শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নাৰায়ণা হেল্থৰ অধীনলৈ UK ভিত্তিক প্ৰেকটিছ প্লাছ গ্ৰুপ হাস্পতাল…

নাৰায়ণা হেল্থে এইবাৰ ব্ৰিটেইন স্বাস্থ্যসেৱা মাৰ্কেটত প্ৰৱেশ কৰিছে। শেহতীয়াকৈ স্বাস্থ্যসেৱাৰ প্ৰদানকাৰী প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে যে, ইউ কে ভিত্তিক প্ৰেকটিছ প্লাছ গ্ৰুপ হাস্পতালসমূহ অধিগ্ৰহণ কৰিছে নাৰায়ণা হেল্থে।

নাৰায়ণা হেল্থৰ অধীনলৈ UK ভিত্তিক প্ৰেকটিছ প্লাছ গ্ৰুপ হাস্পতাল…
Narayana HealthImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 03 Nov 2025 18:41 PM

উন্নত মানৰ সুলভ স্বাস্থ্য সেৱা প্ৰদান কৰি অহা বিশ্বৰ আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰদানকাৰী নাৰায়ণা হেল্থে এইবাৰ ব্ৰিটেইন স্বাস্থ্যসেৱা মাৰ্কেটত প্ৰৱেশ কৰিছে। শেহতীয়াকৈ স্বাস্থ্যসেৱাৰ প্ৰদানকাৰী প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে যে, ইউ কে ভিত্তিক প্ৰেকটিছ প্লাছ গ্ৰুপ হাস্পতালসমূহ অধিগ্ৰহণ কৰিছে নাৰায়ণা হেল্থে। এক বিকৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰিছে নাৰায়ণা হেল্থ কোম্পানীয়ে।

উল্লেখ্য যে, ইউ কে ভিত্তিক প্ৰেকটিছ প্লাছ গ্ৰুপে উচ্চমানৰ অৰ্থপেডিক্স, চকু আৰু সাধাৰণ অস্ত্ৰোপচাৰৰ বিশেষজ্ঞৰ ১২খন চিকিৎসালয় আৰু অস্ত্ৰোপচাৰ কেন্দ্ৰ পৰিচালনা কৰে। এই কৌশলগত অধিগ্ৰহণে নাৰায়ণা হেল্থৰ স্বাস্থ্যসেৱা প্ৰদানৰ পৰিসৰ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। প্ৰেকটিছ প্লাছ গ্ৰুপ নাৰায়ণা হেল্থৰ নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে কোম্পানীটোৱে ৰাজহৰ হিচাপত ভাৰতৰ শীৰ্ষ তিনিটা স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ ভিতৰত স্থান লাভ কৰিছে।

প্ৰেকটিছ প্লাছ গ্ৰুপ অৱ হাস্পতালসমূহ ব্ৰিটেইনৰ পঞ্চম বৃহত্তম ব্যক্তিগত চিকিৎসালয় গ্ৰুপ। এই গ্ৰুপে বছৰি প্ৰায় ৮০,০০০ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এই অধিগ্ৰহণৰ জৰিয়তে নাৰায়ণা হেল্থে ব্ৰিটেইনৰ স্বাস্থ্যসেৱাৰ বজাৰত প্ৰৱেশ লাভ কৰিছে। ইয়াৰ লগে লগে অনাগত বছৰবোৰত বিশেষকৈ ব্যক্তিগত খণ্ডত অস্ত্ৰোপচাৰৰ চাহিদা যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

নাৰায়ণা হেল্থৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ডাঃ দেৱী প্ৰসাদ শ্বেট্টীয়ে কয়, “প্ৰেকটিচ প্লাছ গ্ৰুপৰ চিকিৎসালয় আৰু চাৰ্জিকেল চেণ্টাৰৰ অধিগ্ৰহণ নাৰায়ণা হেল্থৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। নাৰায়ণা হেল্থৰ দৰে প্ৰেকটিছ প্লাছ গ্ৰুপেও স্বীকাৰ কৰিছিল যে, গৰিষ্ঠসংখ্যক ৰোগীয়ে স্বাস্থ্যসেৱাৰ সুবিধা লাভৰ বাবে সংগ্ৰাম কৰি আহিছে, আনহাতে মাত্ৰ কম সংখ্যক লোকেহে ব্যয়বহুল ব্যক্তিগত স্বাস্থ্যসেৱাৰ সামৰ্থ্য লাভ কৰি আহিছে।”

তেওঁ কয় যে, অধিক সুলভ ব্যক্তিগত স্বাস্থ্যসেৱাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। “মই প্ৰেকটিছ প্লাছ গ্ৰুপক নাৰায়ণা হেল্থলৈ আদৰণি জনাইছোঁ আৰু প্ৰতিজন ৰোগীক তেওঁলোকৰ প্ৰয়োজনীয় স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ আগ্ৰহী।” বিবৃতিত এইদৰে কয় ডাঃ দেৱী প্ৰসাদ শ্বেট্টীয়ে। ইফালে, ডাঃ শ্বেট্টী আৰু নাৰায়ণা হেল্থৰ উচ্চমানৰ, উন্নত স্বাস্থ্যসেৱাৰ বাবে সুনাম আছে বুলি প্ৰশংসা কৰিছে প্ৰেকটিছ প্লাছ গ্ৰুপৰ মুখ্য কাৰ্যবাহী মিষ্টাৰ জিম ইষ্টনে।

উল্লেখ্য যে, ডাঃ দেৱী শ্বেট্টীয়ে প্ৰতিষ্ঠা কৰা আৰু বেংগালুৰুত মুখ্য কাৰ্যালয় থকা নাৰায়ণা হেল্থ বিশ্ব স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য স্থান দখল কৰি আহিছে। নাৰায়ণা হেল্থৰ ৩,৮৬৮ জন দক্ষ চিকিৎসক আৰু বিশেষজ্ঞকে ধৰি ১৮,৮২২ জন নিষ্ঠাবান পেছাদাৰীৰ দল আছে।