শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নতুনকৈ বহু পৰিয়ালক চৰকাৰে দিব ৰেচন কাৰ্ড, জানক ক’ত আৰু কেনেকৈ কৰিব আবেদন

ভাৰতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য আৰু অসামৰিক যোগান বিভাগে দৰিদ্ৰ লোকক ৰেচন কাৰ্ড প্ৰদান কৰে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰেচন কাৰ্ড দিয়ে। এই ৰেচন কাৰ্ড পাবলৈ ক'ত আৰু কেনেকৈ আবেদন কৰিব লাগিব জানো আহক।

নতুনকৈ বহু পৰিয়ালক চৰকাৰে দিব ৰেচন কাৰ্ড, জানক ক’ত আৰু কেনেকৈ কৰিব আবেদন
ৰেচন কাৰ্ড পাবলৈ ক'ত আৰু কেনেকৈ আবেদন কৰিব লাগিব জানক
barasha-misra
Barasha Misra | Updated On: 14 Jan 2025 14:04 PM

নতুনকৈ আৰু ২০ লাখ পৰিয়ালক দিয়া হ’ব ৰেচন কাৰ্ড । ৰেচন কাৰ্ড নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব। মন্ত্ৰী ৰঞ্জিত দাসে কৰা এই ডাঙৰ ঘোষণাৰ পিছতে আজি মুখ্যমন্ত্ৰীয়ে জনাইছে কেনেকৈ কৰিব আবেদন। ইতিমধ্যে ৰেচন কাৰ্ডৰ কেলেংকাৰিৰ তদন্ত কৰি আছে তদন্তকাৰী দলে, লগতে ভুৱা ৰেচন কাৰ্ড থকা বহুলোকে পুৰণি ৰেচন কাৰ্ড উভতাই দিছে।

ৰেচন কাৰ্ড থাকিলে আপোনাৰ কি কি সুবিধা হ’ব?

বিনামূলীয়া ৰেচন

বিনামূলীয়া চিকিৎসা

ৰাজসাহায্যযুক্ত ৰন্ধন গেছ

বিনামূলীয়া জীৱন বীমা

অৰুণোদয় আঁচনি

ৰেচন কাৰ্ড হৈছে চৰকাৰৰ প্ৰদত্ত নথি যি পি.ডি.এচৰ আওঁতাত লাভান্বিত হ’বলৈ দিয়া হৈছিল। NFSA ‘১৩ প্ৰযোগ কৰাৰ আগতে ৰাজ্যত তিনি ধৰণৰ ৰেচন কাৰ্ড আছিল, যাক অসমত পৰিয়াল পৰিচয় পত্ৰ বুলি কোৱা হৈছিল। এই তিনিধৰণৰ ৰেচন কাৰ্ড দিয়া হ’ল-

১) এ.পি.এল (দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ)
২) বি.পি.এল (দৰিদ্ৰ সীমাৰেখাৰ তলৰ)
৩) এ.এ.ৱাই (অন্তদয়া অন্ন যোজনা) PDS/TPDS ৰ অন্তৰ্গত হিতাধিকাৰী

কোনজন ব্যক্তি অসমত ৰেচন কাৰ্ড আবেদনৰ বাবে যোগ্য হ’ব ?

১) সেইজন ব্যক্তি যাৰ ৰেচন কাৰ্ড নাইঃ পৰিয়ালৰ জ্যেষ্ঠ মহিলা যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ১,০০০,০০.০০ ( এক লাখ) টকাতকৈ কম তেওঁ NFSA ‘১৩ৰ অধীনত ৰেচন কাৰ্ড পাব পাৰে যদিহে তেওঁ NFSA ‘১৩ য়ে নিৰ্ধাৰণ কৰি থোৱা সকলোধৰণৰ যোগ্যতাৰ ক্ষেত্ৰত সফল হয়। জ্যেষ্ঠ মহিলা সদস্যৰ অনুপস্থিতিত জ্যেষ্ঠ পুৰুষে আবেদন কৰিব পাৰে। এই ক্ষেত্ৰত ব্যক্তিজনে গাওঁবুঢ়া/ গাওঁ পঞ্চায়ত সভাপতি/ ৱাৰ্ড কমিছনাৰ / FCS&CA ৰ পৰিদৰ্শক অথবা কোনো নিৰ্ধাৰিত কৰ্তৃপক্ষৰ পৰা তেওঁৰ নামত কোনো ধৰণৰ ৰেচন কাৰ্ড নাই বুলি লিখা থকা প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। এই ধৰণৰ প্ৰমাণ পত্ৰ সাধাৰণতে কৰ্তৃপক্ষই শপতনামা হোৱাৰ পিছতহে গ্ৰহণ কৰা হয়। এই প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰ পত্ৰৰ সৈতে গাঁঠি দিয়া হয়। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড, (পৰিয়ালৰ পৰিচয় পত্ৰ পাবলৈ গ্ৰামাঞ্চলত গাওঁ সভা পাতি হিতাধিকাৰী চিনাক্ত কৰি জ্যেষ্ঠ খন্ডৰ উন্নয়ন বিষয়ালৈ পঠোৱা হয় আৰু চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত কমিটিয়ে হিতাধিকাৰী বাচনি কৰি উপযুক্ত মহকুমাধিপতিলৈ প্ৰেৰণ কৰে আৰু এই হিতাধিকাৰীৰ তালিকা চৰকাৰলৈ প্ৰেৰণ কৰা হয়|)

২) অনুৰূপ ৰেচন কাৰ্ডঃ যদি ৰেচন কাৰ্ড হেৰায় বা বেয়া হৈ যায়, কৰ্তৃপক্ষই নিৰ্ধাৰিত মূল্যৰ বিনিময়ত অনুৰূপ ৰেচন কাৰ্ড প্ৰদান কৰে।

৩) পূৰ্বৰ ঠাইত থকা ব্যক্তিৰ ৰেচন কাৰ্ডঃ এইটো গ্ৰহণযোগ্য হয় চৰকাৰী বিষয়া নাইবা এঠাইৰ পৰা আন ঠাইলৈ বদলি হোৱা ব্যক্তিৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত, সমৰ্পণ পত্ৰ প্ৰয়োজন হব সেই ঠাইৰ FCS&CA কৰ্তৃপক্ষৰ যত ব্যক্তিজনে পূৰ্বতে কাম কৰিছিল। এই প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰ পত্ৰৰ সৈতে গাঁঠি দিয়া হয়

৪) বিবাহৰ পিছত ৰেচন কাৰ্ডত অন্তৰ্ভূক্তিঃ এই ক্ষেত্ৰত সমৰ্পণ পত্ৰ প্ৰয়োজন হব পূৰ্বৰ বাসস্থানৰ পৰা যিটো FCS&CA কৰ্তৃপক্ষই প্ৰদান কৰিব। এই প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰ পত্ৰৰ সৈতে গাঁঠি দিয়া হয়

৫) শিশুৰ জন্মৰ ক্ষেত্ৰতঃ ৰেচন কাৰ্ডত অতিৰিক্তভাবে, শিশুৰ জন্ম প্ৰমাণ পত্ৰ ৰেচন কাৰ্ডৰ সৈতে অতিৰিক্তভাবে প্ৰয়োজন হব যাৰ বাবে FCS&CA লৈ স্পষ্ট আখৰেৰে নাইবা টাইপ কৰি আবেদন দাখিল কৰিব লাগিব।

ৰেচন কাৰ্ড ক’ত আবেদন কৰিব?

ৰেচন কাৰ্ড sewasetu.assam.gov.in ৰ জৰিয়তে সহজতে আবেদন কৰক৷ নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ’লে সেৱা সেতুৰ জৰিয়তে অসম ৰাজ্যিক ৰাজহুৱা সেৱা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰক।

ৰেচন কাৰ্ড পাবৰ বাবে প্ৰয়োজনীয় নথিঃ

পৰিয়ালৰ সদস্যৰ সবিশেষ

১০ বছৰৰ তলৰ লৰা ছোৱালীৰ জন্মৰ প্ৰমাণ পত্ৰ

ভোটাৰ তালিকা

কৰ আদায়ৰ প্ৰ-পত্ৰ / ৰাজহ আদায়ৰ চালান

ৰেচন কাৰ্ডৰ চাৰেন্দাৰ প্ৰমাণ পত্ৰ / পৰিয়াল পৰিচয় বা FCS&CA কৰ্তৃপক্ষৰ পৰা পূৰ্বৰ ঠাইত নথকা ৰ প্ৰ-পত্ৰ

স্থায়ী ঠিকনা ( পান কাৰ্ডৰ প্ৰত্যায়িত প্ৰতিলিপি এটাস্তেড / চালকৰ অনুজ্ঞা-পত্ৰ/ বেংক পাছবুক/ পোষ্ট অফিচ পাছ বুক/ মিউনিচিপাল চালান/ লাইটৰ বিল/ টেলিফোন বিল)

 

 

Latest News