শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আপোনাৰ পাছপ’ৰ্টৰ নবীকৰণ কৰিব হ’ল নেকি? এই নথি-পত্ৰসমূহ হাতত নাই যদি হ’ব পাৰে সংকট

যদি আপোনাৰ পাছপ'ৰ্টৰ বৈধতা অন্ত পৰাৰ দিশে বা আপুনি ঠিকনা আপডেট কৰাৰ প্ৰয়োজন হৈছে, তেতিয়া আপুনি আপোনাৰ পাছপ'ৰ্ট নবীকৰণ কৰিব লাগিব। পাছপ’ৰ্ট নবীকৰণৰ ক্ষেত্ৰত কিছুমান নথি-পত্ৰৰ প্ৰয়োজন হয়। এই নথি-পত্ৰ হাতত নাথাকিলে আপোনাৰ যথেষ্ট সমস্যা হ’ব পাৰে।

আপোনাৰ পাছপ’ৰ্টৰ নবীকৰণ কৰিব হ’ল নেকি? এই নথি-পত্ৰসমূহ হাতত নাই যদি হ’ব পাৰে সংকট
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: anand purohit/Moment/Getty Images
Monjit Dutta
Monjit Dutta | Published: 25 Jul 2025 17:50 PM

বৰ্তমান সময়ত যুৱক–যুৱতীসকলৰ মাজত ভ্ৰমণৰ অত্যন্ত হাবিয়াস দেখা যায়। অৱশ্যে কেৱল যুৱক–যুৱতী বুলিলে ভুল কৰা হ’ব, অৱসৰ বিনোদনৰ বাবে বয়োজ্যেষ্ঠ লোকসকলৰ মাজতো নতুন ঠাই ভ্ৰমণৰ উৎসাহ থাকে। পিছে বিদেশ ভ্ৰমণৰ বাবে ব্যক্তিৰ আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰী হৈছে পাছপ’ৰ্ট। যদি আপোনাৰ পাছপ’ৰ্টৰ বৈধতা অন্ত পৰাৰ দিশে বা আপুনি ঠিকনা আপডেট কৰাৰ প্ৰয়োজন হৈছে, তেতিয়া আপুনি আপোনাৰ পাছপ’ৰ্ট নবীকৰণ কৰিব লাগিব। বৰ্তমান অনলাইন আবেদনৰ জৰিয়তে পাছপ’ৰ্ট নবীকৰণ কৰিব পাৰিব।

তদুপৰি বহু ক্ষেত্ৰত আৰক্ষীৰ পৰীক্ষণ অবিহনে পাছপ’ৰ্ট নবীকৰণ কৰা হয়। আপোনাৰ পাছপ’ৰ্ট নবীকৰণ কৰিবলৈ প্ৰথমে পাছপ’ৰ্ট সেৱা পৰ্টেলত লগ ইন কৰক। তাৰ পিছত নতুন ফৰ্মখন পূৰণ কৰক, ধন পৰিশোধ কৰক আৰু আপোনাৰ সুবিধা অনুসৰি পাছপ’ৰ্ট সেৱা কেন্দ্ৰ চাবলৈ শ্লট বুকিং কৰক। পাছপ’ৰ্ট নবীকৰণৰ বাবে আৰক্ষীৰ পৰীক্ষণৰ প্ৰয়োজন নাই।

কিন্তু যদি কোনো কাৰণত ৩ বছৰ পূৰ হোৱাৰ পূৰ্বেই পাছপ’ৰ্ট নবীকৰণ কৰিবলগীয়া হয় বা ঠিকনা সলনি হয়, তেতিয়া আৰক্ষীৰ পৰীক্ষণৰ প্ৰয়োজন হয়। পাছপ’ৰ্ট নবীকৰণৰ ক্ষেত্ৰত কিছুমান নথি-পত্ৰৰ প্ৰয়োজন হয়। এই নথি–পত্ৰ হাতত নাথাকিলে আপোনাৰ যথেষ্ট সমস্যা হ’ব পাৰে। এই নথি–পত্ৰসমূহ হৈছে–

পুৰণি পাছপ’ৰ্ট

পুৰণি পাছপ’ৰ্টৰ প্ৰথম আৰু শেষ পৃষ্ঠাৰ স্ব-প্ৰমাণিত কপি

পাছপ’ৰ্ট কৰ্তৃপক্ষৰ পৰা যিকোনো পৰ্যবেক্ষণ

ECR আৰু non-ECR পৃষ্ঠাৰ স্ব-প্ৰমাণিত কপি

ঠিকনাৰ প্ৰমাণ, যেনে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা বিদ্যুতৰ বিল

জন্ম তাৰিখৰ প্ৰমাণ, যেনে জন্মৰ প্ৰমাণ পত্ৰ বা পেন বা আধাৰ কাৰ্ড

পাছপ’ৰ্ট নবীকৰণ কৰাৰ সময়ত কিছুমান দিশৰ প্ৰতি অত্যন্ত গুৰুত্ব দিয়া প্ৰয়োজন। অন্যথা প্ৰয়োজনীয় নথি–পত্ৰসমূহ হাতত থকাৰ পিছতো আপোনাৰ সমস্যা হ’ব পাৰে। এনে কিছুমান গুৰুত্বপূৰ্ণ দিশ হৈছে–

নাম, ঠিকনা আৰু জন্ম তাৰিখত কোনো ভুল কৰিব নোৱাৰিব

ECNR বা মধ্যমিক মাৰ্কশ্বীটৰ দৰে প্ৰয়োজনীয় নথি-পত্ৰ লগত নিবলৈ নাপাহৰিব

স্পষ্ট ফটোকপি জমা দিয়াৰ প্ৰতি লক্ষ্য ৰাখিব

৩ বাৰতকৈ অধিক এপইণ্টমেণ্ট বাতিল বা পুনৰ নিৰ্ধাৰণ কৰিব নোৱাৰিব

নবীকৰণৰ সময়ত যদি আপুনি প্ৰথমবাৰৰ বাবে পত্নী বা স্বামীৰ নাম যোগ কৰিব বিচাৰে, তেতিয়া বিবাহৰ প্ৰমাণ পত্ৰ বা Annexure J জমা দিবলৈ নাপাহৰিব।