শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নেট বেংকিঙৰ ক্ষেত্ৰত হওক সাৱধান, কঠোৰ হৈছে RBI! লেনদেনত ৰাখিব এতিয়া তীক্ষ্ণ নজৰ

পূৰ্বৰ প্ৰৱৰ্তিত নিয়ম অনুসৰি ৰিজাৰ্ভ বেংক এনে লেনদেনৰ তথ্য লাভ কৰোঁতে এসপ্তাহৰ পৰা এবছৰ সময় লাগিছিল। এতিয়া এই নতুন ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত এইক্ষেত্ৰত পূৰ্বৰ দৰে আৰু পলম নহ’ব। NCPI Bharat Bill Pay- ৰ মুখ্য কাৰ্যবাহী বিষয়া নুপুৰ চতুৰ্বেদীয়ে এই বিষয়ে উল্লেখ কৰিছে৷

নেট বেংকিঙৰ ক্ষেত্ৰত হওক সাৱধান, কঠোৰ হৈছে RBI! লেনদেনত ৰাখিব এতিয়া তীক্ষ্ণ নজৰ
আপোনাৰ লেনদেনত RBIৰ তীক্ষ্ণ নজৰ!Image Credit source: Niharika Kulkarni/NurPhoto via Getty Images
monjit-dutta
Monjit Dutta | Updated On: 02 Dec 2025 11:57 AM

দেশৰ সকলো প্ৰান্ততে এতিয়া অনলাইন বেংকিং সেৱা সহজলভ্য হৈ পৰিছে। আপুনিও নিশ্চয় ধনৰ লেনদেনৰ ক্ষেত্ৰত অনলাইন বেংকিং সেৱা ব্যৱহাৰ কৰে। নেট বেংকিঙৰ ক্ষেত্ৰত এতিয়া এক বৃহৎ পৰিৱৰ্তন হৈছে। এতিয়া NCPI Bharat Bill Pay আৰু NBBL- ৰ নতুন প্লেটফৰ্ম ‘বেংকিং কানেক্ট’ মুকলি কৰা হৈছে। সহজ ভাষাত ক’বলৈ গ’লে এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে আপোনাৰ নেট বেংকিং লেনদেন প্ৰতিটো সময়তে নিৰীক্ষণ কৰিব।

কিয় এই নতুন ব্যৱস্থা?

পূৰ্বৰ প্ৰৱৰ্তিত নিয়ম অনুসৰি ৰিজাৰ্ভ বেংক এনে লেনদেনৰ তথ্য লাভ কৰোঁতে এসপ্তাহৰ পৰা এবছৰ সময় লাগিছিল। এতিয়া এই নতুন ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত এইক্ষেত্ৰত পূৰ্বৰ দৰে আৰু পলম নহ’ব। NCPI Bharat Bill Pay- ৰ মুখ্য কাৰ্যবাহী বিষয়া নুপুৰ চতুৰ্বেদীয়ে এই বিষয়ে উল্লেখ কৰিছে৷ ইয়াৰ ফলত ক্ৰিপ্টোকাৰেন্সী আৰু গেমিঙৰ দৰে ক্ষেত্ৰসমূহত ধনৰ লেনদেনৰ ওপৰত নিয়ন্ত্ৰণ যথেষ্ট সহজ হৈ পৰিব।

পৰিসংখ্যাই কি কয়?

বৰ্তমান দেশৰ প্ৰায় ৮ কোটি লোকে নেট বেংকিং ব্যৱস্থা ব্যৱহাৰ কৰে। নেট বেংকিংৰ জৰিয়তে ধনৰ লেনদেন প্ৰতিমাহে প্ৰায় ৬ লাখ কোটি টকা। আগন্তুক ৪ বছৰত মাহিলী বিল পৰিশোধৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য লৈছে NCPI Bharat Bill Pay- এ। সেই অনুসাৰে মাহিলী বিল পৰিশোধৰ সংখ্যা ২৬ কোটিৰ পৰা ১০০ কোটিলৈ বৃদ্ধি কৰিব বিচৰা হৈছে।

বৰ্তমান প্ৰায় ৭ কোটি পৰিয়ালে নেট বেংকিং ব্যৱহাৰ কৰে। NBBL- এ এতিয়া এই সংখ্যা ১৩৫ কোটিলৈ বৃদ্ধি কৰিব বিচাৰিছে।

কি আছে এই মঞ্চত?

জানিব পৰা মতে সন্দেহজনক লেনদেন অনুসৰণ কৰিব পৰাকৈ এই প্লেটফৰ্মত এক বিশেষ ব্যৱস্থা আছে। ইয়াৰ ফলত কেইবাটাও দিশত প্ৰৱঞ্চনা হ্ৰাস পাব। অৱশ্যে অ’টিপি শ্বেয়াৰ কৰিলে প্ৰৱঞ্চনাৰ পৰা ৰক্ষাৰ কোনো উপায় নাথাকিব বুলি সকীয়াই দিছে বিশেষজ্ঞসকলে। এক কথাত আপুনি এই মুহূৰ্তত প্ৰযুক্তিৰ জৰিয়তে সুৰক্ষিত যদিও মূৰকত আপোনাৰ সচেতনতাই মূল হৈ পৰে।