শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অনলাইন প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ RBI, নতুন নিয়ম প্ৰৱৰ্তন…

পূৰ্বে কেৱল এছএমএছ ভিত্তিক অ’টিপি ব্যৱস্থা আছিল, এতিয়া ইয়াৰ বাহিৰেও ব্যৱহাৰকাৰীৰ আন কিবা তথ্য আছে বা কিবা জানে নেকি সেয়া প্ৰমাণীকৰণ কৰা হ’ব। এই প্ৰমাণীকৰণ পাছৱৰ্ড, পাছফ্ৰেজ, পিন, ফিংগাৰপ্ৰিণ্ট বা আন যিকোনো বায়মেট্ৰিক তথ্য ব্যৱহাৰ কৰি কৰা হ’ব, সেয়া লাগিলে ডিভাইচত হওক বা আধাৰৰ ভিত্তিত হওক।

অনলাইন প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ RBI, নতুন নিয়ম প্ৰৱৰ্তন…
অনলাইন প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ RBIImage Credit source: PTI
trishna-kalita
Trishna Kalita | Published: 28 Sep 2025 12:37 PM

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম। ডিজিটেল পেমেণ্টৰ বাবে প্ৰৱৰ্তন কৰা হ’ব এই নতুন নিয়ম আৰু ব্যৱস্থা। এতিয়াৰে পৰা SMSৰ জৰিয়তে ওৱান টাইম পাছৱৰ্ডৰ উপৰিও টু ফেক্টৰ প্ৰমাণীকৰণৰ বাবে বিভিন্ন পদ্ধতি প্ৰৱৰ্তন কৰা হ’ব। ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হ’ব বুলি জনাইছে আৰ বি আইয়ে ।

পূৰ্বে কেৱল এছএমএছ ভিত্তিক অ’টিপি ব্যৱস্থা আছিল, এতিয়া ইয়াৰ বাহিৰেও ব্যৱহাৰকাৰীৰ আন কিবা তথ্য আছে বা কিবা জানে নেকি সেয়া প্ৰমাণীকৰণ কৰা হ’ব। এই প্ৰমাণীকৰণ পাছৱৰ্ড, পাছফ্ৰেজ, পিন, ফিংগাৰপ্ৰিণ্ট বা আন যিকোনো বায়মেট্ৰিক তথ্য ব্যৱহাৰ কৰি কৰা হ’ব, সেয়া লাগিলে ডিভাইচত হওক বা আধাৰৰ ভিত্তিত হওক। সহজ ভাষাত ক’বলৈ গ’লে ইয়াৰ পিছত আৰু অনলাইন ধনৰ জালিয়াতিৰ সম্ভাৱনা আৰু নাথাকিব।

সকলো পেমেণ্ট চিষ্টেম প্ৰদানকাৰী আৰু পেমেণ্ট চিষ্টেমৰ অংশগ্ৰহণকাৰী অৰ্থাৎ বেংক আৰু নন-বেংক প্ৰতিষ্ঠানক এই নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে। ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত ২এফএ পদ্ধতি আৰু ২০২৬ চনৰ অক্টোবৰৰ ভিতৰত সীমা অতিক্ৰম কৰি পেমেণ্ট প্ৰৱৰ্তন কৰা হ’ব বুলি জানিব পৰা গৈছে।

লেনদেনৰ অৱস্থান, ব্যৱহাৰকাৰীৰ আৰ্হি, ডিভাইচ বৈশিষ্ট্য আৰু পূৰ্বৰ লেনদেন প্ৰ’ফাইলও পৰীক্ষা কৰা হ’ব। ডিজিলকাৰৰ দৰে প্লেটফৰ্মসমূহ বৃহৎ পৰিসৰৰ লেনদেন বা উচ্চ-বিপদজনক লেনদেনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।