শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চিবিল স্ক’ৰ কম হোৱাৰ বাবে যুৱকে হেৰুৱালে SBIৰ চাকৰিঃ গোচৰ পালেগৈ আদালত, তাৰ পিছত….

চিবিল স্ক’ৰ কম হ’লে লোণৰ পৰা বঞ্চিত হোৱাই নহয়, হেৰুৱাব পাৰে চাকৰিও। এই পৰিণতি দেখা গ’ল এজন যুৱকৰ ক্ষেত্ৰত। ভাৰতীয় ষ্টেট বেংকত চাকৰি লাভ কৰিছিল যুৱকজনে, চাকৰিত যোগদানৰ বাবেও তেওঁ সাজু হৈছিল। পিছে চিবিল স্ক’ৰে ভংগ কৰিলে যুৱকজনৰ আশা।

চিবিল স্ক’ৰ কম হোৱাৰ বাবে যুৱকে হেৰুৱালে SBIৰ চাকৰিঃ গোচৰ পালেগৈ আদালত, তাৰ পিছত….
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Published: 29 Jun 2025 15:38 PM

বেংক বা যিকোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোণ পাবলৈ হ’লে ব্যক্তি এজনৰ চিবিলৰ স্ক’ৰ উন্নত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। চিবিল স্ক’ৰ কম হ’লে বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহে কোনো ব্যক্তিকে লোণ প্ৰদান নকৰে। সেয়া আমাৰ প্ৰায় সকলো লোকৰে জ্ঞাত। পিছে লোণৰ পৰা বঞ্চিত হোৱাই নহয়, চিবিল স্ক’ৰ কম হ’লে হেৰুৱাব পাৰে চাকৰিও। এই পৰিণতি দেখা গ’ল এজন যুৱকৰ ক্ষেত্ৰত। ভাৰতীয় ষ্টেট বেংকত চাকৰি লাভ কৰিছিল যুৱকজনে, চাকৰিত যোগদানৰ বাবেও তেওঁ সাজু হৈছিল। পিছে চিবিল স্ক’ৰে ভংগ কৰিলে যুৱকজনৰ আশা।

যোগদানৰ অন্তিম মুহূৰ্তত বাতিল কৰা হ’ল তেওঁৰ নিযুক্তি। ইয়াৰ পিছতে চাকৰি প্ৰত্যাশী যুৱকজন উচ্চ ন্যায়ালয়ৰ কাষ চাপে। পিছে আদালতৰ মজিয়াতো তেওঁৰ আশাভংগ হ’ল। গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে বেংকৰ সিদ্ধান্তকে সমৰ্থন কৰি ছীল-মোহৰ মাৰে। বেংকৰ স্পষ্ট যুক্তি আছিল, “নিজৰ ধনৰ হিচাপ ৰাখিব নোৱাৰা ব্যক্তিয়ে কোটি কোটি গ্ৰাহকক কেনেকৈ চম্ভালিব পাৰিব?”

প্ৰকাশিত খবৰ অনুসৰি, চাকৰি প্ৰত্যাশী যুৱকজনৰ ঋণ পৰিশোধ নকৰাৰ একাধিক গোচৰ আছে। সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে তেওঁৰ চিভিল স্ক’ৰ ক্ৰমান্বয়ে বহু হ্ৰাস পাইহিল। যদিও যুৱকজনে নিজৰ আৰ্থিক অৱস্থা যথেষ্ট অৱনতি ঘটিছিল বাবে এনে হৈছিল যদিও এতিয়া অৱশ্যে সুস্থিৰ হৈ পৰিছে বুলি দাবী কৰিছিল। অৱশ্যে যুৱকজনৰ পূৰ্বৰ ৰেকৰ্ড চাই বেংকে তেওঁক কোনো ধৰণে চাকৰিটোত নিয়োগ কৰিবলৈ ইচ্ছুক নহ’ল।

বেংকৰ স্পষ্ট মত, বিত্তীয় প্ৰতিষ্ঠানত কাম কৰিবলৈ যোৱা ব্যক্তিৰ চিভিল স্ক’ৰ কম হ’ব নোৱাৰে। ব্যক্তিজনৰ নিৰ্ভৰযোগ্য ক্ৰেডিট হিষ্ট্ৰী থাকিব লাগিব বুলিও বেংকে উল্লেখ কৰে। নিজৰ জীৱনটো সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰা ব্যক্তিয়ে বেংকৰ গ্ৰাহকৰ ধন কেনেকৈ পৰিচালনা কৰিব বুলি বেংকে যুক্তি দৰ্শায়। ইয়াৰ পিছতে যুৱকজনে এই বিষয়ত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰে।

পিছে চাকৰি প্ৰত্যাশী যুৱকজনৰ দাবী খাৰিজ কৰি বেংকৰ সিদ্ধান্তক সমৰ্থন কৰে আদালতে। ন্যায়াধীশ জি আৰ স্বামীনাথনৰ বিচাৰপীঠে কয় যে বেংকিং খণ্ডত বিত্তীয় অনুশাসন অতি গুৰুত্বপূৰ্ণ। নিজৰ জীৱনৰ খৰচ সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰা ব্যক্তিয়ে বেংকৰ কাম চম্ভালিবলৈ অসুবিধাৰ সন্মুখীন হ’ব পাৰে বুলি বিচাৰপীঠে উল্লেখ কৰে।