শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দূৰ হ’বনে অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা! মৰাপাত যোগানিয়াৰক প্ৰাপ্য ধন আদায়ৰ আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ

মৰাপাট কলটোৰ অচলাৱস্থা দূৰ কৰিবলৈ বুধবাৰে অসম সমবায় মৰাপাট কলৰ অধ্যক্ষ, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ সমজিলাৰ সভাকক্ষত এক জৰুৰী সভা আহ্বান কৰি বৈঠকত মিলিত হয়। পৰিচালনা মণ্ডলীৰ জৰুৰী সভাত উপস্থিত সকলো সদস্যই মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ বিৰুদ্ধে উত্থাপিত কৰে কেতবোৰে গুৰুত্বপূৰ্ণ অভিযোগ।

দূৰ হ’বনে অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা! মৰাপাত যোগানিয়াৰক প্ৰাপ্য ধন আদায়ৰ আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ
গুৰুত্বপূৰ্ণ বৈঠকত মন্ত্ৰী কেশৱ মহন্ত
monjit-dutta
Monjit Dutta | Updated On: 08 Dec 2025 16:27 PM

নগাঁও জিলাৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন গোট বন্ধ হৈ পৰাৰ পিছতে অচলাৱস্থাই দেখা দিছে মৰাপাট উদ্যোগটোত। মৰাপাট কলটোৰ প্ৰথম ইউনিট আৰু দ্বিতীয় ইউনিটৰ উৎপাদন গোটৰ দায়িত্বত থকা পশ্চিম বংগৰ চুনু এণ্টাৰপ্ৰাইজৰ সৈতে মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ সৈতে চলি থকা আভ্যন্তৰীণ সংঘাতৰ পৰিণতিয়ে এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে উদ্যোগটোলৈ। ২০১৯ চনৰ পৰা মৰাপাট যোগানিয়াৰে অসম সমবায় মৰাপাট কলৰ পৰা পাবলগীয়া হৈ আছে ৮ কোটি টকা।

তদুপৰি বিগত তিনি মাহত মৰাপাট যোগানিয়াৰে মৰাপাট কলটোৰ পৰা পাবলগীয়া হৈ আছে ৫ কোটিৰো অধিক টকা। যাৰ বাবে মৰাপাট যোগানিয়াৰে কলটোলৈ এতিয়া মৰাপাট যোগান ধৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। শেহতীয়াকৈ মৰাপাটৰ দাম অত্যধিক হাৰত বৃদ্ধি পোৱাত সংকটত পৰিছে মৰাপাট কলটোৰ দুয়োটা ইউনিটৰ উৎপাদন গোট লিজত লোৱা মেচাৰ্চ চুনু এণ্টাৰপ্ৰাইজ।

ইফালে চুনু এণ্টাৰপ্ৰাইজৰ হৈ মৰাপাট কলটোৰ উপ-পৰিচালন সঞ্চালকৰ দায়িত্বত থকা শশী প্ৰকাশ পুৰুহিতে প্ৰাণৰ সংশয়ত ভুগি কোনো গোপন স্থানত আত্মগোপন কৰা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত অসম সমবায় মৰাপাট কলৰ পৰিচালনা মণ্ডলীৰ সদস্য সকলৰ লগতে মৰাপাট যোগানিয়াৰ সকল চিন্তিত হৈ পৰিছে।

মৰাপাট কলটোৰ অচলাৱস্থা দূৰ কৰিবলৈ বুধবাৰে অসম সমবায় মৰাপাট কলৰ অধ্যক্ষ, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ সমজিলাৰ সভাকক্ষত এক জৰুৰী সভা আহ্বান কৰি বৈঠকত মিলিত হয়। পৰিচালনা মণ্ডলীৰ জৰুৰী সভাত উপস্থিত সকলো সদস্যই মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ বিৰুদ্ধে উত্থাপিত কৰে কেতবোৰে গুৰুত্বপূৰ্ণ অভিযোগ।

পৰিচালন সঞ্চালক গুণমনি গগৈৰ কাৰ্যকালত মৰাপাট কলটোত সংঘটিত বিত্তীয় কেলেংকাৰীৰ তথ্য বিভাগীয় প্ৰতিবেদনত প্ৰকাশ পোৱাত পৰিচালন সঞ্চালকগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে সদস্য সকল। মৰাপাট কলটোৰ আভ্যন্তৰীণ সংঘাত দূৰ কৰিবলৈ কলটোৰ অধ্যক্ষ কেশৱ মহন্তই এগৰাকী ৰাজপত্ৰিত বিষয়াক দায়িত্ব দিয়াত কলিয়াবৰ সমজিলাৰ আয়ুক্ত গৰাকীৰ সৈতে পুনৰ বৈঠকত মিলিত হয় পৰিচালনা মণ্ডলীৰ সদস্য সকল।

পৰিচালন মণ্ডলীৰ সদস্য সকলৰ আন এখন বৈঠকত কলটোৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ পৰিৱৰ্তে এগৰাকী চৰকাৰী ৰাজপত্ৰিত বিষয়াক মৰাপাট কলটোৰ দায়িত্ব অৰ্পণ কৰিবলৈ লিখিত পৰামৰ্শ আগবঢ়ায়। ইফালে কলিয়াবৰ সমজিলাৰ সহকাৰী আয়ুক্ত হিমাশ্ৰী ডেকাই মৰাপাট যোগানিয়াৰ সকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়।

সহকাৰী আয়ুক্ত গৰাকীৰ সমুখত মৰাপাট যোগানিয়াৰ সকলে প্ৰাপ্য ধন আদায় দিলে এসপ্তাহৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ মৰাপাট যোগান ধৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে। অৱশ্যে ইয়াৰ পিছতো মৰাপাত যোগানিয়াৰ সকলৰ প্ৰাপ্য অনাদায়ী ধনৰ বিষয়টো বৰ্তমানলৈকে কোনো সমাধান হোৱা নাই।

ইফালে মৰাপাট যোগনিয়াৰ সকলে অসম সমবায় মৰাপাট কলৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তক সাক্ষাৎ কৰি প্ৰাপ্য ধনৰ প্ৰসংগ অৱগত কৰে। মন্ত্ৰী কেশৱ মহন্তই যোগানিয়াৰ সকলৰ প্ৰাপ্য ধন শীঘ্ৰেই আদায়ৰ আশ্বাস প্ৰদান কৰিছে বুলি মৰাপাট যোগানিয়াৰ সকলে জানিব দিয়ে।