টকা ছপা কৰা মেচিন হৈ পৰিব SIP! দীৰ্ঘম্যাদী বিনিয়োগে দিব অধিক লাভ
বজাৰৰ শীৰ্ষ স্তৰত বিনিয়োগ আৰম্ভ কৰক বা নিম্ন স্তৰত বিনিয়োগ আৰম্ভ কৰক, SIP ৰ পৰা পোৱা ৰিটাৰ্ণ প্ৰায় একেই। যিসকল বিনিয়োগকাৰীয়ে SIP ক উচ্চ বজাৰ মূল্যত আৰম্ভ কৰে আৰু যিসকলে কম মূল্যৰ পৰা আৰম্ভ কৰে, তেওঁলোকে দুয়ো দীৰ্ঘম্যাদীভাৱে প্ৰায় একেধৰণৰ ৰিটাৰ্ণ পায়।

যদি আপুনি ষ্টক মাৰ্কেটত বিনিয়োগ কৰে, তেন্তে আপুনি নিশ্চয় SIP (Systematic Investment Plan)ৰ কথা শুনিছে। বজাৰত বিনিয়োগকাৰীৰ মাজত এটা সাধাৰণ বিশ্বাস যে সঠিক সময়ত বিনিয়োগ কৰিলে ভাল ৰিটাৰ্ণ পোৱা যায়। কিন্তু এই কথা পোহৰলৈ আহিছে মতিলাল ওছৱাল মিউচুৱেল ফাণ্ডৰ এক অধ্যয়নত। প্ৰতিবেদন অনুসৰি, SIP (Systematic Investment Plan)ত বিনিয়োগ আৰম্ভ কৰাৰ সময় বজাৰত উচ্চ পৰ্যায়ত হওক বা নিম্ন পৰ্যায়ত হওক, দীৰ্ঘম্যাদীভাৱে দুয়োজন বিনিয়োগকাৰীয়ে প্ৰায় একেধৰণৰ লাভ অৰ্জন কৰে।
২০০০-২০০৫ চন: ডট কম ক্ৰেচ আৰু পুনৰুদ্ধাৰৰ সময়
২০০০ চনৰ ২৪ ফেব্ৰুৱাৰীত নিফটি ৫০০ সূচকাংকৰ PE অনুপাত (PE Ratio) আছিল ৩৭.২৬ (সৰ্বোচ্চ) আৰু ২০০১ চনৰ ২১ ছেপ্টেম্বৰত ১১.৫৮ (সৰ্বনিম্ন)। ফলত ২০০০ চনৰ ফেব্ৰুৱাৰী মাহত SIP আৰম্ভ কৰা বিনিয়োগকাৰীজনে ১৫.৪৭% CAGR লাভ কৰে। ২০০১ চনৰ ছেপ্টেম্বৰ মাহত SIP আৰম্ভ কৰাজনে ১৫.৫৫% CAGR লাভ কৰিছিল। অৰ্থাৎ দুয়োজন বিনিয়োগকাৰীয়ে প্ৰায় একেধৰণৰ ৰিটাৰ্ণ পাইছিল, আনহাতে বজাৰৰ অৱস্থা সম্পূৰ্ণ বেলেগ আছিল।
২০০৬-২০১০ চন: বিশ্বৰ মন্দাৱস্থা আৰু পুনৰুদ্ধাৰ
এই সময়ছোৱাত শ্বেয়াৰ বজাৰত দ্ৰুতগতিত নিম্নগামী হোৱা দেখা গ’ল, তাৰ পিছত ২০০৮ চনৰ বিশ্বৰ মন্দাৱস্থা আৰু পিছলৈ ক্ৰমান্বয়ে উন্নতি ঘটিল। ফলত ২০০৮ চনৰ জানুৱাৰী মাহত (যেতিয়া PE ২৭.০৭ আছিল) SIP আৰম্ভ কৰাসকলে ১৩.৯৭% ৰিটাৰ্ণ লাভ কৰে। ২০০৮ চনৰ অক্টোবৰ মাহত (যেতিয়া PE আছিল ৯.২৯) SIP আৰম্ভ কৰাসকলে ১৪.৩৬% ৰিটাৰ্ণ পাইছিল। আকৌ দুয়োজন বিনিয়োগকাৰীয়ে প্ৰায় একেই ৰিটাৰ্ণ পালে।
২০১১-২০১৫ বৰ্ষ: Fragile Five আৰু মোদী চৰকাৰৰ আশা
২০১৩ চনত ভাৰতক ‘ফ্ৰেজিল ফাইভ’ দেশৰ ভিতৰত গণ্য কৰা হৈছিল, যাৰ ফলত বজাৰত ব্যাপক অৱনতি ঘটিছিল। কিন্তু ২০১৪ চনত নিৰ্বাচনী পৰিৱেশে পুনৰ বজাৰখনক গতি প্ৰদান কৰিলে। ফলত ২০১৩ চনৰ আগষ্ট মাহত SIP আৰম্ভ কৰাসকলে ১৪.৮৯% ৰিটাৰ্ণ লাভ কৰে। ২০১৫ চনৰ আগষ্ট মাহত SIP আৰম্ভ কৰাসকলে ১৫.২৬% ৰিটাৰ্ণ পাইছিল। ইয়াৰ দ্বাৰা পুনৰ প্ৰমাণিত হয় যে নিয়মীয়া বিনিয়োগ সময়তকৈ বেছি গুৰুত্বপূৰ্ণ।
যদি কোনো ক্ষেত্ৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই বিষয়ে সবিশেষ গৱেষণা আৰু বিশ্লেষণ কৰক। এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9- অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে।
বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে। গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লওক। তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক।