শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আপোনাৰ PAN কাৰ্ড আছেনে? এই ভুল কৰিলে ভৰিব লাগিব ১০ হাজাৰ টকা জৰিমনা

পেন (PAN)ৰ লগত জড়িত অলপ গাফিলতিয়ে আপোনাক আৰ্থিক ক্ষতি আৰু আইনী বিপদত পেলাব পাৰে। গতিকে সময়মতে আপোনাৰ পেন কাৰ্ডৰ স্থিতি পৰীক্ষা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক।

আপোনাৰ PAN কাৰ্ড আছেনে? এই ভুল কৰিলে ভৰিব লাগিব ১০ হাজাৰ টকা জৰিমনা
PAN কাৰ্ড
Trishna Kalita
Trishna Kalita | Published: 14 Jun 2025 19:21 PM

যদি আপুনিও PAN card ব্যৱহাৰ কৰে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকলৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিছে, তেওঁলোকৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা আৰম্ভ কৰিছে আয়কৰ বিভাগে। এনে লোকক ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। বহুতে অজ্ঞাত যে তেওঁলোকৰ PAN কাৰ্ড এতিয়া বৈধ নহয়, আৰু তেওঁলোকে ইয়াক আগৰ দৰে ব্যৱহাৰ কৰি আছে। এই ভুল এতিয়া ব্যয়বহুল হিচাপে প্ৰমাণিত হ’ব পাৰে।

পেন কাৰ্ড কেৱল আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) দাখিল কৰাই নহয় বেংকিং, বিনিয়োগ, সম্পত্তি ক্ৰয়-বিক্ৰয়, ঋণ লোৱা আৰু অন্যান্য বিত্তীয় লেনদেনৰ বাবেও ব্যৱহাৰ কৰা হয়। যদি কাৰোবাৰ PAN নিষ্ক্ৰিয় হৈ পৰিছে আৰু সেই ব্যক্তিজনে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে ব্যৱহাৰ কৰে তেন্তে আয়কৰ বিভাগৰ ২৭২ বি ধাৰা অনুসৰি ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

সাধাৰণতে পান কাৰ্ড আধাৰৰ সৈতে লিংক নহ’লে বা লিংকিং প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ থাকিলে নিষ্ক্ৰিয় হৈ পৰে। ইতিমধ্যে চৰকাৰে নিৰ্দেশ দিছিল যে সকলো পান কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক।  লিংক নকৰিলে পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰে।

যদি আপুনি জানিব বিচাৰে যে আপোনাৰ PAN কাৰ্ড সক্ৰিয় হৈ আছে নে নাই, তেন্তে ঘৰতে বহি এই তথ্য লাভ কৰিব পাৰিব। ইয়াৰ বাবে আয়কৰ বিভাগৰ ই-ফাইলিং ৱেবছাইটত গৈ Verify Your PAN বিকল্পত ক্লিক কৰিব লাগিব। পেন নম্বৰ, সম্পূৰ্ণ নাম, জন্ম তাৰিখ আৰু আপোনাৰ পেন আৰু আধাৰৰ সৈতে সংযুক্ত মোবাইল নম্বৰ লিংক কৰক। OTP ত প্ৰৱেশ কৰাৰ পিছত আপোনাৰ PAN স্থিতি স্ক্ৰীণত দেখা যাব।

যদি আপোনাৰ PAN ত নিষ্ক্ৰিয় দেখাই, তেন্তে তৎক্ষণাত আধাৰৰ সৈতে লিংক কৰক। যদি আপুনি ইতিমধ্যে ইয়াক সংযোগ কৰিছে, তেন্তে সংযোগ বৈধ নে নহয় চাবলৈ অৱস্থাটো এবাৰ পৰীক্ষা কৰক। লগতে যদি ভুলতে আপোনাৰ হাতত দুটা PAN নম্বৰ আছে তেন্তে তাৰে এটা জমা দিয়ক। এই প্ৰক্ৰিয়াটো আপুনি NSDL বা UTIITSL ৰ ৱেবছাইটৰ পৰা সম্পূৰ্ণ কৰিব পাৰে।