শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

RBI New Rules: বেংকত টকা জমা আছে নেকি? চেভিংছ একাউন্ট আৰু FD ৰ ক্ষেত্ৰত নতুন নিয়ম RBI ৰ…

RBI New Rule: সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে সুৰক্ষিতভাৱে টকা ৰখাৰ স্থান বেংক। কিন্তু নতুন বছৰৰ পৰা বেংকৰ বিভিন্ন নিয়ম সলনি হ'ব। এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰিছে এক নতুন নিৰ্দেশনা।

RBI New Rules: বেংকত টকা জমা আছে নেকি? চেভিংছ একাউন্ট আৰু FD ৰ ক্ষেত্ৰত নতুন নিয়ম RBI ৰ…
ৰিজাৰ্ভ বেংকImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 16 Dec 2025 12:18 PM

প্ৰায়ে সলনি হয় বেংকৰ নিয়ম। ইয়াৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে নতুন বছৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ বাবে সৰ্বাধিক টকা ৰখা ঠাই বেংক। গতিকে নতুন নিয়মত কি কি পৰিৱৰ্তন হ’ব, ইয়াৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত কিমান পৰিব সকলো তথ্য তলত উল্লেখ কৰা হ’ল।

সঞ্চয় নীতিৰ পৰিৱৰ্তন (Savings Account)

ভাৰতীয় ৰিজাৰ্ভ বেংকে কৈছে যে, দেশৰ প্ৰত্যোকটো বেংকে ১ লাখ টকালৈ ডিপোজিট থাকিলে একে পৰিমাণৰ সুত দিব লাগিব। এই নিয়ম সকলো চৰকাৰী আৰু বেচৰকাৰী বেংকৰ বাবে প্ৰযোজ্য। এতিয়ালৈকে বিভিন্ন বেংকে চেভিংছ একাউণ্টত আকৰ্ষণীয় সুতৰ হাৰ দিয়াৰ প্ৰতিশ্ৰুতি দি গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰাৰ চেষ্টা কৰি আহিছে। যাৰ ফলত একাংশ বেংকে বিভিন্ন নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত আৰ বি আইয়ে নতুন নিয়মেৰে বেংকৰ ‘স্বাধীনতা কৰ্তন’ কৰিছে।

কিন্তু জমা ধনৰ পৰিমাণ ১ লাখতকৈ অধিক হ’লে প্ৰতিটো বেংকত সুতৰ হাৰ বেলেগ বেলেগ হ’ব পাৰে। এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে কিছু ৰেহাই প্ৰদান কৰিছে। ইয়াৰোপৰি প্ৰতি তিনি মাহৰ মূৰে মূৰে চেভিংছ একাউণ্টত সুত জমা হ’ব বুলি নতুন নিয়মত কোৱা হৈছে।

ফিক্সড ডিপ’জিট সন্দৰ্ভত কি ক’লে (FD Account)

নতুন নিয়মত উল্লেখ আছে যে, এতিয়াৰ পৰা যদি এফ ডি (FD)ৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে বাতিল হয় তেন্তে সম্পৰ্কীয় বেংকে গ্ৰাহকক প্ৰথমে জনাব লাগিব ইয়াৰ ফলত কিমান টকা কৰ্তন হ’ব। এয়া ফিক্সড ডিপোজিট ফৰ্মত লিখি ৰখাতো বাধ্যতামূলক হ’ব। এনে অৱস্থাত যদি এফ ডি (FD) সময়ৰ পূৰ্বে ভঙা হয় তেন্তে বেংকে গ্ৰাহকক সুত দিব নালাগে। অৱশ্যে এই কথা , FD কৰাৰ সময়ত গ্ৰাহকক জনাব লাগিব।

ইয়াৰ উপৰিও আৰ বি আই (RBI)য়ে দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বেংকক ফিক্সড ডিপ’জিটৰ ন্যূনতম সময়সীমা ৭ দিনৰ বাবে ৰাখিবলৈ অনুৰোধ জনাইছে। যদিহে এফ ডিৰ ম্যাদ উকলি যোৱাৰ তাৰিখ বন্ধৰ দিন হয় তেন্তে পিছদিনা গ্ৰাহকে সুতসহ সম্পূৰ্ণ ধন লাভ কৰিব। এনে ক্ষেত্ৰত অতিৰিক্ত এদিনৰ সুত যোগ কৰি টকা ঘূৰাই দিব লাগিব। এয়াও কোৱা হৈছে যে, যদি গ্ৰাহকে ৰিনিউ কৰিব নিবিচাৰে তেন্তে পূৰ্বৰ টাৰ্ম আৰু পুৰণি সুতৰ হাৰত এফ ডি অটো ৰিনিউ কৰা নহয়।

বাকী ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত গ্ৰাহকে প্ৰচলিত সুতৰ হাৰ আৰু সঞ্চয়ৰ সুতৰ হাৰৰ ভিতৰত যিটো কম সেয়া লাভ কৰিব। অৱশ্যে নতুন ফিক্সড ডিপোজিটত টকা ৰাখিব পাৰিব। মাত্ৰ দুটা দিশত এই নিয়ম কাৰ্যকৰী নহয়। যদি গ্ৰাহকজন জ্যেষ্ঠ নাগৰিক হয় বা তেওঁ যদি বেংকত ৩ কোটি বা তাতকৈ অধিক টকা জমা কৰিছে তেন্তে বেংকে নিজে সিদ্ধান্ত ল’ব পাৰিব। এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা নিয়মত আবদ্ধ হৈ থাকিব নালাগে।

 

অন্য খবৰ পঢ়কঃ কিমান বৃদ্ধি পালে? আজি বজাৰত সোণ-ৰূপৰ প্ৰকৃত মূল্য কিমান, জানক…