বিনিয়োগত লাভ ক’ত বেছি? SIP নে PPF, অধিক ৰিটাৰ্ণৰ বাবে উত্তম কোনটো?
ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাতো অতিকৈ গুৰুত্বপূৰ্ণ। বিনিয়োগকাৰীয়ে দীৰ্ঘম্যাদীভাৱে ক’ৰ পৰা ডাঙৰ ৰিটাৰ্ণ পাব, মিউচুৱেল ফাণ্ড নে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড? হিচাপটো চাওঁ আহক।

উপাৰ্জন কৰিবলৈ আৰম্ভ কৰাৰ পিছতেই আপোনাক নিশ্চয় টকা সঞ্চয় কৰিবলৈ কয় পৰিয়ালৰ সদস্য বা শুভাকাংক্ষীয়ে। যিসকল অলপ পুৰণিকলীয়া মানুহ, তেওঁলোকে এতিয়াও টকা সঞ্চয় কৰিবলৈ ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিট বা পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ কথা কয়। ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডত বিনিয়োগৰ কথা বেছিকৈ কোৱা শুনা নাযায়। কাৰণ, মিউচুৱেল ফাণ্ড বা ষ্টক মাৰ্কেটত ৰিস্ক বহুত বেছি।
কিন্তু বিনিয়োগকাৰীয়ে দীৰ্ঘম্যাদীভাৱে ক’ৰ পৰা ডাঙৰ ৰিটাৰ্ণ পাব, মিউচুৱেল ফাণ্ড নে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড? হিচাপটো চাওঁ আহক।
যদি আপুনি বছৰি ৯০ হাজাৰ টকা ৰাজহুৱা ভৱিষ্য নিধিত জমা কৰে, তেন্তে ১৫ বছৰৰ পাছত জমা কৰা মুঠ ধনৰাশি হ’ব ১৩ লাখ ৫০ হাজাৰ। পিপিএফৰ ক্ষেত্ৰত বছৰি ৭.১ শতাংশ সুতৰ হাৰ। সেই অনুসৰি মেচিউৰিটিৰ পৰিমাণ প্ৰায় ২৪ লাখ ৪০ হাজাৰ টকা। কিন্তু পিপিএফত বিনিয়োগ কৰিলে পোৱা ৰিটাৰ্ণৰ ওপৰত কোনো কৰ নাথাকে।
এতিয়া SIPৰ হিচাপ কৰা যাওক। বছৰি ৯০ হাজাৰ টকা অৰ্থাৎ মাহে ৭ হাজাৰ ৫০০ টকা বিনিয়োগ কৰিলে সেই বিনিয়োগৰ পৰিমাণ ১৫ বছৰত ১৩ লাখ ৫০ হাজাৰ টকা হ’ব। তথ্য অনুসৰি বিনিয়োগকাৰীয়ে যদি কোনো ইনডেক্স পুঁজিত বিনিয়োগ কৰে তেন্তে তেওঁ ১১.৫ শতাংশ লাভৰ আশা কৰিব পাৰে। এই ৰিটাৰ্ণ ল’লে বিনিয়োগ আৰু ৰিটাৰ্ণকে ধৰি মুঠ টকাৰ পৰিমাণ ১৫ বছৰৰ পাছত প্ৰায় ৩৪ লাখ ২০ হাজাৰ টকা হ’ব।
যদি বিনিয়োগকাৰীয়ে মিড কেপ ফাণ্ডত বিনিয়োগ কৰাৰ কথা ভাবে, তেন্তে তেওঁ দীৰ্ঘম্যাদীভাৱে ১৫ শতাংশ লাভৰ আশা কৰিব পাৰে। এনে হ’লে তেওঁৰ ১৩ লাখ ৫০ হাজাৰ টকাৰ বিনিয়োগ ৪৬ লাখ ২২ হাজাৰ টকা হ’ব। যদি বিনিয়োগকাৰীয়ে বহুত সাহসেৰে স্মল কেপ ফাণ্ডত বিনিয়োগ কৰে, তেন্তে তেওঁ ১৮ শতাংশ ৰিটাৰ্ণৰ আশা কৰিব পাৰে। যদি তেওঁ সেই পৰিমাণৰ ৰিটাৰ্ণ পায় তেন্তে তেওঁৰ বিনিয়োগ আৰু ৰিটাৰ্ণৰ মুঠ পৰিমাণ ৬০ লাখ ৮ হাজাৰ টকা হ’ব।
কিন্তু এছ আই পিয়ে কেনেধৰণৰ ৰিটাৰ্ণ দিয়ে? যোৱা ১০ বছৰৰ তথ্য অনুসৰি এটা স্মল কেপ ফাণ্ডে সৰ্বোত্তম ৰিটাৰ্ণ দিছে। বছৰি গড়ে প্ৰায় ২৫ শতাংশ। আটাইতকৈ বেয়া ৰিটাৰ্ণ আহিছে এটা লাৰ্জ কেপ ফাণ্ডৰ পৰা। বছৰি গড়ে ১৫ শতাংশ। ফলত বিগত সময়ৰ তথ্যই দেখুৱাইছে যে এছআইপিসমূহেও দীৰ্ঘম্যাদীভাৱে ভাল ৰিটাৰ্ণ দিব পাৰে।
যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক। এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমে বিনিয়োগৰ কোনো পৰামৰ্শ নিদিয়ে।
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ থাকে। গতিকে প্ৰথমে বিনিয়োগৰ সকলো নথি-পত্ৰ ভালদৰে পঢ়ক। তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক।