ৰে’লৱে টিকটত ৫০ শতাংশ ৰেহাই পাব নেকি জ্যেষ্ঠ নাগৰিকে! বাজেটৰ পূৰ্বে চলিছে আলোচনা
শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেই যাত্ৰীৰ ভাড়া বৃদ্ধি কৰিছে। এই ভাড়া বৃদ্ধিৰ জৰিয়তে ৰে’ল বিভাগে অতিৰিক্ত ৬০০ কোটি টকা উপাৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এনে সময়তে আসন্ন ২০২৬ চনৰ বাজেটত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পূৰ্বৰ ৰেহাই পুনৰ ঘূৰাই অনাৰ দাবী উঠিছে।
অহা ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট। দেশৰ বাজেটক লৈ সাধাৰণ ৰাইজৰ মাজত স্বাভাৱিকতেই দেখা যায় অপৰিসীম আশা-প্ৰত্যাশা। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এইবাৰ দেশবাসীক বিশেষ কোনো উপহাৰ দিব নেকি, সেই লৈ আৰম্ভ হৈছে চৰ্চা। আন ভিন্ন দিশৰ লগতে ৰে’লৱেৰ দিশতো দেশবাসীৰ দৃষ্টি নিবদ্ধ হ’ব। বিশেষকৈ ৰে’ল যাত্ৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকসকলে পুনৰ ৰেহাই পাবনে নাই, সেয়া এতিয়া অত্যন্ত চৰ্চাৰ বিষয়।
ৰে’লৰ ভাড়া বৃদ্ধি আৰু বাজেটৰ প্ৰত্যাশা
শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেই যাত্ৰীৰ ভাড়া বৃদ্ধি কৰিছে। যোৱা ২৬ ডিচেম্বৰৰ পৰা ২১৫ কিলোমিটাৰৰ অধিক দূৰত্বৰ যাত্ৰাৰ বাবে প্ৰতি কিলোমিটাৰত ভাড়া বৃদ্ধি কৰা হৈছে। জেনেৰেল ডবাৰ যাত্ৰীৰ বাবে প্ৰতি কিলোমিটাৰত ১ পইচাকৈ আৰু এচি তথা নন-এচি ডবাৰ যাত্ৰীৰ বাবে ২ পইচাকৈ ভাড়া বৃদ্ধি কৰা হৈছে।
এই ভাড়া বৃদ্ধিৰ জৰিয়তে ৰে’ল বিভাগে অতিৰিক্ত ৬০০ কোটি টকা উপাৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এনে সময়তে আসন্ন ২০২৬ চনৰ বাজেটত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পূৰ্বৰ ৰেহাই পুনৰ ঘূৰাই অনাৰ দাবী উঠিছে।
ক’ভিডৰ পূৰ্বৰ ৰেহাই ব্যৱস্থা
২০২০ চনত ক’ভিড মহামাৰীৰে আগ্ৰাসী ৰূপ লোৱাৰ পূৰ্বলৈকে ভাৰতীয় ৰে’লৱয়ে জ্যেষ্ঠ নাগৰিকসকলক ৰে’লৰ টিকটত যথেষ্ট ৰেহাই দিছিল। মেইল, এক্সপ্ৰেছ, ৰাজধানী, শতাব্দী আৰু ডুৰন্টো এক্সপ্ৰেছ ৰে’লত ৬০ বছৰৰ ওপৰৰ পুৰুষ যাত্ৰীক ৪০ শতাংশ ৰেহাই আৰু ৫৮ বছৰৰ ওপৰৰ মহিলাক ৫০ শতাংশ ৰেহাই দিয়া হৈছিল।
এই ব্যৱস্থাই জ্যেষ্ঠ নাগৰিকসকলৰ ভ্ৰমণ খৰচ বহু পৰিমাণে লাঘৱ কৰিছিল। কিন্তু ক’ভিডৰ সময়ত এই ৰেহাই বন্ধ কৰি দিয়া হয়। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত এই ৰেহাই পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰক বাৰে বাৰে অনুৰোধ কৰা হৈছে। অৱশ্যে এইক্ষেত্ৰত এতিয়ালৈকে চৰকাৰে কোনো ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা নাই।
বাজেট ২০২৬ত ৰাইজৰ আশা
সেয়ে আগন্তুক কেন্দ্ৰীয় বাজেটত চৰকাৰে টিকটৰ ৰেহাইৰ বিষয়টো গুৰুত্বসহকাৰে ল’ব আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৰেহাইৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা হ’ব বুলি জনসাধাৰণে আশা প্ৰকাশ কৰিছে। যদি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে, এয়া নিশ্চিতভাৱে দেশৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক ডাঙৰ সকাহ হ’ব।