শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশত বন্ধ ২ লাখৰো অধিক কোম্পানী, কৰ্মচাৰীৰ পুনৰ নিযুক্তিক লৈ চৰকাৰে ক’লে এইদৰে

লোকসভাত কেন্দ্ৰই দাখিল কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত সমগ্ৰ দেশতে ২ লাখৰো অধিক ব্যক্তিগত কোম্পানী বন্ধ হৈ পৰিছে। এই পৰিসংখ্যাই কেৱল বজাৰৰ উত্থান-পতনক প্ৰতিফলিত কৰাই নহয়, নিষ্ক্ৰিয় কোম্পানীসমূহৰ বিৰুদ্ধে চৰকাৰে চলাই থকা অভিযানৰ দিশটোও আঙুলিয়াই দিয়ে।

দেশত বন্ধ ২ লাখৰো অধিক কোম্পানী, কৰ্মচাৰীৰ পুনৰ নিযুক্তিক লৈ চৰকাৰে ক’লে এইদৰে
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 02 Dec 2025 11:09 AM

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। কেন্দ্ৰীয় চৰকাৰে অধিৱেশনৰ প্ৰথম দিনা লোকসভাত বহুকেইটা বিষয়ত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। লোকসভাত কেন্দ্ৰই দাখিল কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত সমগ্ৰ দেশতে ২ লাখৰো অধিক ব্যক্তিগত কোম্পানী বন্ধ হৈ পৰিছে। এই পৰিসংখ্যাই কেৱল বজাৰৰ উত্থান-পতনক প্ৰতিফলিত কৰাই নহয়, নিষ্ক্ৰিয় কোম্পানীসমূহৰ বিৰুদ্ধে চৰকাৰে চলাই থকা অভিযানৰ দিশটোও আঙুলিয়াই দিয়ে।

লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কৰ্পৰেট পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই প্ৰদান কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত ২,০৪,২৬৮টা ব্যক্তিগত কোম্পানী বন্ধ হৈছে। কোম্পানী আইন, ২০১৩ৰ অধীনত এই কোম্পানীসমূহ বন্ধ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

কেতিয়া আৰু কিমান কোম্পানী বন্ধ হৈছিল?

২০২৪-২৫ চনত বন্ধ হৈছিল ২০,৩৬৫টা ব্যক্তিগত কোম্পানী।

২০২৩-২৪ চনত ২১,১৮১ টা ব্যক্তিগত কোম্পানী।

২০২২-২৩ চনত ৮৩,৪৫২ টা ব্যক্তিগত কোম্পানী।

২০২১-২২ চনত ৬৪,০৫৪ টা ব্যক্তিগত কোম্পানী।

২০২০-২১ চনত বন্ধ ১৫,২১৬ টা ব্যক্তিগত কোম্পানী।

কৰ্মচাৰীৰ পুনৰ নিয়োগৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ

ইতিমধ্যে বন্ধ হৈ পৰা কোম্পানীসমূহৰ কৰ্মচাৰীসকলক পুনৰ সংস্থাপনৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা হৈছে নেকি, সেই বিষয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ এনে কোনো প্ৰস্তাৱ নাই বুলি উল্লেখ কৰে।

সদনত চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা তথ্য অনুসৰি ২০২১-২২ চনৰ পৰা আৰম্ভ হোৱা পাঁচটা বিত্তীয় বৰ্ষত মুঠ ১ লাখ ৮৫ হাজাৰ ৩৫০টা কোম্পানীক চৰকাৰী ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে।

এই বিত্তীয় বৰ্ষত ৰেকৰ্ডৰ পৰা আঁতৰিল ৮,৬৪৮ টা কোম্পানী

যোৱা ১৬ জুলাইলৈকে কেৱল এই বিত্তীয় বৰ্ষতে ৮,৬৪৮টা কোম্পানীক চৰকাৰী ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে। কোম্পানী আইন, ২০১৩ অনুসৰি যদি কোনো কোম্পানীয়ে দীৰ্ঘদিন ধৰি কোনো ব্যৱসায়িক কাৰ্যকলাপ অব্যাহত নাৰাখে বা কোম্পানীটোৱে স্বেচ্ছাই ৰেকৰ্ডৰ পৰা বাদ দিবলৈ আহ্বান জনায়, তেতিয়া চৰকাৰী ৰেকৰ্ডৰ পৰা বাদ দিব পাৰি।