শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Next-gen GST reforms: তেল-চেম্পুৰ পৰা টিভি আৰু বাহনলৈ কি কি সামগ্ৰীৰ দাম কমিব?

GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ১২ শতাংশ আৰু ২৮ শতাংশ হাৰ ৫ শতাংশ আৰু ১৮ শতাংশৰ দুটা স্লেবলৈ হ্ৰাস কৰা হয়। ক'ত কিমান হ্ৰাস পালে GST, জানক সবিশেষ-

Next-gen GST reforms: তেল-চেম্পুৰ পৰা টিভি আৰু বাহনলৈ কি কি সামগ্ৰীৰ দাম কমিব?
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 04 Sep 2025 03:13 AM

২২ ছেপ্টেম্বৰ নৱৰাত্ৰিৰ প্ৰথম দিন। সেইদিনাৰ পৰাই কাৰ্যকৰী হ’ব GSTৰ নতুন স্লেব। ইফালে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ পৰা GST আঁতৰোৱাৰ লগতে কেইবাটাও সামগ্ৰীৰ GST হ্ৰাস কৰা হৈছে। এই পৰিৱৰ্তনৰ ফলত দৈনন্দিন প্ৰয়োজনীয় কেইবাটাও সামগ্ৰীৰ দাম হ্ৰাস পাব।

কি কি সামগ্ৰীৰ দাম কমিব, থোৰতে জানি লওক-

দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী

তেল, চেম্পু, টুথপেষ্ট, চাবোন, টুথব্ৰাছ, শ্বেভিং ক্ৰীম, মাখন, ঘিউ, পনীৰ, দুগ্ধজাত সামগ্ৰী, নিমখ আৰু জলকীয়া, বাচন-বৰ্তন, নেপকিন, ডায়েপাৰ, চিলাই মেচিন।

স্বাস্থ্যৰ ক্ষেত্ৰত

স্বাস্থ্য বীমাৰ ওপৰত কোনোধৰণৰ GST নাথাকিব। ইয়াৰ লগতে থাৰ্মোমিটাৰ, অক্সিজেন, ডায়েগনষ্টিক কিট, ৰিএজেণ্ট, গ্লুক’মিটাৰ, টেষ্ট ষ্ট্ৰিপ আদিৰ দামো হ্ৰাস পাব।

পঢ়া-শুনাৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৰ বাবে কোনো ধৰণৰ GSTৰ প্ৰয়োজন নহ’ব

মানচিত্ৰ, চাৰ্ট, গ্লব, পেঞ্চিল, চাৰ্পেনাৰ, ক্ৰেয়ন, পেষ্টেল, কিতাপ, বহী, ইৰেজাৰ।

ইলেক্ট্ৰনিক সামগ্ৰী

এয়াৰ কণ্ডিচনাৰ, টেলিভিছন (এল ই ডি আৰু এল চি ডি ৩২ ইঞ্চিতকৈ ডাঙৰ), মনিটৰ, প্ৰজেক্টৰ, ডিচৱাছাৰ আদিৰ দাম হ্ৰাস পাব। এইবোৰৰ ওপৰত GST ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে।

বাহন আৰু সঁজুলি

পেট্ৰ’ল গাড়ী, ডিজেল গাড়ী, তিনিচকীয়া বাহন, মটৰ চাইকেল, সামগ্ৰী কঢ়িওৱা বাহনৰ দাম হ্ৰাস পাব। এইবোৰৰ ওপৰত GST ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে।

কৃষি খণ্ডতো ডাঙৰ পৰিৱৰ্তন

ট্ৰেক্টৰ, টায়াৰ, জৈৱ-কীটনাশক, ড্ৰিপ জলসিঞ্চন ব্যৱস্থা, মাটি খান্দিবলৈ ব্যৱহাৰ কৰা মেচিনৰ দাম হ্ৰাস পাব।