শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দৰিদ্ৰ পাকিস্তানৰ অপাৰ মহিমা! ইফালে সাধাৰণ জনতাৰ ওপৰত কৰ বোজা…আনফালে ৫ গুণ বৃদ্ধি কৰিলে নেতাৰ দৰমহা…

প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ নেতৃত্বাধীন চৰকাৰখনে পুনৰ এক আচৰিত পদক্ষেপ গ্ৰহণ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ আয়াজ ছাদিক আৰু ছিনেটৰ অধ্যক্ষ ইউছুফ ৰাজা গিলানীৰ দৰমহা ৫০০ শতাংশ বৃদ্ধি কৰা হৈছে।

দৰিদ্ৰ পাকিস্তানৰ অপাৰ মহিমা! ইফালে সাধাৰণ জনতাৰ ওপৰত কৰ বোজা…আনফালে ৫ গুণ বৃদ্ধি কৰিলে নেতাৰ দৰমহা…
পাকিস্তান
trishna-kalita
Trishna Kalita | Published: 08 Jun 2025 12:56 PM

এফালে মুদ্ৰাস্ফীতি, নিবনুৱা আৰু ঋণৰ বোজা, আনফালে নেতাৰ পকেট ভৰোৱাত ব্যস্ত হৈ পৰিছে পাকিস্তান। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ নেতৃত্বাধীন চৰকাৰখনে পুনৰ এক আচৰিত পদক্ষেপ গ্ৰহণ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ আয়াজ ছাদিক আৰু ছিনেটৰ অধ্যক্ষ ইউছুফ ৰাজা গিলানীৰ দৰমহা ৫০০ শতাংশ বৃদ্ধি কৰা হৈছে।

দৰমহা বৃদ্ধি

এতিয়া এই শীৰ্ষ পদ অধিষ্ঠিত নেতাসকলে প্ৰতিমাহে ১৩ লাখ পাকিস্তানী টকাৰ দৰমহা পাব, আনহাতে আগতে তেওঁলোকে মাত্ৰ ২.০৫ লাখ টকাহে পাইছিল।  ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বৃদ্ধি পোৱা এই দৰমহা ।

অৱশ্যে শ্বৰীফ চৰকাৰে নেতাৰ দৰমহা অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত এয়ে প্ৰথম নহয়। ২০২৫ চনৰ মাৰ্চ মাহতে কেবিনেট মন্ত্ৰী, ৰাজ্য মন্ত্ৰী আৰু বিশেষ উপদেষ্টাৰ দৰমহা ১৮৮% পৰ্যন্ত বৃদ্ধি কৰা হয়। কেৱল এয়াই নহয়, সাংসদ আৰু চিনেটৰৰ মাহিলী দৰমহাও ৫.১৯ লাখ পাকিস্তানী টকালৈ বৃদ্ধি কৰা হয়।

 ক্ষুব্ধ জনতা

শ্বৰীফ চৰকাৰৰ এই সিদ্ধান্তক লৈ সাধাৰণ পাকিস্তানী নাগৰিকৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। ইছলামবাগৰ এজন নাগৰিকে ক্ষোভিত হৈ কয়, “প্ৰথমে তেওঁ নিজে সৰলতাৰ কথা কয়, তাৰ পিছত তেওঁ নিজে মন্ত্ৰীসভাৰ সংখ্যা বৃদ্ধি কৰে আৰু লগতে পাঁচগুণ দৰমহাও বৃদ্ধি কৰে। সাধাৰণ জনতাৰ ওপৰত কৰ বোজা আৰু নিজৰ বাবে বিলাসীতা, এয়া বহুত বেছি হৈছে।

মন কৰিবলগীয়া যে শ্বাহবাজ শ্বৰীফ চৰকাৰ যেতিয়া ক্ষমতালৈ আহিছিল তেতিয়া তেওঁৰ মন্ত্ৰীসভাত মাত্ৰ ২১ জন মন্ত্ৰী আছিল। এতিয়া এই সংখ্যা ৫১ লৈ বৃদ্ধি পাইছে।এফালে IMF আৰু বিশ্ব বেংকৰ পৰা বেইলআউট পেকেজ বিচাৰি ভিক্ষা খুজিছে,  আনফালে চৰকাৰে নিজকে আৰ্থিকভাৱে টনকীয়াল। এনে পৰিস্থিতিত সমালোচকৰ মতে যদি এয়াই ‘অৰ্থনৈতিক সংস্কাৰ’ হয়, তেন্তে পাকিস্তানে সংকটৰ পৰা উদ্ধাৰ হ’বলৈ বহু সময় লাগিব পাৰে।