শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এতিয়াৰে পৰা দুচকীয়া বাহনৰ বাবেও দিব লাগিব টোল টেক্স, ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম

যদি আপুনিও ৰাষ্ট্ৰীয় ঘাইপথ দুচকীয়া বাহন চলাই, তেন্তে চৰকাৰৰ নতুন নিয়মৰ প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব। এতিয়াৰে পৰা NHAIত দুচকীয়া বাহনৰ পৰা টোল টেক্স সংগ্ৰহ কৰা হ’ব। ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। 

এতিয়াৰে পৰা দুচকীয়া বাহনৰ বাবেও দিব লাগিব টোল টেক্স, ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম
দুচকীয়া বাহনৰ বাবেও দিব লাগিব টোল টেক্স
trishna-kalita
Trishna Kalita | Updated On: 26 Jun 2025 13:08 PM

ৰাষ্ট্ৰীয় ঘাইপথত দুচকীয়া বাহন চলোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ। তথ্য অনুসৰি এতিয়া দুচকীয়া বাহনসমূহেও ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ দিব লাগিব। ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। ইয়াৰ পূৰ্বে দুচকীয়া বাহনৰ ওপৰত টোল টেক্স লোৱা হোৱা নাছিল।

উল্লেখ্য যে, আপুনি দুচকীয়া বাহন কিনাৰ সময়তে এই টোল টেক্স সংগ্ৰহ কৰা হ’ব। এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাৰে দুচকীয়া বাহন পাৰ হৈ গ’লে তেওঁলোকৰ পৰা টোল টেক্স লোৱা নহয়। ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া বা তাৰ ওপৰৰ বাহনৰ পৰাহে টোল টেক্স সংগ্ৰহ কৰা হয়। নতুন নিয়ম অনুসৰি দুচকীয়া বাহনসমূহে FASTag ৰ জৰিয়তে টোল কৰ দিব লাগিব।  নিয়ম উলংঘা কৰাসকলে ২ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।

দেশত NHAI ৰ কিমান টোলগেট আছে?

NHAIইৰ টোল ইনফৰ্মেশ্যন চিষ্টেমৰ ৰেকৰ্ড অনুসৰি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে দেশত NHAIৰ মুঠ ১০৫৭টা টোলগেট আছে। ইয়াৰে প্ৰায় ৭৮ টা টোলগেট কেৱল অন্ধ্ৰপ্ৰদেশতে আছে। বিহাৰত ৩৩ টা ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট থকাৰ বিপৰীতে উত্তৰ প্ৰদেশত ১২৩ টা টোল প্লাজা আছে।

১৫ আগষ্টৰ পৰা ৩ হাজাৰ টকাৰ পাছ

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে টোল সন্দৰ্ভত নতুন আঁচনি ঘোষণা কৰিছে। তেওঁ ঘোষণা কৰে ফাষ্টেগ ভিত্তিক বাৰ্ষিক টোল পাছ আঁচনি। ১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব এই আঁচনি। এই পাছত বাহনৰ গৰাকীয়ে ৩০০০ টকাত ২০০ বাৰ যাত্ৰা কৰিব পাৰিব। এই আঁচনি এতিয়াৰ বাবে কেৱল NHAI আৰু NE টোল প্লাজাতহে বৈধ হ’ব। অৱশ্য়ে ৰাজ্যিক ঘাইপথৰ অন্তৰ্গত টোল বুথত এই পাছে কাম নকৰে।

নীতিন গাডকাৰীয়ে কয়, “এই নীতিয়ে ৬০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অৱস্থিত টোল প্লাজাৰ বিষয়ে দীৰ্ঘদিনীয়া উদ্বেগ দূৰ কৰিব আৰু একক, সুলভ লেনদেনৰ জৰিয়তে টোল পৰিশোধ ব্যৱস্থা সৰল কৰিব।” মন্ত্ৰীগৰাকীয়ে কয়, “এই বাৰ্ষিক পাছৰ লক্ষ্য হৈছে লাখ লাখ ব্যক্তিগত বাহনৰ মালিকক অপেক্ষাৰ সময়, যানজঁট হ্ৰাস কৰি আৰু টোল প্লাজাত হোৱা বিবাদ কম কৰি দ্ৰুত আৰু মসৃণ ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা।”