে এইটোৱেই উত্তম।