শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোপনে ৮৩ বছৰ বয়সত অকলে ১৫০ কিলোমিটাৰ যাত্ৰা কৰিছিল ৰতন টাটাই, কিয় জানেনে? চৰ্চাত এই কাহিনী…

৮৩ বছৰীয়া ৰতন টাটাই মুম্বাইৰ পৰা পুনেলৈ প্ৰায় ১৫০ কিলোমিটাৰ নিজাকৈ যাত্ৰা কৰিছিল। ব্যৱসায় বা কোনো জৰুৰী সভাৰ বাবে নহয়। তেওঁ উদ্দেশ্য কি আছিল জানক।

গোপনে ৮৩ বছৰ বয়সত অকলে ১৫০ কিলোমিটাৰ যাত্ৰা কৰিছিল ৰতন টাটাই, কিয় জানেনে? চৰ্চাত এই কাহিনী…
ৰতন টাটা
manas-borah
Manas Borah | Published: 10 Sep 2025 15:11 PM

চন ২০২১, জানুৱাৰী মাহ। তেতিয়াৰ ৮৩ বছৰীয়া ৰতন টাটাই মুম্বাইৰ পৰা পুনেলৈ প্ৰায় ১৫০ কিলোমিটাৰ নিজাকৈ যাত্ৰা কৰিছিল। ব্যৱসায় বা কোনো জৰুৰী সভাৰ বাবে নহয়। তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল টাটা গ্ৰুপৰ এজন প্ৰাক্তন কৰ্মচাৰীক ব্যক্তিগতভাৱে লগ পোৱা। যিজন আছিল অসুস্থ ।

টাটা গ্ৰুপৰ সেই প্ৰাক্তন কৰ্মচাৰীজনৰ নাম যোগেশ দেশাই। প্ৰায় ২৫ বছৰ ধৰি টাটা গ্ৰুপৰ সৈতে জড়িত আছিল তেওঁ। ২০১৯ চনৰ পৰা অসুস্থতাৰ বাবে বিচনাত সময় পাৰ কৰিবলগীয়া হৈছিল যোগেশে। অসুস্থ যোগেশ দেশাইৰ খবৰ ল’বৰ বাবেই ৰতন টাটা পুনেলৈ গৈছিল।

এই ভ্ৰমণৰ বিষয়ে ক’তো প্ৰচাৰ হোৱা নাছিল। কাৰণ, ৰতন টাটা আছিল এগৰাকী প্ৰচাৰবিমুখ ব্যক্তি। গতিকে এই ভ্ৰমণত তেওঁৰ লগত নাছিল কোনো সংবাদ মাধ্যম, কেমেৰা বা নিৰাপত্তাৰক্ষী। সম্পূৰ্ণ নিৰৱে পুনেৰ ফ্ৰেণ্ডছ কলনীত যোগেশৰ ঘৰত উপস্থিত হৈছিল ৰতন টাটা। তাতে তেওঁ পূৰ্বৰ সহকৰ্মীজনৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। এইদৰে যোগেশ আৰু তেওঁৰ পৰিয়ালৰ সৈতে কিছু সময় কটাই মুম্বাইলৈ উভতি আহে ৰটন টাটা।

টাটা গ্ৰুপ বা ৰতন টাটাই এই ভ্ৰমণৰ প্ৰচাৰ ক’তো কৰা নাছিল। পিছত যোগেশ দেশাইৰ এজন চিনাকি ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত এই ঘটনাটো সবিশেষ শ্বেয়াৰ কৰাৰ লগে লগে সকলোৱে জানিব পাৰিলে। ইয়াৰ লগে লগে দেশজুৰি আৰম্ভ হ’ল চৰ্চা। যদিও আজি ৰতন টাটা জীয়াই থকা নাই। কিন্তু দেশৰ জনসাধাৰণে একাধিক কামৰ বাবে তেওঁক স্মৰণ কৰে।

তাজ হোটেলৰ আক্ৰমণেই হওক বা এই ঘটনাই হওক, কোম্পানীটোৰ কৰ্মচাৰীৰ প্ৰতি ৰতন টাটাৰ দায়িত্ববোধ স্পষ্টভাৱে দেখা গৈছিল। আৰু এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰে যে, ৰতন টাটাৰ বাবে তেওঁৰ কৰ্মচাৰীসকল আচলতে এটা বৃহৎ পৰিয়ালৰ সদস্য। কোম্পানীটোৰ কৰ্মচাৰীসকলৰ প্ৰতি টাটা চনছ আৰু ৰতন টাটাৰ দায়বদ্ধতা নিয়োগৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো অক্ষত আছিল।

কেৱল লাভ-লোকচানৰ হিচাপই নহয়, ৰতন টাটা কোম্পানীৰ পূৰ্বৰ কৰ্মচাৰীজনৰ বিপদৰ সময়ত কাষত থকাটোৱেই তেওঁক আন সকলো কোম্পানীৰ মালিকতকৈ পৃথক কৰি তুলিছে। যেতিয়া কৰ্পৰেট জগতখনে লাভ-লোকচানৰ হিচাপক অগ্ৰাধিকাৰ দিয়ে, তেতিয়া ৰতন টাটাৰ এই নীৰৱ মানৱতাই এক নতুন পথৰ দিশ দেখুৱাই।