Next-gen GST reforms: উৎসৱৰ বতৰত সস্তা হ’ব গাড়ী-বাইকৰ দাম, হ্ৰাস কৰা হৈছে GST
পূজাৰ আগতে আপোনাৰ প্ৰিয় গাড়ীখন সস্তাতে ক্ৰয় কৰাৰ এক সুবিধা আপুনি লাভ কৰিব। অহা ২২ ছেপ্টেম্বৰৰ পৰা কেইবাখনো গাড়ী আৰু বাইকত GST হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

দুৰ্গা পূজাত নতুন গাড়ীত উঠি ফুৰিম বুলি ভবাসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কিয়নো গাড়ীৰ দাম হ্ৰাস পাব অতি শীঘ্ৰে। পূজাৰ আগতে আপোনাৰ প্ৰিয় গাড়ীখন সস্তাতে ক্ৰয় কৰাৰ এক সুবিধা আপুনি লাভ কৰিব। অহা ২২ ছেপ্টেম্বৰৰ পৰা কেইবাখনো গাড়ী আৰু বাইকত GST হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।
৩ ছেপ্টেম্বৰত GST পৰিষদৰ বৈঠকৰ পিছত সিদ্ধান্ত লোৱা হয় কোনবোৰ সামগ্ৰীৰ ওপৰত কিমান GST আৰোপ কৰা হ’ব। কেন্দ্ৰই প্ৰকাশ কৰা তালিকাৰ পৰা দেখা গৈছে যে কেইবাখনো গাড়ী আৰু বাইকৰ দাম হ্ৰাস পাব অচিৰেই।
পেট্ৰ’ল, পেট্ৰ’ল হাইব্ৰিড, লিকুইফাইড পেট্ৰলিয়াম গেছ, চিএনজি চালিত চাব-ফ’ৰ মিটাৰ বাহন আৰু ১২০০ চিচিতকৈ কম ইঞ্জিনযুক্ত বাহনৰ ক্ষেত্ৰত জিএছটি ১০ শতাংশ হ্ৰাস কৰা হৈছে। ইয়াৰ পূৰ্বে এনে বাহনৰ ওপৰত ২৮ শতাংশ GST আৰোপ কৰা হৈছিল। এতিয়া এনে বাহনৰ ওপৰত ১৮ শতাংশ GST আৰোপ কৰা হ’ব।
একেদৰে ১৫০০ চিচিতকৈ কম ইঞ্জিনযুক্ত ডিজেল আৰু ডিজেল হাইব্ৰিড চাব-ফ’ৰ মিটাৰ বাহনসমূহো ১৮ শতাংশ জিএছটি স্লেবৰ অধীনত আহিব। ফলত যিখন বাহনৰ এক্স-শ্ব’ৰুমৰ মূল্য এতিয়ালৈকে ৫ লাখ টকা আছিল, সেই বাহনৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা হ্ৰাস পাব।
ইয়াৰ উপৰিও ৩চকীয়া বাহনৰ GST হ্ৰাস কৰা হৈছে। সামগ্ৰী পৰিবহণৰ বাবে প্ৰয়োজনীয় যান-বাহনৰ ওপৰতো কৰ হ্ৰাস কৰা হৈছে GST। তদুপৰি বাইকৰ দাম হ্ৰাস কৰা হৈছে। ৩৫০চিচি আৰু তাৰ তলৰ ইঞ্জিন ক্ষমতা থকা বাইকৰ জিএছটি ১০ শতাংশ হ্ৰাস কৰা হৈছে। এতিয়ালৈকে এনে বাইকত ২৮ শতাংশ GST আৰোপ কৰা হৈছিল। এতিয়াৰ পৰা সেই ঠাইত ১৮ শতাংশ GST আৰোপ কৰা হ’ব।
কিছুদিন পূৰ্বে আইখাৰ মটৰ্ছৰ কাৰ্যবাহী অধ্যক্ষ সিদ্ধাৰ্থ লালে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি সকলো ধৰণৰ বাইকত একেধৰণৰ GST ৰখাৰ অনুৰোধ জনাইছিল। কাৰণ, তেওঁৰ কোম্পানী ৰয়েল এনফিল্ডৰ সকলো বাইক ৩৫০ চিচিতকৈ অধিক। সেইবাবেই এনে বাইকত অধিক কৰ আৰোপ কৰিলে ৰয়েল এনফিল্ডৰ ওপৰত চাপ পৰিলহেঁতেন। এতিয়া কেন্দ্ৰৰ এনে সিদ্ধান্তৰ ফলত কোম্পানীটোৱে কিছু সকাহ পালে। যদিও ৩৫০ চিচিৰ ওপৰৰ বাইকৰ ওপৰত কৰ সম্ভৱতঃ ৪০ শতাংশ আছিল, ৩৫০ চিচিৰ ছেগমেণ্টে ৰেহাই পাইছে।