শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এগৰাকী ভাৰতনট্যম শিল্পী, মধ্যবিত্ত পৰিয়ালত জন্ম লোৱা নীতা আম্বানীৰ সম্পত্তিৰ মূল্য কিমান জানেনে ?

প্ৰকাশিত তথ্য অনুসৰি, ২০২৪ চনৰ মাৰ্চ মাহলৈকে আম্বানীৰ পাৰিবাৰিক সম্পত্তিৰ পৰিমাণ ১১,৭৮০ কোটি টকাতকৈও অধিক বুলি অনুমান কৰা হৈছে । সেই অনুসৰি ২০২৪ চনলৈকে নীতা আম্বানীৰ সম্পত্তি ২,৩৪০ৰ পৰা ২,৫১০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

এগৰাকী ভাৰতনট্যম শিল্পী, মধ্যবিত্ত পৰিয়ালত জন্ম লোৱা নীতা আম্বানীৰ সম্পত্তিৰ মূল্য কিমান জানেনে ?
manas-borah
Manas Borah | Updated On: 21 Aug 2024 13:19 PM

মুকেশ আম্বানীৰ পাছতে আম্বানী পৰিয়ালৰ আটাইতকৈ জনপ্ৰিয় মানুহ গৰাকীয়ে হৈছে নীতা আম্বানী । আম্বানী এটা ব্ৰেণ্ড, আম্বানী বুলি ক’লেই আমাৰ মনলৈ আহে ধন-সম্পত্তিৰে ভৰা এখন বিশাল সাম্ৰাজ্যৰ গৰাকী এজন লোক । য’তে আম্বানীৰ শব্দটো উচ্চাৰিত হয় তাতেই ধন । ধন-সম্পত্তিৰে ভৰা বিশাল সাম্ৰাজ্যৰ গৰাকী মুকেশ আম্বানীৰ পত্নী হৈছে নীতা আম্বানী । পিছে মুকেশ আম্বানী যদি বিশ্ব ভিতৰতে ধনাঢ্য ব্যক্তি হয়, তেওঁ পত্নীৰ সম্পত্তিৰ মূল্য কিমান ? এই প্ৰশ্ন হয়তো আপোনাৰো মনত উত্থাপিত হৈছে ।

১৯৬৪ চনৰ ১ নবেম্বৰত জন্মগ্ৰহণ কৰা নীতা আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালিকা হোৱাৰ উপৰিও ৰিলায়েন্স ফাউণ্ডেশ্যন, ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক । পাছত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালিকা পদৰ পৰা তেওঁ পদত্যাগ কৰে । মুম্বাইৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল নীতা আম্বানীয়ে । তেখেতৰ দেউতাকৰ নাম ৰবীন্দ্ৰভাই দলাল আৰু আৰু মাতৃৰ নাম হৈছে পূৰ্ণিমা দালাল । নাৰ্চী মঞ্জী কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা নীতা আম্বানীৰ ভাৰতনট্যম নৃত্যশিল্পী হিচাপে সুকীয়া পৰিচয় আছে । তেওঁ বৰ্তমান বয়স হৈছে ৬০ বছৰ ।

প্ৰকাশিত তথ্য অনুসৰি, ২০২৪ চনৰ মাৰ্চ মাহলৈকে আম্বানীৰ পাৰিবাৰিক সম্পত্তিৰ পৰিমাণ ১১,৭৮০ কোটি টকাতকৈও অধিক বুলি অনুমান কৰা হৈছে । সেই অনুসৰি ২০২৪ চনলৈকে নীতা আম্বানীৰ সম্পত্তি ২,৩৪০ৰ পৰা ২,৫১০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

নীতা আম্বানীয়ে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ জৰিয়তে দেশৰ শিক্ষা, ক্ৰীড়া, আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে । ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি অধিক আগ্ৰহ থকা নীতা আম্বানী হৈছে আইপিএলৰ আটাইতকৈ দামী ক্ৰিকেট টীম মুম্বাই ইণ্ডিয়ানছৰ গৰাকী । তেওঁ দলটোৱে বৰ্তমানলৈকে ৫ বাৰকৈ আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।

দেশখনত ক্ৰীড়াক জনপ্ৰিয় কৰাৰ বাবে ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেড আৰম্ভ কৰে নীতা আম্বানীয়ে । ইয়াৰ জৰিয়তে ইণ্ডিয়ান ছুপাৰ লীগ (ISL) আৰম্ভ হয়। ক্ৰীডা় জগত প্ৰায়ে দেখা পোৱা চিনাকী মুখ নীতা আম্বানী আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (IOC)লৈ পুনৰ নিৰ্বাচিত হৈছে ।