শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Post Office Scheme: ডাক ঘৰৰ এই আঁচনিয়ে আপোনাক দিব নিৰাপদ সঞ্চয়ৰ নিশ্চয়তা, মুকলি কৰিব মাহিলী আয়ৰ পথ

ডাকঘৰৰ এই আঁচনিৰ জৰিয়তে চৰকাৰী নিশ্চয়তাৰে প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ আয় নিশ্চিত কৰা হয়। পিছে এই আঁচনিৰ সুবিধা কোনে পাব আৰু কিদৰে পাব, জানো আহক সেই বিষয়ে।

Post Office Scheme: ডাক ঘৰৰ এই আঁচনিয়ে আপোনাক দিব নিৰাপদ সঞ্চয়ৰ নিশ্চয়তা, মুকলি কৰিব মাহিলী আয়ৰ পথ
ডাকঘৰৰ বিশেষ আঁচনিImage Credit source: Faisal Bashir/SOPA Images/LightRocket via Getty Images
monjit-dutta
Monjit Dutta | Published: 18 Nov 2025 14:05 PM

প্ৰতিজন ব্যক্তিয়েই নিজৰ কষ্টোপাৰ্জিত ধনৰ এটা অংশ সঞ্চয় কৰে। এই কষ্টোপাৰ্জিত মূলধনৰ সুৰক্ষা নিশ্চিত কৰাটো প্ৰতিজন ব্যক্তিৰ প্ৰাথমিক দায়িত্ব। পিছে এই মূলধন কিদৰে সুৰক্ষিত কৰি ৰাখিব? শ্বেয়াৰ বজাৰৰ সূচকাংকৰ ক্ষেত্ৰত সদায়েই দেখা যায় উত্থান-পতন। অৰ্থাৎ ইয়াত ধন বিনিয়োগ কৰাটো যথেষ্ট বিপদসঙ্কুল হৈ পৰে। ইয়াৰ উপৰিও ফিক্সড ডিপ’জিটৰ সুতৰ হাৰো এতিয়া যথেষ্ট কম। পিছে এইক্ষেত্ৰত আপোনাৰ মনত ডাকঘৰৰ এক বিশেষ আঁচনিয়ে আশাৰ সঞ্চাৰ কৰিছে।

ডাকঘৰৰ এই আঁচনিখনৰ নাম পোষ্ট অফিচ মান্থলী ইনকাম স্কীম, চমুকৈ POMIS। এই আঁচনিৰ জৰিয়তে চৰকাৰী নিশ্চয়তাৰে প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ আয় নিশ্চিত কৰা হয়। পিছে এই আঁচনিৰ সুবিধা কোনে পাব আৰু কিদৰে পাব, জানো আহক সেই বিষয়ে।

কোনে পাব আঁচনিৰ সুবিধা

জ্যেষ্ঠ নাগৰিক আৰু চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা লোকসকলৰ বাবে এক ডাকঘৰৰ এই আঁচনি যথেষ্ট সুফলদায়ক। অৱশ্যে ১৮ বছৰৰ ওপৰৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই আঁচনিৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে ইয়াত আপোনাৰ মূল বিনিয়োগ সম্পূৰ্ণ নিৰাপদ হৈ থাকে।

মাহে কিমান টকা আয়?

এই আঁচনিৰ বাৰ্ষিক সুতৰ হাৰ সলনি হৈ থাকে। চলিত বিত্তীয় বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰ ত্ৰৈমাসিকলৈ আঁচনিৰ নীতিলৈ লক্ষ্য কৰিলে এই আঁচনিৰ সুতৰ হাৰ ৭.৪ শতাংশ। আঁচনিৰ অধীনত জইণ্ট একাউণ্টৰ ক্ষেত্ৰত সৰ্বাধিক ১৫ লাখ টকা পৰ্যন্ত জমা কৰিব পাৰিব। এই ধনৰ ওপৰত আপুনি প্ৰতিমাহে ৯ হাজাৰ ২৫০ টকাৰ নিশ্চিত সুত লাভ কৰিব।

এইদৰে ১৫ লাখ টকা জমা কৰিলে পাঁচ বছৰৰ পাছত আপোনাৰ মুঠ সুতৰ পৰিমাণ হ’ব ৫ লাখ ৫৫ হাজাৰ টকা। আনহাতে একক একাউণ্টৰ ক্ষেত্ৰত এই আঁচনিত সৰ্বাধিক ৯ লাখ টকা জমা কৰিব পাৰিব। এই জমা ধনৰাশিৰ পৰা মাহিলী ৫ হাজাৰ ৫৫০ টকাৰ সুত লাভ কৰিব।

কিদৰে খুলিব একাউণ্ট

এই আঁচনিৰ একাউণ্ট খোলাৰ প্ৰক্ৰিয়া অতি সহজ। আপোনাৰ সমীপৰ ডাকঘৰতে আপুনি এই একাউণ্ট খুলিব পাৰিব। অৱশ্যে ইয়াৰ বাবে ডাকঘৰত এটা চেভিংছ একাউণ্ট থকাটো বাধ্যতামূলক। লগতে আপুনি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লগত লৈ যাব লাগিব। তাৰ পিছত POMIS ফৰ্ম এখন পূৰণ কৰি নূন্যতম ১ হাজাৰ টকা জমা দিব লাগিব।

আপোনাৰ মাহিলী সুত পোনে পোনে চেভিংছ একাউণ্টত জমা কৰা হ’ব। পাঁচ বছৰৰ পাছত আপুনি জমা কৰা ধন ঘূৰাই পাব। গতিকে এই চৰকাৰী আঁচনিখন মধ্যবিত্ত লোকসকলৰ বাবে ধনৰ নিৰাপদ সঞ্চয়ৰ লগতে নিশ্চিত মাহিলী আয়ৰ বাবে অন্যতম এক উত্তম বিকল্প।

বিশেষ দ্ৰষ্টব্যঃ যদি আপুনি কোনো আঁচনিত বিনিয়োগ কৰিব বিচাৰে, সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক বা বিশেষজ্ঞৰ পৰামৰ্শ লওক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে।