শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বেংকত ধন নাথাকিলেও উলিয়াব পাৰিব ১০ হাজাৰ টকা! কিদৰে সম্ভৱ হ’ব এয়া?

স্বাভাৱিকতেই একাউণ্টত এটকাও ধন জমা নাথাকিলে প্ৰয়োজনৰ সময়তো আপুনি চিন্তিত হ’ব লাগিব। কিন্তু এইক্ষেত্ৰতো আছে ব্যতিক্ৰম। আপুনি জানি আচৰিত হ’ব যে বেংক একাউণ্টত কোনো ধন নাথাকিলেও আপুনি ধন উলিয়াব পাৰে। এক বিশেষ আঁচনিৰ অধীনত এয়া সম্ভৱপৰ।

বেংকত ধন নাথাকিলেও উলিয়াব পাৰিব ১০ হাজাৰ টকা! কিদৰে সম্ভৱ হ’ব এয়া?
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 28 Nov 2025 17:47 PM

প্ৰতিজন লোকেই সাধাৰণতে উপাৰ্জিত ধনৰ এটা ক্ষুদ্ৰ অংশ হ’লেও বেংকত জমা ৰাখে। নিজ বেংক একাউণ্টত ধন নাথাকিলেই কেতিয়াবা হয়তো বিপদৰো সন্মুখীন হ’বলগা হ’ব পাৰে। প্ৰয়োজনৰ সময়ত বেংকৰ পৰা জমা ধন উলিয়াই আনি প্ৰয়োজন অনুসৰি খৰচ কৰিব পাৰি। পিছে একাউণ্টত জমা ধন নাথাকিলে কি কৰিব আপুনি? স্বাভাৱিকতেই একাউণ্টত এটকাও ধন জমা নাথাকিলে প্ৰয়োজনৰ সময়তো আপুনি চিন্তিত হ’ব লাগিব। কিন্তু এইক্ষেত্ৰতো আছে ব্যতিক্ৰম।

আপুনি জানি আচৰিত হ’ব যে বেংক একাউণ্টত কোনো ধন নাথাকিলেও আপুনি ধন উলিয়াব পাৰে। এক বিশেষ আঁচনিৰ অধীনত এয়া সম্ভৱপৰ। এই সুবিধা প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত খোলা বেংক একাউণ্টৰ সৈতে উপলব্ধ। জন ধন একাউণ্টত নূন্যতম বেলেঞ্চৰ প্ৰয়োজন নাই। তথাপিও গ্ৰাহকে তেওঁলোকৰ খালী একাউণ্টৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত অভাৰড্ৰাফ্টৰ সুবিধা ল’ব পাৰে।

অভাৰড্ৰাফ্ট কি?

অভাৰড্ৰাফ্টৰ অৰ্থ হ’ল আপোনাৰ একাউণ্টত ধন নাথাকিলেও বা বেলেঞ্চ শূন্য হ’লেও বেংকৰ পৰা সামান্য ধন উলিয়াব পাৰিব। ইয়াক বেংকৰ পৰা হ্ৰস্বম্যাদী ঋণ বুলি ধৰিব পাৰি। আপোনাৰ একাউণ্টত ধন জমা হ’লে আপুনি এই ধনৰাশি ঘূৰাই দিব লাগিব। বিশেষকৈ জৰুৰীকালীন বা অপ্ৰত্যাশিত খৰচৰ বাবে এই সুবিধা সহায়ক বিবেচিত হয়।

অভাৰড্ৰাফ্ট কিদৰে পাব?

জন ধন যোজনাৰ অধীনত খোলা সকলো বেংক একাউণ্টেই হৈছে বেচিক চেভিংছ বেংক ডিপ’জিট একাউণ্ট (BSBDA)। বেংক একাউণ্টৰ সৈতে প্ৰদান কৰা RuPay ডেবিট কাৰ্ডতো দুৰ্ঘটনাৰ বীমা দিয়া হয়, এই বীমাৰ সীমা ২ লাখ টকা পৰ্যন্ত। এই সুবিধা লাভ কৰিব বিচৰা গ্ৰাহকে তেওঁলোকৰ বেংকলৈ গৈ অভাৰড্ৰাফ্টৰ বাবে আবেদন কৰিব লাগিব।

অভাৰড্ৰাফ্টৰ সুবিধা আৰু অসুবিধা

জৰুৰীকালীন বা অভাৱনীয় খৰচৰ ক্ষেত্ৰত এই সুবিধাৰ জৰিয়তে তাৎক্ষণিকভাৱে ধন উপলব্ধ হয়। এই সুবিধাৰ বাবে ঋণৰ দৰে দীঘলীয়া প্ৰক্ৰিয়াৰ প্ৰয়োজন নাই। নিয়মীয়া চেভিংছ একাউণ্টতকৈ ইয়াত সুত অধিক হয়। সেয়ে সঘনাই এই সুবিধা ব্যৱহাৰ কৰিলে একাউণ্টত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে।

বেংকে কেৱল এক নিৰ্দিষ্ট সীমালৈকেহে অভাৰড্ৰাফ্টৰ অনুমতি দিয়ে। সময়মতে এই ধন পৰিশোধ নকৰিলে আপোনাৰ ক্ৰেডিট ইতিহাসৰ ক্ষতি হ’ব পাৰে। এই সুবিধাৰ ওপৰত বিভিন্ন বেংকে বিভিন্ন চাৰ্জ আৰু নিয়ম আৰোপ কৰিব পাৰে।

কিদৰে ব্যৱহাৰ কৰিব?

প্ৰয়োজন সাপেক্ষেহে অভাৰড্ৰাফ্ট ব্যৱহাৰ কৰিব লাগে। এই সুবিধা অপ্ৰত্যাশিত খৰচ, জৰুৰীকালীন চিকিৎসা বা অপ্ৰত্যাশিত প্ৰয়োজনৰ বাবে অত্যন্ত উপকাৰী বিবেচিত হয়। ইয়াৰ দ্বাৰা কোনো ধৰণৰ ঋণ প্ৰক্ৰিয়া নোহোৱাকৈ তাৎক্ষণিকভাৱে ধন উলিয়াব পাৰি। মনত ৰাখিব যে সময়মতে ধন পৰিশোধ কৰিলে আপোনাৰ ক্ৰেডিট ৰেকৰ্ড সুৰক্ষিত হয়।