PM Kisan 21st Installment: আজি দেশৰ প্ৰতিগৰাকী কৃষকে লাভ কৰিব ২০০০ টকা, তালিকাত আপোনাৰ নাম এইদৰে পৰীক্ষা কৰক
আজিৰ প্ৰধানমন্ত্ৰী মোদীয়ে এটা ক্লিকতে দেশৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা কৰিব ২ হাজাৰকৈ টকা। আপুনি এই ধন লাভ কৰিবনে ? এইদৰে তালিকা পৰীক্ষা কৰক।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তি কেতিয়া মুকলি কৰিব? কিস্তিৰ মুকলিৰ মাত্ৰ এদিন পূৰ্বে কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ইয়াৰ তাৰিখ স্পষ্ট কৰি দিয়ে। তেওঁ জনোৱা মতে, আজি বুধবাৰৰ দিনটো দেশৰ কৃষি খণ্ডৰ বাবে অতি বিশেষ দিন। সন্মান নিধিৰ ২১ সংখ্যক কিস্তি কোনো পলম নোহোৱাকৈ যোগ্য কৃষকৰ বেংক একাউণ্টলৈ স্থানান্তৰিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ প্ৰস্তুত হৈছে।
চৰকাৰী আঁচনিৰ ধনৰ সময় সন্দৰ্ভত প্ৰায়ে মানুহৰ বিভ্ৰান্তিৰ সৃষ্টি হয় যদিও এইবাৰ কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে সময় সন্দৰ্ভত স্পষ্ট তথ্য প্ৰদান কৰিছে। তেওঁ ঘোষণা কৰিছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৯ নৱেম্বৰ বুধবাৰে দিনৰ ঠিক ১:৩০ বজাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি কৰিব।
চৰকাৰে এই দিনটো কেৱল ধন হস্তান্তৰ কাৰ্যসূচীত সীমাবদ্ধ নাৰাখি, ‘কিষাণ উৎসৱ’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। এই উপলক্ষে দেশৰ কৃষকসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই সময়ছোৱাত এটা ক্লিকতে লাখ লাখ কৃষকৰ একাউণ্টলৈ পোনপটীয়াকৈ ২০০০ টকাকৈ ধন স্থানান্তৰ কৰা হ’ব। মন কৰিবলগীয়া যে, এই সাহায্য ইতিমধ্যে হিমাচল প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰৰ দৰে দুৰ্যোগৰ সন্মুখীন হোৱা ৰাজ্যৰ কৃষকসকললৈ প্ৰেৰণ কৰা হৈছে, এই কঠিন সময়ত তেওঁলোকক তাৎক্ষণিক সহায় আগবঢ়োৱা হয়।
৯ কোটিৰো অধিক কৃষকে লাভ কৰিব পুঁজি
বুধবাৰে মুকলি হ’বলগীয়া এই কিস্তিত ১৮ হাজাৰ কোটিতকৈ অধিক ধন ৯ কোটিতকৈ অধিক কৃষকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব। এই আৰ্থিক সাহায্যই ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক সাৰ, বীজ, আৰু অন্যান্য কৃষি সামগ্ৰী ক্ৰয় কৰাত যথেষ্ট সহায় কৰে।
এই কাম অতি প্ৰয়োজনীয়
যদি আপুনি বিচাৰে যে, কাইলৈ মুকলি কৰা ধন কোনো ধৰণৰ বাধা নোহোৱাকৈ আপোনাৰ একাউণ্টত জমা হওক, তেন্তে আপোনাৰ ই-কেৱাইচি সম্পূৰ্ণ কৰাটো অতি গুৰুত্বপূৰ্ণ। চৰকাৰে শুদ্ধ হিতাধিকাৰী চিনাক্ত কৰাটো বাধ্যতামূলক কৰিছে। প্ৰযুক্তিয়ে ইমান সহজ কৰি তুলিছে যে, এতিয়া কৃষকসকলে ঘৰৰ পৰাই বা ওচৰৰ কেন্দ্ৰলৈ গৈ এই কাম কৰিব পাৰিব। তিনিটা সহজ পদ্ধতিৰে আপুনি আপোনাৰ ই-কেৱাইচি ভেৰিফাই কৰিব পাৰে।
- OTP based E-KYC: এইটো আটাইতকৈ সহজ পদ্ধতি, যিটো আপুনি আপোনাৰ মোবাইলৰ পৰা কৰিব পাৰে।
- Biometric based E-KYC: ওচৰৰ কমন চাৰ্ভিচ চেণ্টাৰ (চিএছচি)ত এই কাম কৰিব পাৰে।
- Face recognition based E-KYC: এপৰ জৰিয়তে আপোনাৰ আপোনাৰ মুখৰ সহায় এই কাম কৰিব পাৰে।
তালিকাত নিজৰ নাম কেনেকৈ পৰীক্ষা কৰিব?
কিস্তি মুকলি কৰাৰ আগতে বা পিছত আপুনি সহজেই পৰীক্ষা কৰিব পাৰে যে, টকাখিনি আপোনাৰ একাউণ্টত জমা হৈছে নে বা আপোনাৰ নাম তালিকাত আছে নে নাই। প্ৰক্ৰিয়াটো অতি সহজ:
- প্ৰথমে অফিচিয়েল Pm kisan ৱেবছাইট চাওক।
- তাত আপুনি “Beneficiary Status” বিকল্পটো দেখিব। তাত ক্লিক কৰক।
- আপোনাৰ আধাৰ নম্বৰ বা বেংক একাউণ্ট নম্বৰ দিয়ক।
- ইয়াৰ পিছত “Get Data” ত ক্লিক কৰক আৰু আপুনি সম্পূৰ্ণ তথ্য লাভ কৰিব।
ইয়াত আপুনি আপোনাৰ পূৰ্বৰ কিস্তি লাভ কৰা হৈছে নে নাই আৰু বৰ্তমানৰ পেমেণ্টৰ অৱস্থাও জানিব পাৰিব। কৃষকসকলে আগতীয়াকৈ তেওঁলোকৰ অৱস্থা পৰীক্ষা কৰাটো বাঞ্ছনীয় যাতে কোনো নথি-পত্ৰ অসম্পূৰ্ণ হ’লে তেওঁলোকে সেই বিষয়ে তথ্য লাভ কৰিব পাৰে।