এখন লীজত লোৱা বিমান আৰু দুই বন্ধুৰ আকাশ স্পৰ্শৰ স্বপ্ন… কিদৰে আকাশী যাত্ৰাৰ অঘোষিত ৰজা হৈ পৰিছিল IndiGo?
ভাৰতৰ বিমান বজাৰৰ ৬০ শতাংশ ইণ্ডিগ’ই নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ প্ৰতি ১০ জন বিমান যাত্ৰীৰ ভিতৰত ৬ জনেই ইণ্ডিগ’ বিমানত যাত্ৰা কৰে। দৈনিক ২০০০ৰো অধিক বিমান চলাচল কৰে সংস্থাটোৰ। পিছে ইণ্ডিগ’ কিদৰে দেশৰ অগ্ৰণী বিমান সংস্থা হৈ পৰিল জানেনে?
বিগত প্ৰায় এসপ্তাহ ধৰি বিমান সেৱাত বাধাৰ সন্মুখীন হৈছে ইণ্ডিগ’। কাৰ্যতঃ বিমান সংস্থাটোৱে এই সময়ছোৱাত সমগ্ৰ দেশকে প্ৰায় স্তব্ধ কৰি তুলিছে। প্ৰতিদিনে বাতিল কৰা হৈছে সংস্থাটোৰ শ শ বিমান সেৱা। আজিও ইণ্ডিগ’ৰ ৩৫০খনতকৈও অধিক বিমান বাতিল কৰা হৈছে। এনে পৰিস্থিতিত চৰম সমস্যাৰ সন্মুখীন হৈছে বিমান যাত্ৰীসকল। লক্ষণীয়ভাৱে ভাৰতৰ বিমান বজাৰৰ ৬০ শতাংশ ইণ্ডিগ’ই নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ প্ৰতি ১০ জন বিমান যাত্ৰীৰ ভিতৰত ৬ জনেই ইণ্ডিগ’ বিমানত যাত্ৰা কৰে। দৈনিক ২০০০ৰো অধিক বিমান চলাচল কৰে সংস্থাটোৰ। পিছে ইণ্ডিগ’ কিদৰে দেশৰ অগ্ৰণী বিমান সংস্থা হৈ পৰিল জানেনে?
এই ইণ্ডিগ’ৰ জন্মৰ আঁৰত আছিল দুই বন্ধুৰ আকাশ স্পৰ্শ কৰাৰ স্বপ্ন। এই দুই বন্ধুৰ নাম আছিল ৰাহুল ভাটিয়া আৰু ৰাকেশ গংগোৱাল। দেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ ওপৰত আলোকপাত কৰাৰ ধাৰণাৰে ‘ইণ্ডিয়া অন দ্য গ’ বাক্যাংশৰ পৰা বিমান সংস্থাটোৰ নাম ইণ্ডিগ’ ৰখা হৈছিল।
২০০৫ চনত যেতিয়া ইণ্ডিগ’ই প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল, তেওঁলোকৰ হাতত আছিল মাত্ৰ এখন বিমান। সেই বিমানখনো লিজতহে লোৱা হৈছিল। সেই সময়ত ভাৰতৰ আকাশত আধিপত্য বিস্তাৰ কৰিছিল জেট এয়াৰৱেজে। অৰ্থাৎ এই সংস্থাটোৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল এয়াৰ ইণ্ডিয়া।
তদুপৰি সেই সময়ত বিজয় মালিয়াই কিংফিচাৰ এয়াৰলাইঞ্চো আৰম্ভ কৰিছিল। মালিয়াৰ এই নতুন সংস্থাই বিমান যাত্ৰাৰ অভিজ্ঞতা সলনি কৰাৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। গতিকে এই দুটাকৈ প্ৰতিদ্বন্দী বিমান সংস্থাৰ সৈতে ইণ্ডিগ’ৰ প্ৰতিযোগিতা মুঠেও সহজ নাছিল। কিন্তু এই কঠিন প্ৰতিযোগিতাত হাৰ নামানিলে তেওঁলোকে।
মাত্ৰ কেইবছৰমানৰ ভিতৰতে ইণ্ডিগ’ হৈ পৰিল এয়াৰলাইঞ্চৰ অঘোষিত ৰজা। সেই সময়ত বিশ্বৰ বজাৰত মাত্ৰ দুটা বিমান নিৰ্মাতা কোম্পানী আছিল, বয়িং আৰু এয়াৰবাছ। আন সকলো ভাৰতীয় বিমান সংস্থাই পূৰ্বে বয়িং বিমান ক্ৰয় কৰিছিল। কিন্তু ইণ্ডিগ’ৱে বয়িঙৰ পৰিৱৰ্তে এয়াৰবাছৰ পৰা ১০০খন বিমান ক্ৰয় কৰিব বুলি ঘোষণা কৰে।
এয়াৰবাছেও ভাৰতীয় বজাৰত প্ৰৱেশৰ সুযোগ হেৰুৱাব বিচৰা নাছিল। সেয়ে এয়াৰবাছে ৪০-৫০ শতাংশ ৰেহাই মূল্যতে ইণ্ডিগ’ক বিমান বিক্ৰী কৰিছিল। দুই বন্ধু ৰাহুল আৰু ৰাকেশে এয়াৰবাছৰ পৰা আধা দামত ১০০ খন এ৩২০ বিমান ক্ৰয় কৰিছিল আৰু পিছত অধিক দামত বিক্ৰী কৰিছিল। এইদৰে দুয়ো বন্ধুৱে ২০০ কোটি টকা উপাৰ্জন কৰে।
সেই ধন ব্যৱহাৰ কৰি ইণ্ডিগ’ৱে বিমান লিজত লৈ দেশৰ ডাঙৰ ডাঙৰ চহৰলৈ উৰাজাহাজ চলাচল আৰম্ভ কৰে। ইণ্ডিগ’ৰ সফলতাৰ আঁৰৰ কাৰণ আছিল মধ্যবিত্ত শ্ৰেণীৰ লোকসকল, তেওঁলোকৰ বিমানত উঠাৰ সপোন পূৰণ কৰিছিল ইণ্ডিগ’ৱে। আৰম্ভণিৰে পৰাই ইণ্ডিগ’ৰ লক্ষ্য আছিল সস্তা বিমান সেৱা প্ৰদান কৰা। এই পদক্ষেপে ইণ্ডিগ’ক দেশৰ জনসাধাৰণৰ মাজত পৰিচয় কৰাই দিয়ে।
২০১১ চনত ইণ্ডিগ’ই ১৮০খন এ৩২০ বিমান ক্ৰয় কৰিছিল। ২০১২ চনত ইণ্ডিগ’ই ৫০ কোটি যাত্ৰীক সেৱা আগবঢ়োৱাৰ অভিলেখ গঢ়িছিল। লাহে লাহে ইণ্ডিগ’ দেশৰ সৰ্ববৃহৎ বিমান সংস্থা হিচাপে পৰিগণিত হয়। তাৰ পিছত ২০১৫ চনত ইণ্ডিগ’ই আৰু ১০০খন বিমানৰ অৰ্ডাৰ দিয়ে। পুনৰ ২০১৯ চনত সংস্থাটোৱে আৰু ২৫০খন বিমানৰ অৰ্ডাৰ দিয়ে।
২০২০ চনত ক’ভিদ মহামাৰীৰ সময়ত অসামৰিক বিমান পৰিবহণ বন্ধ আছিল, কিন্তু বন্ধ হোৱা নাছিল ইণ্ডিগ’ৰ যাত্ৰা। সংস্থাটোৱে আৰম্ভ কৰে কাৰ্গো সেৱা। এইদৰে ক্ৰমাৎ ব্যৱসায়টো আগবঢ়া ইণ্ডিগ’ৱে ২০২৩ চনত আৰু ৫০০খন নতুন বিমান অৰ্ডাৰ দিছিল।
একে বছৰতে ইণ্ডিগ’ই ১ বিলিয়ন যাত্ৰীক সেৱা আগবঢ়োৱাৰ অভিলেখ গঢ়িছিল। আজি ইণ্ডিগো ভাৰতৰ সৰ্ববৃহৎ বিমান সংস্থা আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম বিমান সংস্থা। ২০২৫ চনলৈকে ভাৰতীয় বিমান বজাৰত ইণ্ডিগ’ৰ ৬৪.২ শতাংশ অংশীদাৰিত্ব আছে।