Reliance Industries Q1 Results FY2026: লক্ষ্মী আইৰ কৃপা দৃষ্টি ব্যৱসায়ত লাভৰ বৃষ্টি, তিনি মাহতে ২৬,৯৯৪ কোটি উপাৰ্জন আম্বানীৰ
মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (Q1FY26) ব্যাপক লাভ অৰ্জন কৰিছে। কোম্পানীটোৰ নিকা লাভ ৭৮.৩২% বৃদ্ধি পাই ২৬,৯৯৪ কোটি টকা হৈছে।

মুকেশ আম্বানীৰ নেতৃত্বত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (Q1FY26) বিপুল লাভ অৰ্জন কৰিছে। কোম্পানীটোৰ নিকা লাভ ৭৮.৩২% বৃদ্ধি পাই ২৬,৯৯৪ কোটি টকা হৈছে। ইয়াৰ বিপৰীতে যোৱা বছৰৰ একেটা ত্ৰৈমাসিকত কোম্পানীটোৰ লাভ আছিল ১৫,১৩৮ কোটি টকা। আনহাতে কোম্পানীটোৰ মুঠ কাৰ্যকৰী আয়ো বৃদ্ধি পাইছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৰিলায়েন্সৰ কাৰ্যকৰী আয় ২,৪৮,৬৬০ কোটি টকা, যিটো যোৱা বছৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত আছিল ২,৩৬,২১৭ কোটি টকা। অৰ্থাৎ বছৰি ৫.২৭% আয় বৃদ্ধি পাইছে কোম্পানীটোৰ।
এই সাফল্যত আনন্দিত মুকেশ আম্বানী
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে কয়, “ৰিলায়েন্সে সকলো দিশতে শক্তিশালী আৰু উন্নত প্ৰদৰ্শনেৰে ২০২৫-২৬ বিত্তীয় বৰ্ষ আৰম্ভ কৰিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত কোম্পানীটোৰ মুঠ EBITDA যোৱা বছৰৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। আনহাতে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক পৰিস্থিতি অতি অস্থিৰ হৈ পৰিছে। তাৰ পাছতো খুচুৰা ব্যৱসায়ত আমাৰ গ্ৰাহকৰ সংখ্যা ৩৫.৮ কোটিলৈ বৃদ্ধি পাইছে। আমাৰ কাম-কাজতো বহু উন্নতি হৈছে। আমি নিজৰ FMCG ব্ৰেণ্ডৰ প্ৰতি অধিক গুৰুত্ব দিছো, যাতে ভাৰতীয় গ্ৰাহকৰ পছন্দ অনুসৰি ভাল সামগ্ৰী যোগান ধৰিব পাৰো। দৈনন্দিন ব্যৱহৃত সামগ্ৰী হওক বা বিশেষ সামগ্ৰী হওক, সকলো ধৰণৰ প্ৰয়োজন পূৰণ কৰিবলৈ আমাৰ খুচুৰা ব্যৱসায় আৰু অধিক শক্তিশালী হৈ উঠিছে আৰু আমি এই সকলোবোৰ বহু চেনেলৰ জৰিয়তে কৰি আছো।”
১/ খুচুৰা ব্যৱসায়
ৰিলায়েন্স ৰিটেইলৰ ৰাজহ ৮৪,১৭১ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো যোৱা বছৰৰ তুলনাত ১১.৩% বেছি। কোম্পানীটোৰ EBITDA ও ৬৩৮১ কোটি টকালৈ বৃদ্ধি পাইছে।
২/ ৰিলায়েন্স জিঅ’
জিঅ’ 5G এ ২০ কোটি গ্ৰাহকৰ সীমা অতিক্ৰম কৰাৰ লগতে ঘৰুৱা ব্ৰডবেণ্ড সংযোগো ২ কোটিতকৈও অধিকলৈ বৃদ্ধি পাইছে। জিঅ’এয়াৰফাইবাৰ এতিয়া বিশ্বৰ সৰ্ববৃহৎ FWA (Fixed Wireless Access) সেৱা হিচাপে পৰিগণিত হৈছে। জিঅ’ প্লেটফৰ্মছৰ EBITDA ২৪% বৃদ্ধি পাই ১৮,১৩৫ কোটি টকা হৈছে আৰু মাৰ্জিনতো ২১০ বেচিছ পইণ্ট উন্নত হৈছে। জিঅ’হটষ্টাৰে এতিয়ালৈকে সৰ্ববৃহৎ শ্ব’ হিচাপে আই পি এল দেখুৱাইছিল। ৬৫২ মিলিয়ন (৬৫.২ কোটি)তকৈ অধিক লোকে ডিজিটেল মাধ্যমত আইপিএল চাইছিল আৰু ৫.৫২ কোটি লোকক একেলগে লাইভ সংযোগ কৰা হৈছিল।
৩/ তেল আৰু গেছ খণ্ড
এই খণ্ডটোৱে Q1FY26 ত সুস্থিৰ প্ৰদৰ্শন দেখুৱাইছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত EBITDA আছিল ৪,৯৯৬ কোটি টকা, ইয়াৰ বিপৰীতে যোৱা বছৰৰ একেটা ত্ৰৈমাসিত EBITDA আছিল ৫,২১০ কোটি টকা।
৪/ RIL ৰ O2C ব্যৱসায়
তেল আৰু গেছ খণ্ডই ৪,৯৯৬ কোটি টকাৰ সুস্থিৰ লাভৰ EBITDA দিছে, যিটো যোৱা বছৰৰ প্ৰথম বিত্তীয় বৰ্ষত ৫,২১০ কোটি টকা আছিল।
জিঅ’ই নতুন সেৱাৰ সম্প্ৰসাৰণ কৰিছে
ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ আম্বানীয়ে কয়, “জিঅ’ই এই ত্ৰৈমাসিকত এক ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে। আমাৰ ৫জি গ্ৰাহকৰ ভিত্তি ২০ কোটি আৰু ঘৰুৱা সেৱাৰ গ্ৰাহকৰ সংখ্যাই ২ কোটি অতিক্ৰম কৰিছে। জিঅ’ই নিজৰ ব্যৱহাৰকাৰীসকলৰ বাবে নতুন প্ৰজন্মৰ সেৱা, যেনে জিঅ’গেমছ ক্লাউড আৰু জিঅ’পিচি সুলভ মূল্যত লৈ আহিছে। যাতে ভাৰতত ডিজিটেল সেৱাৰ প্ৰচাৰ কৰিব পৰা যায়। জিঅ’ই শক্তিশালী কাৰিকৰী আন্তঃগাঁথনি গঢ়ি তুলিছে আৰু ৫জি আৰু ব্ৰডবেণ্ডৰ ক্ষেত্ৰত নিজৰ নেতৃত্ব আৰু অধিক বৃদ্ধি কৰিছে। ইয়াৰ দ্বাৰা দেশত AI ৰ কাৰ্যকলাপ বৃদ্ধিতো সহায়ক হ’ব।”
ঈশা আম্বানীৰ নেতৃত্বত উন্নত খুচুৰা ব্যৱসায়
ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ লিমিটেডৰ কাৰ্যবাহী সঞ্চালিকা ঈশা আম্বানীয়ে কয়, “ৰিলায়েন্স ৰিটেলে এই ত্ৰৈমাসিকত ভাল প্ৰদৰ্শন কৰিছে। আমি অহৰহ কাৰ্যকলাপ উন্নত কৰা, নতুন ভূখণ্ডলৈ সম্প্ৰসাৰণ আৰু উন্নত সামগ্ৰী প্ৰদান কৰাত মনোনিৱেশ কৰি আছো। আমি নতুন প্ৰযুক্তি আৰু পৃথক সামগ্ৰীত বিনিয়োগ কৰিছো, যাৰ ফলত আমি আমাৰ গ্ৰাহকক ভালদৰে সেৱা আগবঢ়াব পাৰো আৰু দ্ৰুতগতিত আগুৱাব পাৰোঁ।”