শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰয়েল এনফিল্ডৰ বাইক কেতিয়া ক্ৰয় কৰিলে বাচিব জেপৰ ধন? ২২ ছেপ্টেম্বৰৰ আগত নে পিছত, চাওক…

ৰয়েল এনফিল্ডৰ বাহনসমূহৰ প্ৰতি যুৱক-যুৱতীসকলৰ যথেষ্ট আগ্ৰহ দেখা যায়। গতিকে পূজাৰ সময়ত হয়তো ৰয়েল এনফিল্ডৰ বাইক ক্ৰয়ৰ ইচ্ছা বহুলোকৰে আছে। কিন্তু নতুন জি এছ টি নীতি অনুসাৰে ৰয়েল এনফিল্ডৰ বাইক ২২ ছেপ্টেম্বৰৰ আগত ক্ৰয় কৰা উচিত হ’ব নে পিছত ক্ৰয় কৰা উচিত হ’ব!

ৰয়েল এনফিল্ডৰ বাইক কেতিয়া ক্ৰয় কৰিলে বাচিব জেপৰ ধন? ২২ ছেপ্টেম্বৰৰ আগত নে পিছত, চাওক…
ৰয়েল এনফিল্ডৰ বাইক ক্ৰয় কৰিব বিচাৰে নেকি?Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 05 Sep 2025 17:45 PM

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি জি এছ টিৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰে জি এছ টিৰ সংস্কাৰ সাধন কৰি বিত্ত মন্ত্ৰালয়ে জাৰি কৰিছে নতুন অধিসূচনা অহা ২২ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে এই নতুন জি এছ টি ব্যৱস্থাজি এছ টি ২.০ কাৰ্যকৰী হ’ব। নতুন এই কৰ গাঁথনিত দৈনন্দিন প্ৰয়োজনীয় বহু সামগ্ৰীৰ মূল্য হ্ৰাস হব। কৰ শূন্য হ’ব জীৱন বীমা আৰু স্বাস্থ্য বীমা। স্বাভাৱিকতেই দেশবাসীৰ বাবে এয়া এক সকাহৰ খবৰ হিচাপে বিবেচিত হৈছে

নতুন এই কৰ ব্যৱস্থা অনুসৰি, বহু গাড়ী আৰু বাইকৰ দামো হ্ৰাস পাব। কেন্দ্ৰই জাৰি কৰা অধিসূচনাত ইতিমধ্যে এই কথা অৱগত কৰা হৈছে। বহু সামগ্ৰীৰ কৰ হ্ৰাসৰ বিপৰীতে এতিয়া পিছে সুৰা, চিগাৰেট আৰু বহু বিলাসী সামগ্ৰীৰ ওপৰত ৪০ শতাংশ কৰ আৰোপ কৰা ব। ইয়াৰ ভিতৰত আছে বহু বাহন

চলিত মাহৰ শেষৰ ফালে দেশে উদযাপন কৰিব দুৰ্গা পূজা পূজাৰ বতৰত নতুন সম্পত্তি ক্ৰয়ৰ ইচ্ছা বহুলোকৰ থাকে বিশেষকৈ পূজাৰ বতৰত কোম্পানীসমূহে আগবঢ়োৱা ৰেহাইৰ সুবিধা গ্ৰহণ কৰি যুৱকযুৱতীসকলে বাইক বা বাহন ক্ৰয় কৰে বাইকৰ ক্ষেত্ৰত যুৱকযুৱতীসকলৰ অতি পছন্দৰ কোম্পানী ৰয়েল এনফিল্ড

এই কোম্পানীটোৰ বাহনসমূহৰ প্ৰতি যুৱকযুৱতীসকলৰ যথেষ্ট আগ্ৰহ দেখা যায় গতিকে পূজাৰ সময়ত হয়তো ৰয়েল এনফিল্ডৰ বাইক ক্ৰয়ৰ ইচ্ছা বহুলোকৰে আছে কিন্তু নতুন জি এছ টি নীতি অনুসাৰে ৰয়েল এনফিল্ডৰ বাইক ২২ ছেপ্টেম্বৰৰ আগত ক্ৰয় কৰা উচিত নে পিছত ক্ৰয় কৰা উচিত ! জানো আহক এই বিষয়ে

কেন্দ্ৰই জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে ৩৫০ চিচি আৰু তাৰ তলৰ ছেগমেণ্টৰ সকলো মটৰ চাইকেলতে জি এছ টি ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। গতিকে যিসকলে ৰয়েল এনফিল্ডৰ বুলেট, ক্লাছিক, মেটিয়ৰ বা হাণ্টাৰৰ দৰে বাইক ক্ৰয় কৰিব বিচাৰে, তেওঁলোকে ২২ তাৰিখৰ পিছত এই বাইকসমূহ ক্ৰয় কৰাই উচিত ইয়াৰ ফলত তেওঁলোকৰ যথেষ্ট ধন ৰাহি হ’ব।

আনহাতে, যিসকলে ৰয়েল এনফিল্ড কোম্পানীৰ গেৰিলা, হিমালয়ান, ছুপাৰ মিটিয়ৰ বা কণ্টিনেণ্টেলৰ দৰে ৩৫০ চিচিতকৈ ওপৰৰ ছেগমেণ্টৰ বাইক ক্ৰয় কৰিব বিচাৰে, তেওঁলোকৰ বাবে ২২ ছেপ্টেম্বৰৰ পূৰ্বে বাইক ক্ৰয় কৰাই উচিত কিয়নো নতুন কৰ ব্যৱস্থা কাৰ্যকৰী হ’লে এই বাইকসমূহৰ দাম বহু পৰিমাণে বৃদ্ধি পাব।