শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

PM Kisan: ভাল খবৰৰ অপেক্ষা! কেতিয়া কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ ধন?

চৰকাৰে বিভিন্ন সময়ত জনতাৰ বাবে বহু কল্যানমূলক আঁচনি ৰূপায়ন কৰে। এনে এক আঁচনি হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা। ইয়াৰ অধীনত কৃষকসকলে আৰ্থিক সকাহ লাভ কৰে।

PM Kisan: ভাল খবৰৰ অপেক্ষা! কেতিয়া কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ ধন?
পি এম কিষাণ
Barasha Sarma
Barasha Sarma | Updated On: 16 Jan 2026 13:38 PM

দেশৰ লাখ লাখ লোকে লাভ কৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Yojana) ৰ ধন। এই পৰ্যন্ত চৰকাৰে এই আঁচনিৰ অধীনত ২১টা কিস্তি মুকলি কৰিছে। এতিয়া দেশৰ কৃষকসকলে ২২ নম্বৰ কিস্তিলৈ বাট চাই আছে। ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰৰ পৰা ২১ সংখ্যক কিস্তি মুকলি কৰিছিল। চৰকাৰে এতিয়ালৈকে ২২ নম্বৰ কিস্তি মুকলি কৰাৰ তাৰিখ ঘোষণা কৰা নাই।

গতিকে আপুনি যদি ২২ নম্বৰ কিস্তিৰ বাবে বাট চাই আছে আৰু ২০২৬ এ ইয়াক কেনেদৰে প্ৰভাৱিত কৰিব, এই সকলোবোৰ এই লেখাটোত উল্লেখ কৰা হ’ল।

কেতিয়া পাব ধন?

উল্লেখ্য যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬ চনৰ ১ ফেব্ৰুৱাৰীত দেশৰ সাধাৰণ বাজেট দাখিল কৰিব। বিশেষজ্ঞৰ মতে, বাজেটৰ বাবে ১ ফেব্ৰুৱাৰীৰ পূৰ্বে এই কিস্তি মুকলি  হোৱাৰ আশা ক্ষীণ। গতিকে ফেব্ৰুৱাৰী দ্বিতীয় বা তৃতীয় সপ্তাহত চৰকাৰে ২২ নম্বৰ কিস্তি মুকলি কৰিব পাৰে। ৰবি শস্য চপোৱা আৰু খাৰিফ বতৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো কৃষকৰ বাবে এই সময় অতি গুৰুত্বপূৰ্ণ। চৰকাৰী নিয়ম অনুসৰি, এই আঁচনিৰ অধীনত কৃষকসকলে মুঠ ৬০০০ টকা তিনিটা কিস্তি(এপ্ৰিল-জুলাই, আগষ্ট-নৱেম্বৰ আৰু ডিচেম্বৰ-মাৰ্চ) ত লাভ কৰে।

কেনেকৈ পৰীক্ষা কৰিব?

প্ৰায়ে দেখা যায় যে কাৰিকৰী বিজুতিৰ বাবে কেতিয়াবা কিছুমানৰ একাউন্টত ধন নোসোমায়। গতিকে আপুনি আগতীয়াকৈ ইয়াৰ ষ্টেটাছ পৰীক্ষা কৰিব পাৰে। এয়া পৰীক্ষা কৰিবলৈ আপুনি প্ৰথমে pmkisan.gov.inৰ অফিচিয়েল ৱেবচাইটলৈ যাওত। তাত হোমপেজত Farmer Corner বিকল্পটো ক্লিক কৰক।’Know Your Status’ ত ক্লিক কৰক। পাছত ৰেজিষ্টাৰ নম্বৰ দিয়ক। পাছত মোবাইললৈ অটিপি আহিব। পৰৱৰ্তী ,সময়ত আপুনি ষ্টেটাছ চাপ পাৰিব।

কাৰ কাৰ নাম আছে চাওক…

এই আঁচনিৰ অধীনত গাঁৱৰ কোনে কোনে সুবিধা লাভ কৰিছে সেয়াও চাব পাৰিব। পৰ্টেলৰ ফাৰ্মাৰ্ছ কৰ্ণাৰচত আপুনি হিতাধিকাৰীৰ তালিতা দেখিব। তাত ক্লিক কৰি আপুনি আপোনাৰ ৰাজ্য, জিলা, মহকুমা,  ব্লক, গাঁও আদি নিৰ্বাচন কৰিব লাগিব। পাছত আপুনি সম্পূৰ্ণ তালিকা দেখা পাব।

 

 

অন্য খবৰ পঢ়কঃ পহিলা মাঘত হোৰাহোৰে কমিছে সোণৰ দাম! জানক মূল্য…