Aadhaar-ৰ বায়’মেট্ৰিক আপডেট নকৰিলে হ’ব বিপদ! এইদৰে ক’লে UIDAI এ…
Aadhaar Card: উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সন্দৰ্ভত শুনানি চলি আছে। ইফালে ভাৰতীয় UIDAI অৰ্থাৎ ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই দেশৰ নাগৰিকলৈ অনুৰোধ জনাইছে।

আধাৰ কাৰ্ড ভাৰতীয়ৰ অন্যতম প্ৰধান পৰিচয় পত্ৰ। কিন্তু আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়। উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্বাচন আয়োগক আধাৰ কাৰ্ডৰ লগতে নাগৰিকত্বৰ বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু ইয়াৰ মাজতে UIDAI এ দেশৰ নাগৰিকলৈ অনুৰোধ জনাইছে।
যিসকলে নিজৰ সন্তানৰ শিশুকালতে আধাৰ কাৰ্ড প্ৰস্তুত কৰিছিল, তেওঁলোকক সন্তানৰ ৭ বছৰ হ’লে আধাৰ কাৰ্ড আপডেট কৰিবলৈ পৰামৰ্শ দিছে UIDAI এ ।বৰ্তমানৰ আধাৰ নিয়মৰ অধীনত এই আপডেট কৰিব পৰা যাব বুলি ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই জনাইছে। যিসকল শিশুৰ আপডেট হোৱা নাই, তেওঁলোকৰ বায়’মেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক হ’ব।
দেশৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই আপডেট ঘৰতে কৰিব নোৱাৰিব বুলি কৈছে। আধাৰ আপডেট কৰিবলৈ আপুনি যিকোনো আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব।
অৱশ্যে আপোনাৰ ঘৰৰ ওচৰত আধাৰ নামভৰ্তি কেন্দ্ৰ বা আধাৰ সেৱা কেন্দ্ৰ ক’ত আছে সেয়া চাবলৈ ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াৰ ৱেবছাইট https://uidai.gov.in লৈ যাব । তাত ‘Locate an Enrollment Center’ বিকল্পত গৈ আধাৰ কেন্দ্ৰ ক’ত আছে জানিবলৈ আপোনাৰ ৰাজ্য আৰু চহৰৰ নাম দিয়ক। এইদৰে আপুনি চাই আধাৰৰ বায়’মেট্ৰিক আপডেট কৰিব পাৰিব।