কিমান ধনী মহম্মদ ছামীৰ পূৰ্বৰ পত্নী হাছিন জাহান ? জানিলে আচৰিত হ’ব !
আপুনি জানেনে হাচিন জাহান কিমান ধনী? তেওঁৰ উপাৰ্জন উৎস কি? আনহাতে, মহম্মদ ছামীৰ নেট ৱৰ্থ কিমান? জানোঁ আহক

আকৌ এবাৰ চৰ্চাত ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ পূৰ্বৰ পত্নী হাছিন জাহান। এইবাৰ ভাল খবৰ দিছে সামাজিক মাধ্যমৰ জৰিয়তে মহম্মদ ছামীৰ পূৰ্বৰ পত্নীয়ে। ইয়াৰ পাছতে ছামীৰ বিষয়েও সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে। জুলাই মাহত কলকাতা উচ্চ ন্যায়ালয়ে মহম্মদ ছামীক তেওঁৰ পূৰ্বৰ পত্নী হাছিন জাহানক প্ৰতিমাহে ৪ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। য’ত মাহে ২.৫ লাখ টকা কন্যাৰ বাবে আৰু হাচিন জাহানৰ বাবে মাহে ডেৰ লাখ টকা হ’ব। প্ৰতিমাহে ইমান বৃহৎ পৰিমাণৰ ধন পোৱাৰ পিছত আপুনি জানেনে হাচিন জাহান কিমান ধনী? তেওঁৰ উপাৰ্জন উৎস কি? আনহাতে, মহম্মদ ছামীৰ নেট ৱৰ্থ কিমান? জানোঁ আহক
কি ভাল খবৰ দিলে ছামীৰ পূৰ্বৰ পত্নীয়ে?
শেহতীয়াকৈ মহম্মদ ছামীৰ পূৰ্বৰ পত্নী হাছিন জাহানে ছচিয়েল মিডিয়াত এটা ভাল খবৰ দিছে। ছ’চিয়েল মিডিয়া হেণ্ডেলত তথ্য দি তেওঁ কয় যে, তেওঁৰ কন্যাক এখন ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰাইছে। ইয়াৰ লগতে তেওঁ ছামীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, কন্যাৰ পিতৃ ছামীয়ে নিজৰ ছোৱালীজনীয়ে ডাঙৰ স্কুলত পঢ়াটো নিবিচাৰে। ডাঙৰ স্কুলত আন মহিলা ল’ৰা-ছোৱালীৰ শিক্ষাৰ খৰচ তেওঁ বহন কৰি আছে, আন মহিলাৰ বিজনেছ ক্লাছৰ বিমান যাত্ৰাৰ খৰচ তেওঁ বহন কৰি আছে। কিন্তু জীয়েকৰ পঢ়া-শুনাৰ খৰচ দিবলৈ তেওঁ সাজু নাছিল। কিন্তু দেশৰ আইনে ন্যায় প্ৰদান কৰিলে। এতিয়া তেওঁৰ ছোৱালীজনীয়ে এখন ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত পঢ়িব।
ছামীৰ প্ৰাক্তন পত্নীৰ কিমান টকাৰ সম্পত্তি আছে আৰু তেওঁৰ উপাৰ্জন উৎস কি?
কলকাতা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতো হাছিন জাহানে মহম্মদ ছামীৰ পৰা প্ৰতিমাহে চাৰি লাখ টকা তেওঁৰ আৰু তেওঁৰ কন্যাৰ ক্ষতিপূৰণ হিচাপে লাভ কৰিব। ইয়াৰ পিছত হাছিন জাহানে বহু দিশত উপাৰ্জন কৰে। হাছিন জাহানে মডেলিং কৰে আৰু বাংলা ছবিতো কাম কৰে। যাৰ পৰা তেওঁ উপাৰ্জন কৰে। ইয়াৰ উপৰিও ফেশ্বন শ্ব’ আৰু এড শ্বুটৰ জৰিয়তেও উপাৰ্জন কৰে। ইনষ্টাগ্ৰাম পোষ্ট আৰু অন্যান্য ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তেও উপাৰ্জন কৰে। যদি আমি তেওঁ নেট ৱৰ্থৰ কথা কওঁ, তেন্তে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এক কোটি টকা।
মহম্মদ ছামীৰ নেট ৱৰ্থ
আনহাতে মহম্মদ ছামীৰ সম্পত্তিও কম নহয়। তেওঁক প্ৰাক্তন পত্নী হাছিন জাহানতকৈ ৬৪ গুণ ধনী বুলি কোৱা হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহম্মদ ছামীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৫ কোটি টকা। বিশেষ কথাটো হ’ল বি চি চি আইৰ কেন্দ্ৰীয় চুক্তিৰ উপৰিও মহম্মদ ছামীয়েও আই পি এলৰ পৰা প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন কৰে। একে সময়তে ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰাও তেওঁ বহুত উপাৰ্জন কৰে।