অলৌকিকতা নে ব্যৱসায়িক বুদ্ধিমত্তা! কিদৰে পুনৰ জনম পালে ‘মৃত্যুশয্যা’ত থকা ৰয়েল এনফিল্ডে?
সম্প্ৰতি ৰাজপথত গৌৰৱৰ গুমগুমনি তুলি ফুৰা ৰয়েল এনফিল্ড এদিন ঠিক যেন মৃত্যুশয্যাতে পৰি আছিল। এনে এক সময়ৰ পৰা পুনৰ জনম পোৱাৰ দৰেই এতিয়াৰ প্ৰজন্মৰ প্ৰিয়তম হৈ পৰিল কোম্পানীটো। পিছে এয়া কিদৰে সম্ভৱপৰ হ’ল? আঁৰত কোনো অলৌকিকতা নে কেৱল ব্যৱসায়িক বুদ্ধিমত্তাৰ শক্তি?

পুনৰ জনমৰ ধাৰণাক লৈ বাদ-বিবাদৰ অন্ত নাই। তাতে প্ৰযুক্তিৰ ক্ষেত্ৰখনত এই ধাৰণা সম্পূৰ্ণ অমূলক বুলিয়ে ক’ব পাৰি। পিছে ৰয়েল এনফিল্ডৰ ক্ষেত্ৰত এনে অমূলক ধাৰণাকো যেন উলাই কৰিব নোৱাৰি। সম্প্ৰতি ৰাজপথত গৌৰৱৰ গুমগুমনি তুলি ফুৰা ৰয়েল এনফিল্ড এদিন ঠিক যেন মৃত্যুশয্যাতে পৰি আছিল। এনে এক সময়ৰ পৰা পুনৰ জনম পোৱাৰ দৰেই এতিয়াৰ প্ৰজন্মৰ প্ৰিয়তম হৈ পৰিল কোম্পানীটো। পিছে এয়া কিদৰে সম্ভৱপৰ হ’ল? আঁৰত কোনো অলৌকিকতা নে কেৱল ব্যৱসায়িক বুদ্ধিমত্তাৰ শক্তি?
সেয়া ২০০০ চনৰ কথা। সেই সময়ত একাধিক সমস্যাই জুৰুলা কৰিছিল ৰয়েল এনফিল্ডক। এনে সমস্যাত ভাৰাক্ৰান্ত কোম্পানীটো প্ৰায় বন্ধ হোৱাৰ উপক্ৰমেই হৈছিল। কোম্পানীটোৰ বিক্ৰী যথেষ্ট হ্ৰাস পাইছিল। কিছু পুৰণি প্ৰযুক্তিৰ লগতে বাইকখনক লৈ উত্থাপন হৈছিল একাধিক অভিযোগ। উপায়ন্তৰ হৈ ৰয়েল এনফিল্ডৰ মূল কোম্পানী আইচাৰ মটৰ্ছে প্ৰায় কোম্পানীটো বন্ধ কৰাৰ চূড়ান্ত সিদ্ধান্তৰ বাবেই সাজু হৈছিল।
এনে মন্দাৱস্থাৰ সময়তে সিদ্ধাৰ্থ লালে ৰয়েল এনফিল্ডৰ দায়িত্ব ল’লে। কোম্পানীটোৰ ভৱিষ্যৎ যেন দেখা দিছিল তেওঁৰ চকুৰ আগত! এনে বাইকৰ বজাৰ কেনেকুৱা হ’ব পাৰে, সেয়া তেওঁ বুজিব পাৰিছিল। তাৰ পিছতে তেওঁ কিছুমান সাহসী সিদ্ধান্ত ল’লে। প্ৰথমে তেওঁ আইচাৰৰ ১৫টা ব্যৱসায়ৰ ভিতৰত কেইবাটাও লোকচানৰ মুখ দেখা ব্যৱসায় বন্ধ কৰি দিলে।
কিন্তু বহু সমস্যাৰ পিছতো ৰয়েল এনফিল্ড আৰু ট্ৰাকৰ ব্যৱসায় ধৰি ৰাখিছিল। এই সিদ্ধান্ত আছিল এক কথাত এনফিল্ডৰ পুনৰ জন্ম। ৰয়েল এনফিল্ডৰ ক’ত ভুল হৈছে, সেয়া সঠিকভাৱে জানিবলৈ তেওঁ এই এনফিল্ড ৰাইডাৰসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰিলে। গ্ৰাহকৰ বাবে কিদৰে সঠিক পদক্ষেপ ল’ব পাৰি, সেয়াও বুজ ল’লে। তাৰ পিছতে তেওঁ কোম্পানীৰ বাইকসমূহৰ কেইবাটাও দিশ সলনি কৰিলে।
প্ৰথমে তেওঁ কাষ্ট আইৰণৰ পৰিৱৰ্তে এলুমিনিয়ামৰ ইঞ্জিন তৈয়াৰ কৰে। আৰু এই ইঞ্জিনে কোম্পানীটোৰ পৰিস্থিতি বহু পৰিমাণে সলনি কৰি দিয়ে। তাৰ পিছতে তেওঁ চাৰ্ভিচ চেণ্টাৰ আৰু শ্ব’ৰুম সলনি কৰিবলৈও নিৰ্দেশ দিলে। তদুপৰি আৰোহীসকলৰ লগত কথা পাতি পোৱা সকলো প্ৰতিক্ৰিয়াৰ সহায়ত গাড়ীখনৰ সকলো দোষ দূৰ কৰি নৱনিৰ্মাণ কৰে।
এনে সাহসী আৰু সময়োপযোগী সিদ্ধান্তৰ ফলত ২০০০ চনত মাত্ৰ ২৪ হাজাৰ ইউনিট বিক্ৰী কৰা কোম্পানীটোৱে ২০২৪ চনত ৮ লাখ ৫৭ হাজাৰ ৩৭৮ ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। সিদ্ধাৰ্থ লালৰ এই সিদ্ধান্তৰ ফলস্বৰূপে ৰয়েল এনফিল্ড এতিয়া কেৱল এক মটৰবাইক কোম্পানীয়েই নহয়, সম্প্ৰতি ই এক দুঃসাহসিক জীৱনশৈলীৰ প্ৰতীক। এতিয়া আইচাৰ মটৰ্ছে লাভৰ প্ৰায় ৮০ শতাংশ লাভ কৰে ৰয়েল এনফিল্ডৰ পৰা।