বন্ধ হ’বলৈ গৈ আছে এই বেংকসমূহ, চৰকাৰৰ ডাঙৰ পদক্ষেপ…
ইতিমধ্যে কেন্দ্ৰই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আৰম্ভ হৈছে আলোচনা। ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়াৰ লক্ষ্যৰে দেশৰ বেংকক বৃহৎ কৰাৰ পৰিকল্পনা। সেইবাবেই পুনৰবাৰ চৰকাৰী খণ্ডৰ বেংকত হাত দিব চৰকাৰে।
অস্তিত্বৰ সংকটত দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ। কেন্দ্ৰীয় চৰকাৰে ল’বলৈ ওলাইছে এটা ডাঙৰ পদক্ষেপ। সূত্ৰ অনুসৰি, পুনৰবাৰ চৰকাৰী খণ্ডৰ বেংক একত্ৰীকৰণৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে কেন্দ্ৰই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আৰম্ভ হৈছে আলোচনা। ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়াৰ লক্ষ্যৰে দেশৰ বেংকক বৃহৎ কৰাৰ পৰিকল্পনা। সেইবাবেই পুনৰবাৰ চৰকাৰী খণ্ডৰ বেংকত হাত দিব চৰকাৰে।
যোৱা মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, ভাৰতত একাধিক বৃহৎ আৰু বিশ্বমানৰ বেংকৰ প্ৰয়োজন। ইয়াৰ পিছত অনুমান কৰা হৈছিল যে, চৰকাৰে হয়তো ইতিমধ্যে বেংক একত্ৰীকৰণৰ কাম আৰম্ভ কৰিছে।
প্ৰতিবেদন অনুসৰি, ইণ্ডিয়ান অভাৰচিজ বেংক, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, বেংক অৱ ইণ্ডিয়া, বেংক অৱ মহাৰাষ্ট্ৰৰ দৰে ক্ষুদ্ৰ বেংকক দেশৰ বৃহৎ বেংকৰ সৈতে একত্ৰিত কৰা হ’ব। এই ক্ষুদ্ৰ বেংকসমূহ ষ্টেট বেংক অৱ ইণ্ডিয়া, পঞ্জাব নেচনেল বেংক আৰু বেংক অৱ বৰোদাৰ দৰে বৃহৎ বেংকৰ সৈতে একত্ৰিত কৰিব পাৰে।
বৰ্তমান দেশত ১২টা ৰাজহুৱা খণ্ডৰ বেংক আছে। সম্পত্তিৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ৫০ টা বেংকৰ তালিকাত কেৱল ভাৰতীয় ষ্টেট বেংকেহে ৪৩ সংখ্য স্থান লাভ কৰিছে। ব্যক্তিগত বেংক হিচাপে ৭৩ সংখ্যক স্থান লাভ কৰিছে এইচ ডি এফ চি বেংকে। অৱশ্যে দেশৰ বেংকসমূহৰ অধিক উন্নতি সাধন কৰিব বিচাৰিছে চৰকাৰে। আৰু সেইবাবেই একত্ৰীকৰণৰ ধাৰণাটো বিবেচনা কৰা হৈছে।
ইয়াৰ পূৰ্বেও হৈছে বেংকৰ একত্ৰীকৰণ। ২০১৯ চনৰ আগষ্ট মাহত মেগা-মাৰ্জাৰ ঘোষণা হৈছিল আৰু ১ এপ্ৰিল, ২০২০ৰ পৰা কাৰ্যকৰী হয়। ইয়াৰ অধীনত ২৭টা বেংকক একত্ৰিত কৰি ১২ টা বেংক কৰা হয়।
ইউনিয়ন বেংক অৱ ইণ্ডিয়া আৰু অৰিয়েণ্টেল বেংক অৱ কমাৰ্চক পঞ্জাৱ নেচনেল বেংকৰ সৈতে একত্ৰিত কৰা হয়। চিণ্ডিকেট বেংকক কানাড়া বেংকৰ সৈতে একত্ৰিত কৰা হয়। ইণ্ডিয়ান বেংকৰ লগত একত্ৰিত হৰা হয় এলাহাবাদ বেংকক । অন্ধ্ৰ বেংক আৰু কৰ্পৰেশ্যন বেংকক ভাৰতীয় ইউনিয়ন বেংকৰ সৈতে একত্ৰিত কৰা হয়। ডেনা বেংক আৰু বিজয়া বেংকক সৈতে একত্ৰিত কৰা হয় বেংক অৱ বৰোদাৰ ।
ইয়াৰ পূৰ্বে ২০০৮ চনত ষ্টেট বেংক অৱ সৌৰাষ্ট্ৰক এছ বি আইৰ সৈতে একত্ৰিত কৰা হৈছিল। ২০১০ চনত ইন্দোৰ ষ্টেট বেংকো এছ বি আইৰ অংশ হৈ পৰে।