শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

State Bank Of India ৰ অনলাইন পেমেণ্টৰ নিয়ম সলনি! নাজানিলে সমস্যাত পৰিব আপুনি!

Online Payment: যদিও ১৫ আগষ্টৰ পৰা ষ্টেট বেংকৰ খুচুৰা গ্ৰাহকৰ বাবে এই নিয়ম সলনি হৈছে, তথাপিও আন গ্ৰাহকৰ বাবে এই নিয়ম এতিয়াও কাৰ্যকৰী হোৱা নাই।

State Bank Of India ৰ অনলাইন পেমেণ্টৰ নিয়ম সলনি! নাজানিলে সমস্যাত পৰিব আপুনি!
State Bank Of India ৰ অনলাইন পেমেণ্টৰ নিয়ম সলনি!
Barasha Misra
Barasha Misra | Published: 16 Aug 2025 14:32 PM

State Bank Of India দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক। এইবাৰ বেংকে কেইবাটাও নিয়ম সলনি কৰিবলৈ ওলাইছে। ১৫ আগষ্টৰ পৰা সলনি হৈছে ষ্টেট বেংকৰ নিয়ম। অনলাইনত ধন প্ৰেৰণৰ কৰাসকলৰ বাবে এই নিয়ম জাৰি কৰিছে। মূলতঃ আইএমপিএছ ইমিডিয়েট পেমেন্ট চাৰ্ভিচ চাৰ্জ সলনি হৈছে। আই এম পি এছৰ জৰিয়তে ধনৰ লেনদেনত খৰচ বৃদ্ধি হ’ব।

যদিও ১৫ আগষ্টৰ পৰা ভাৰতীয় ষ্টেট বেংকৰ খুচুৰা গ্ৰাহকৰ বাবে এই নিয়ম সলনি কৰা হৈছে, তথাপিও আন গ্ৰাহকৰ বাবে এই নিয়ম এতিয়াও কাৰ্যকৰী হোৱা নাই। এই নিয়ম অহা ৮ ছেপ্টেম্বৰৰ পৰা বেংকৰ কৰ্পৰেট গ্ৰাহকৰ বাবে কাৰ্যকৰী হ’ব। তথ্যনুসৰি, এই নিয়মৰ পৰিৱৰ্তনে ভাৰতীয় ষ্টেট বেংকৰ প্ৰায় ৪০ কোটি গ্ৰাহকক প্ৰভাৱিত কৰিব।

অনলাইনত ধন প্ৰেৰণ কৰিবলৈ আই এম পি এছ(Immediate Payment Service)ৰ ব্যৱহাৰ হয়। কিন্তু এই নিয়ম সলনিৰ বাবে ২৫ হাজাৰ টকাতকৈ অধিক লেনদেনৰ বাবে কিছু চাৰ্জ দিব লাগিব। অৱশ্যে আই এম পি এছৰ জৰিয়তে ২৫ হাজাৰ টকাৰ তলৰ লেনদেনৰ বাবে কোনো অতিৰিক্ত চাৰ্জ লোৱা নহয়।

যদি ইণ্টাৰনেট বেংকিং বা YONO এপৰ জৰিয়তে লেনদেন কৰা হয়, তেন্তে ২৫ হাজাৰৰ পৰা ১ লাখ টকাৰ ভিতৰৰ লেনদেনৰ বাবে ২ টকা চাৰ্জ লোৱা হ’ব। ১ লাখৰ পৰা ২ লাখ টকাৰ লেনদেনৰ বাবে ৬ টকা। আনহাতে, ২ লাখৰ পৰা ৫ লাখ টকাৰ লেনদেনৰ বাবে ১০ টকা চাৰ্জ লোৱা হ’ব। ইয়াৰ উপৰিও ইয়াৰ লগত সংযোজন হ’ব জি এছ টি। অৱশ্যে শাখাৰ পৰা আইএমপিএছৰ লেনদেনৰ বাবে লোৱা চাৰ্জ এতিয়াও আগৰ দৰেই।