বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনাঢ্য অভিনেতাৰ তালিকাত শ্বাহৰুখ খানৰ নাম, মুঠ সম্পত্তি কিমান জানেনে?
বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনী অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বলীউডৰ বাদছাহ অৰ্থাৎ শ্বাহৰুখ খান। এই তালিকাত অন্তৰ্ভুক্ত একমাত্ৰ ভাৰতীয় আৰ্টিছ শ্বাহৰুখ । এই তালিকাত তেওঁৰ ৰেংকিং কিমান আৰু তেওঁৰ ওপৰত কোন আছে? সকলো জানো আহক

বলীউডৰ কিং শ্বাহৰুখ খান হিন্দী ছবি জগতৰ অন্যতম ব্যয়বহুল অভিনেতা হোৱাই নহয়, তেওঁ বলীউডৰ আটাইতকৈ ধনী অভিনেতাও। কিন্তু এতিয়া তেওঁৰ ধন-সম্পত্তি আৰু খ্যাতিৰ যাদু কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে দেখা গৈছে। যাব বাবে বিশ্বৰ শীৰ্ষ ১০ ধনী অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা একমাত্ৰ ভাৰতীয় শ্বাহৰুখ খান।
এস্কোৱায়াৰ মেগাজিনৰ ২০২৫ চনৰ শীৰ্ষ ১০ গৰাকী ধনী অভিনেতাৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে শ্বাহৰুখ খান। আনকি জেকী চান আৰু টম হেংকছৰ দৰে অভিনেতাৰ ওপৰত আছে তেওঁ। শ্বাহৰুখৰ নেট ৱৰ্থ কিমান?
শ্বাহৰুখ খানৰ সম্পত্তি
এই তালিকাত শ্বাহৰুখ খানৰ সম্পত্তিৰ পৰিমাণ ৮৭.৬৫ কোটি ডলাৰ বুলি অনুমান কৰা হৈছে। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি ৭৩৮০.৯৩ কোটি টকা। এই সম্পত্তিৰ সৈতে বিশ্বৰ চতুৰ্থ ধনী অভিনেতা হৈ পৰিছে শ্বাহৰুখ খান। অভিনয়ৰ উপৰিও শ্বাহৰুখ খানৰ উপাৰ্জন তেওঁৰ প্ৰডাকচন হাউচ, ভিএফএক্স পোষ্ট প্ৰডাকচন কোম্পানী, এণ্ডাৰ্ছমেণ্ট আৰু আইপিএল টীমৰ পৰা আহে।
বিশ্বৰ আটাইতকৈ ধনী অভিনেতা
এই তালিকাৰ প্ৰথম স্থানত আছে হলিউডৰ তাৰকা আৰ্নল্ড শ্ব’ৱাৰ্জেঞ্জাৰ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.৪৯ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। ইয়াৰ পিছত দ্বিতীয় স্থানত আছে ড্ৱেইন ‘দ্য ৰক’ জনছন, যাৰ সম্পত্তিৰ পৰিমাণ ১.১৯ বিলিয়ন ডলাৰ। শ্বাহৰুখ খানৰ ঠিক ওপৰত তিনি নম্বৰত আছে টম ক্ৰুজ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৯১ মিলিয়ন ডলাৰ।এই তালিকাত পঞ্চম স্থানত আছে জৰ্জ ক্লুনী। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৭৪২ মিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। ইয়াৰ উপৰিও এই তালিকাত ষষ্ঠ স্থানত ৰবাৰ্ট ডি নিৰো, সপ্তম স্থানত ব্ৰেড পিট, অষ্টম স্থানত জেক নিকোলছন, নৱম স্থানত টম হেংকছ আৰু দশম স্থানত আছে জেকী চান।
টিভিৰ পৰা বলীউডলৈ যাত্ৰা
টিভিৰ জগতৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰি তাৰ পিছত ডাঙৰ পৰ্দাত ইমান খ্যাতি অৰ্জন কৰা নিৰ্বাচিত অভিনেতাসকলৰ ভিতৰত শ্বাহৰুখ খান অন্যতম। শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে ১৯৮৯ চনত টিভি ধাৰাবাহিক ‘ফৌজী’ত অভিনয় কৰিছিল।ইয়াৰ পিছত তেওঁ ‘চাৰ্কাছ’ ধাৰাবাহিকতো কাম কৰিছিল। তাৰ পিছত শ্বাহৰুখ খানে ডাঙৰ পৰ্দাৰ ছবিত কাম কৰিবলৈ আৰম্ভ কৰে আৰু ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ই তেওঁৰ কেৰিয়াৰৰ দিশ চিৰদিনৰ বাবে সলনি কৰি পেলায়।