শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আধাৰৰ সৈতে পেন লিংক কৰিলেনে? এই দিনটোৱেই অন্তিম সীমা, অন্যথা নতুন বৰ্ষত নিষ্ক্ৰিয় হ’ব পেন কাৰ্ড

এই নিৰ্দেশনা মতে চলিত এই ২০২৫ চনৰ অন্তিম দিন, অৰ্থাৎ ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ পেন আধাৰৰ সৈতে সংযোগ কৰিব লাগিব। যদি এই প্ৰক্ৰিয়াটো সময়সীমাৰ ভিতৰত সম্পূৰ্ণ নহয়, তেতিয়া ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা পেন নিষ্ক্ৰিয় হৈ পৰিব।

আধাৰৰ সৈতে পেন লিংক কৰিলেনে? এই দিনটোৱেই অন্তিম সীমা, অন্যথা নতুন বৰ্ষত নিষ্ক্ৰিয় হ’ব পেন কাৰ্ড
আধাৰৰ সৈতে পেন লিংক কৰিলেনে?
Monjit Dutta
Monjit Dutta | Published: 27 Dec 2025 09:33 AM

আপোনাৰ আধাৰৰ সৈতে পেন (PAN) লিংক কৰিছেনে? চৰকাৰী নিয়ম অনুসৰি এতিয়া সকলো নাগৰিকৰ বাবে আধাৰৰ সৈতে পেন লিংক কৰাটো বাধ্যতামূলক কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এই সন্দৰ্ভত এক নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা মতে কিছুমান বিশেষ শ্ৰেণীৰ পেন কাৰ্ডধাৰী লোকে চলিত এই ২০২৫ চনৰ অন্তিম দিন, অৰ্থাৎ ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ পেন আধাৰৰ সৈতে সংযোগ কৰিব লাগিব। যদি এই প্ৰক্ৰিয়াটো সময়সীমাৰ ভিতৰত সম্পূৰ্ণ নহয়, তেতিয়া ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা পেন নিষ্ক্ৰিয় হৈ পৰিব।

এইসকলৰ বাবে স্পষ্ট নিৰ্দেশনা

আয়কৰ আইনৰ ধাৰা ১৩৯এএ(২এ) অনুসৰি ২০২৪ চনৰ ১ অক্টোবৰৰ পূৰ্বে আধাৰ নামভৰ্তি আইডিৰ জৰিয়তে পেন কাৰ্ড লাভ কৰাসকলৰ বাবে আধাৰৰ সৈতে পেন লিংক কৰাটো বাধ্যতামূলক কৰা হৈছে। যদি ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত লিংকিং সম্পূৰ্ণ নহয়, তেতিয়া পেন নিষ্ক্ৰিয় হৈ যাব আৰু কোনো ধৰণৰ কৰ বা আৰ্থিক কামত ব্যৱহাৰ কৰিব নোৱাৰিব।

বৃহৎ পৰিসৰৰ বিত্তীয় লেনদেন বা কে ৱাই চি সম্পৰ্কীয় লেনদেন কৰা লোকসকল যেনে আয়কৰ ৰিটাৰ্ণ দাখিল কৰা, বেংকিং বা বিনিয়োগৰ লেনদেন, ষ্টক মাৰ্কেটৰ লেনদেন, মিউচুৱেল ফাণ্ড বা বৃহৎ মূল্যৰ লেনদেন কৰা কৰদাতা, বিনিয়োগকাৰী আৰু যিকোনো ব্যক্তিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব।

চলিত বৰ্ষৰে বিগত ৩ এপ্ৰিলত এক অধিসূচনা যোগে CBDTয়ে উল্লেখ কৰিছিল যে আধাৰ নম্বৰৰ পৰিৱৰ্তে আধাৰ নামভৰ্তি আইডি ব্যৱহাৰ কৰি পেন লাভ কৰাসকলে এতিয়া ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত মূল আধাৰ নম্বৰৰ সৈতে পেন লিংক কৰিব লাগিব। এই সময়সীমাৰ ভিতৰত লিংক কৰিলে কোনো অতিৰিক্ত জৰিমনা নাথাকিব।

অৱশ্যে ধাৰা ২৩৪Hৰ অধীনত আন পেন ধাৰীসকলৰ বাবে ১০০০ টকাৰ মাচুল এতিয়াও প্ৰযোজ্য হ’ব। বিশেষকৈ যিসকলৰ পেন ২০১৭ চনৰ ১ জুলাইৰ পূৰ্বে জাৰি কৰা হৈছিল আৰু এতিয়াও আধাৰিৰ সৈতে লিংক কৰা হোৱা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই মাচুল প্ৰযোজ্য হ’ব।

পেন নিষ্ক্ৰিয় হ’লে কি হ’ব?

যদি কোনো পেন নিষ্ক্ৰিয় হৈ পৰে, তেতিয়া আৰ্থিক কাম-কাজ স্তব্ধ হৈ পৰিব পাৰে। উদাহৰণ স্বৰূপে,

আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব।

ধন ঘূৰাই দিয়াৰ ক্ষেত্ৰতো পলম হ’ব পাৰে।

উচ্চ হাৰত TDS আৰু TCS কৰ্তন কৰা হ’ব।

15G/15Hৰ দৰে প্ৰ-পত্ৰ গ্ৰহণ কৰা নহ’ব।

বেংক, মিউচুৱেল ফাণ্ড, আৰু শ্বেয়াৰ ট্ৰেডিঙত KYCৰ বিফলতা হ’ব পাৰে।

আপোনাৰ PAN পুনৰ কিদৰে সক্ৰিয় কৰিব?

নিষ্ক্ৰিয় পেন পুনৰ সক্ৰিয় কৰিবলৈ ১০০০ টকা জৰিমনা আৰু আধাৰৰ সৈতে সংযোগ কৰিব লাগিব। সাধাৰণতে ৩০ দিনৰ ভিতৰত পেন পুনৰ সক্ৰিয় হয়।

আপোনাৰ পেন আধাৰৰ সৈতে সংযোগ কৰাৰ সহজ উপায়

প্ৰথমে আয়কৰ ই-ফাইলিং পৰ্টেললৈ যাওক।

“Link Aadhaar” বিকল্পত ক্লিক কৰক।

আপোনাৰ PAN, আধাৰ নম্বৰ, আৰু নাম লিখক।

OTP ৰ জৰিয়তে পৰীক্ষা কৰক।

প্ৰয়োজন হ’লে ১০০০ টকা মাচুল ই-পে টেক্সৰ জৰিয়তে পৰিশোধ কৰিব লাগিব।

এতিয়া চাবমিট কৰক।