সোমবাৰে ‘শিৱৰাত্ৰিৰ উপহাৰ’ দেশৰ কৃষকলৈঃ কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে দিলে এই সুখবৰ
মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ হাতত তুলি দিব উপহাৰ। অহা সোমবাৰে এই উপহাৰ লাভ কৰিব কৃষকসকলে। এই উপহাৰ হ’ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ১৯ তম কিস্তি। আজি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘোষণা কৰিছে।
দেশৰ কোটি কোটি কৃষকলৈ সুখবৰ। মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ হাতত তুলি দিব উপহাৰ। অহা সোমবাৰে এই উপহাৰ লাভ কৰিব কৃষকসকলে। এই উপহাৰ হ’ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ১৯ তম কিস্তি। আজি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘোষণা কৰিছে। দেশৰ ৯.৮০ কোটি কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ১৯ তম কিস্তিৰ অধীনত লাভ কৰিব মুঠ ২২ হাজাৰ কোটি টকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ ফেব্ৰুৱাৰীত বিহাৰৰ ভাগলপুৰৰ পৰা এই কিস্তি মুকলি কৰিব।
উল্লেখ্য যে ২০১৯ চনত এই PM-KISAN, অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এই আঁচনিৰ অধীনত কেন্দ্ৰই যোগ্য কৃষকসকলক প্ৰতি বছৰে ৬ হাজাৰ টকা প্ৰদান কৰে। প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২০০০ টকাকৈ তিনিটা কিস্তিত আঁচনিৰ হিতাধিকাৰী কৃষকসকলৰ একাউণ্টত এই ধন জমা কৰা হয়। পূৰ্বে এই আঁচনিৰ সুবিধা লাভ কৰিছিল ৯.৬০ কোটি কৃষকে।
এতিয়া আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যা ৯.৮০ কোটিলৈ বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ ১৫ অক্টোবৰত এই আঁচনিৰ ১৮ সংখ্যক কিস্তি বিতৰণ কৰিছিল। আজি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে উল্লেখ কৰা মতে অহা ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে বিহাৰৰ ভাগলপুৰত এক বৃহৎ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
এই অনুষ্ঠানটোৰ পৰাই কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ একাউণ্টলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ১৯ তম কিস্তি বিতৰণ কৰিব। লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ সমান্তৰালকৈ দেশৰ কৃষকসকললৈ শেহতীয়া কেন্দ্ৰীয় বাজেটে আন এক সুখবৰো আনিছিল। কেন্দ্ৰীয় বাজেটত এইবাৰ কিষান ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা বৃদ্ধি কৰা হৈছিল।
পূৰ্বে কৃষকসকলে কিষান ক্ৰেডিট কাৰ্ডত ৩ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিছিল। এতিয়া এই সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয়, বাজেটত কেন্দ্ৰীয় চৰকাৰে মখানা উৎপাদনকাৰী কৃষকৰ সুবিধা হোৱাকৈ মখানা ব’ৰ্ড গঠন কৰাৰ কথাও ঘোষণা কৰিছিল।