কৃষকে কেতিয়া লাভ কৰিব PM KISANৰ ২০ তম কিস্তি! এইদিনটোত একাউণ্টলৈ আহিব পাৰে ধন…
বিগত কেইটামান দিনৰ পৰা কিষাণ সন্মান নিধিৰ আগন্তুক কিস্তি সন্দৰ্ভত যথেষ্ট আলোচনা চলি থকা দেখিবলৈ পোৱা গৈছে। এই ধনৰাশি কেতিয়া হিতাধিকাৰীসকলৰ একাউণ্টলৈ আহিব পাৰে!- এই বিষয়ত শেহতীয়াকৈ পোহৰলৈ আহিছে এক বিশেষ খবৰ।

বিগত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত দেশৰ কৃষকসকলে লাভ কৰিছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৯তম কিস্তি। ইয়াৰ পিছতে কৃষকসকলে এই আঁচনিৰ ২০তম কিস্তিৰ বাবে আশাৰে বাট চাইও আছে। বিগত কেইটামান দিনৰ পৰা কিষাণ সন্মান নিধিৰ আগন্তুক কিস্তি সন্দৰ্ভত যথেষ্ট আলোচনা চলি থকা দেখিবলৈ পোৱা গৈছে। এই ধনৰাশি কেতিয়া হিতাধিকাৰীসকলৰ একাউণ্টলৈ আহিব পাৰে!- এই বিষয়ত শেহতীয়াকৈ পোহৰলৈ আহিছে এক বিশেষ খবৰ। এই খবৰ অনুসৰি ১৮ জুলাই অৰ্থাৎ কাইলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০তম কিস্তি মুকলি কৰা হ’ব পাৰে।
কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মতিহাৰী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আই টি, ৰে’লৱে, আৰু পথৰ উন্নয়নকে ধৰি ৭,১০০ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। এই অনুষ্ঠানৰ সময়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ২০ তম কিস্তি মুকলি কৰাৰ সম্ভাৱনা আছে। যদি সেয়া সম্ভৱ হয়, তেতিয়া কাইলৈয়ে এই আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ একাউণ্টত ২০০০ টকাকৈ লাভ কৰিব।
অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এইপৰ্যন্ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। লক্ষণীয়ভাৱে এই আঁচনিৰ ১৯তম কিস্তি প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰ ভ্ৰমণৰ সময়তে মুকলি কৰিছিল। এইবাৰো পুনৰ বিহাৰ ভ্ৰমণতে প্ৰধানমন্ত্ৰী মোদীয়ে আঁচনিৰ ২০তম কিস্তি মুকলি কৰিব পাৰে বুলি চৰ্চা চলিছে।
উল্লেখ্য যে এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে প্ৰতিবছৰে ৬ হাজাৰ টকাকৈ লাভ কৰে। কিন্তু এই ধনৰাশি একেলগে প্ৰদান কৰা নহয়, দুই হাজাৰ টকাকৈ তিনিটা কিস্তিত এই ধন লাভ কৰে হিতাধিকাৰীসকলে। প্ৰতিটো কিস্তিৰ ধন পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ ই-কেৱাইচি বাধ্যতামূলক কৰা হৈছে।
আঁচনিৰ বাবে পঞ্জীয়ন কৰিলেও যিসকল কৃষকে এই ই-কেৱাইচি পৰীক্ষণ সম্পূৰ্ণ কৰা নাই তেওঁলোক আঁচনিখনৰ সুবিধাৰ পৰা বঞ্চিত হ’ব। ইয়াৰ উপৰিও আঁচনিৰ ধন প্ৰেৰণ কৰা বেংক একাউণ্টসমূহ আধাৰ-লিংক কৰা হ’ব লাগিব আৰু PM-KISAN পৰ্টেলত সঠিকভাৱে আপডেট কৰা হ’ব লাগিব। কৃষকসকলক আধাৰকে ধৰি অত্যাৱশ্যকীয় নথি-পত্ৰ, ঠিকনাৰ প্ৰমাণ আৰু বেংকৰ পাছবুকৰ কপি লৈ নিৰ্দিষ্ট বেংকৰ শাখালৈ গৈ এই প্ৰক্ৰিয়া পূৰ কৰিব পাৰিব।