শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰোল, পিজ্জা-বিৰিয়ানি সকলো মাত্ৰ ৯৯ টকাতে! Swiggyএ আনিছে বাম্পাৰ অফাৰ, এতিয়াই উঠাওক সুবিধা

Swiggy এপে এতিয়া খাদ্যৰসিকলৈ আনিছে এক অনন্য অফাৰ। কম খৰচতে এতিয়া খাদ্যৰসিকসকলে লাভ কৰিব নানা সুস্বাদু খাদ্যৰ সোৱাদ। সাধাৰণতে খাদ্যৰ অনলাইন অৰ্ডাৰ দিলে ৩০০-৪০০ টকা পৰ্যন্ত খৰচ হ’ব পাৰে। এতিয়া Swiggy- এ অধিক ধন খৰচৰ এই শংকা দূৰ কৰিছে।

ৰোল, পিজ্জা-বিৰিয়ানি সকলো মাত্ৰ ৯৯ টকাতে! Swiggyএ আনিছে বাম্পাৰ অফাৰ, এতিয়াই উঠাওক সুবিধা
Swiggyৰ বাম্পাৰ অফাৰImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Updated On: 04 Jul 2025 22:01 PM

নিয়মিত ঘৰতে ৰন্ধা খাদ্য খাই কেতিয়াবা আমাৰ সকলোৰে আমনি লাগিব পাৰে তেতিয়া বাহিৰৰ খাদ্যৰ সোৱাদ বলৈ মন যোৱাটো স্বাভাৱিক ঘৰতে বহি বাহিৰৰ খাদ্যৰ সোৱাদ বলৈ আমি অনলাইন ফুড ডেলিভাৰী এপৰ জৰিয়তে খাদ্য অনলাইন কৰিব পাৰোঁ কেতিয়াবা অত্যধিক ব্যস্ততাৰ বাবে সময় ৰাহি কৰিবলৈও এনে এপৰ জৰিয়তে খাদ্য অৰ্ডাৰ কৰিব পাৰে খাদ্যৰসিকৰ এনে এক প্ৰিয় এপ হৈছে Swiggy

এই Swiggy এপে এতিয়া খাদ্যৰসিকলৈ আনিছে এক অনন্য অফাৰ কম খৰচতে এতিয়া খাদ্যৰসিকসকলে লাভ কৰিব নানা সুস্বাদু খাদ্যৰ সোৱাদসাধাৰণতে খাদ্যৰ অনলাইন অৰ্ডাৰ দিলে ৩০০-৪০০ টকা পৰ্যন্ত খৰচ পাৰে এতিয়া Swiggy- অধিক ধন খৰচৰ এই শংকা দূৰ কৰিছে

মাত্ৰ ১০০ টকাতকৈও কম মূল্যত Swiggy- এ আপোনাৰ দুৱাৰমুখত পছন্দৰ খাদ্য ডেলিভাৰী কৰিব। এই অনলাইন ফুড ডেলিভাৰী এপটোৱে এক নতুন শাখা ঘোষণা কৰিছে খাদ্যৰ এই নতুন শাখাটোৰ জৰিয়তে মাত্ৰ ৯৯ টকাত এজন ব্যক্তিয়ে নিজৰ পছন্দৰ সুস্বাদু খাদ্য লাভ কৰিব

দাম কম লেও পিছে এই শাখাটোত খাদ্যৰ একাধিক বিকল্প থাকিব। ৰোল, বিৰিয়ানি, পিজ্জাৰ পৰা আৰম্ভ কৰি নুডলছ, মম, বাৰ্গাৰ, কেক, ডোছালৈকে সকলো খাদ্য উপলব্ধ এই শাখাটোতমূলতঃ নতুন প্ৰজন্মৰ গ্ৰাহকৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সুলভ মূল্যৰ খাদ্য ডেলিভাৰীৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে Swiggy- এ।

বৰ্তমান Swiggy- বাংগালুৰু, কলকাতা, দিল্লী, পুনে, আহমেদাবাদ, হায়দৰাবাদ, চেন্নাই, লক্ষ্ণৌ, ত্ৰিবেন্দ্ৰম, তিৰুপতি, ভূপাল, মহীশূৰ, লুধিয়ানাকে ধৰি দেশৰ ১৭৫ খন চহৰত এই সেৱা আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত দেশৰ আন চহৰতো এই ডেলিভাৰী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে প্ৰতিষ্ঠানটোৱে।

ইফালে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ‘ইক’-ছেভ’ খাদ্য যোগান ধৰা হ’ব বুলি Swiggy- এ উল্লেখ কৰিছে। এই সেৱা কিদৰে অধিক লোকৰ কাষ চপাব পাৰি সেই সম্পৰ্কে ৰেষ্টুৰেণ্ট আৰু ডেলিভাৰী অংশীদাৰীসমূহৰ সৈতে আলোচনা চলি আছে বুলিও জানিবলৈ দিয়া হৈছে।