ভাৰতীয় শ্বেয়াৰ বজাৰত আমেৰিকান কোম্পানীৰ প্ৰৱঞ্চনাৰ জাল, দালালষ্ট্ৰীটৰ পৰা লুটিলে ৩৬ হাজাৰ কোটি
আমেৰিকাৰ এই কোম্পানীটোৰ বিৰুদ্ধে দলাল ষ্ট্ৰীটত হেতালি খেলি বজাৰৰ পৰা ৩৬,৫০০ কোটি টকা উপাৰ্জনৰ অভিযোগ। সম্প্ৰতি ছেবিয়ে ইয়াৰ ওপৰত অন্তৱৰ্তীকালীন নিষেধাজ্ঞা আৰোপ কৰিছে।

আমেৰিকাৰ ট্ৰেডিং কোম্পানী জেন ষ্ট্ৰীটক নিষিদ্ধ কৰিছে ছেবিয়ে। কোম্পানীটোৰ বিৰুদ্ধে দলাল ষ্ট্ৰীটত হেতালি খেলি বজাৰৰ পৰা ৩৬,৫০০ কোটি টকা উপাৰ্জনৰ অভিযোগ। সম্প্ৰতি ছেবিয়ে ইয়াৰ ওপৰত অন্তৱৰ্তীকালীন নিষেধাজ্ঞা আৰোপ কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত কোম্পানীটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পাৰে।
ৰেগুলেটৰী ব’ৰ্ডে আমেৰিকান কোম্পানীটোৰ ওপৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰি ৪৮৪৩ কোটি টকাৰ অবৈধ উপাৰ্জন বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিয়ে। জেন ষ্ট্ৰীটৰ কাহিনী বিতংভাৱে জানি লওঁ আহক, লগতে গ্ল’বেল ট্ৰেডিং কোম্পানীটোৱে কেনেকৈ ইমান ডাঙৰ কেলেংকাৰী সংঘটিত কৰিলে সেই বিষয়ে আমি এই প্ৰতিবেদনত আপোনালোকক জনাম।
আমেৰিকাৰ এটা হাই ফ্ৰিকুৱেন্সি কোম্পানী জেন ষ্ট্ৰীট। ই এক ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰতে শ্বেয়াৰ ক্ৰয়-বিক্ৰয় কৰে। এই প্ৰযুক্তিৰ সুবিধা লৈ কোম্পানীটোৱে ভাৰতীয় বজাৰত বিশৃংখলতাৰ সৃষ্টি কৰিছিল। ইয়াৰ বাবে ই ফিউচাৰ এণ্ড অপচন ট্ৰেডিং বাছি লৈ বিনিয়োগকাৰীক কোটি কোটি টকাৰ প্ৰতাৰণা কৰিছিল।
এইদৰেই কেলেংকাৰি সংঘটিত হৈছিল
গ্ল’বেল ট্ৰেডিং কোম্পানীটোৱে এই কেলেংকাৰীৰ বাবে দুটা পদ্ধতি গ্ৰহণ কৰিছিল, প্ৰথমে ফিউচাৰ এণ্ড অপচন ট্ৰেডিং আৰু নগদ বজাৰৰ সমন্বয় সাধন কৰি আৰু দ্বিতীয় পদ্ধতিটো আছিল ম্যাদ উকলি যোৱাৰ তাৰিখত শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰা। ধৰি লওক এটা শ্বেয়াৰে ১২,০০ টকাত ব্যৱসায় কৰি আছে, তেতিয়া জেন ষ্ট্ৰীট নামৰ কোম্পানীটোৱে প্ৰথমে ১,২০২ টকাৰ মূল্যত ১০,০০০ লট ফিউচাৰত কিনিছিল।
লগতে ৩ টকাৰ মূল্যত ১০ হাজাৰ লটৰ ১,২২০ টকাৰ কল অপচনো লোৱা হয়। তাৰ পিছত কোম্পানীটোৱে নগদ বজাৰত সেই শ্বেয়াৰৰ মূল্য ৫০ কোটি টকা বৃদ্ধি কৰিলে। যেতিয়া শ্বেয়াৰৰ মূল্য ১৩২০ টকা হয় তেতিয়া ফিউচাৰৰ পৰা লাভ হয় ৭৩.৭৫ কোটি আৰু অপচনৰ পৰা লাভ হয় ৬০.৬২ কোটি টকা। এইদৰে ৫০ কোটি টকাৰ বিনিয়োগত কোম্পানীটোৱে মুঠ ১৩৪ কোটিতকৈ অধিক উপাৰ্জন কৰে।
২০২৩ চনৰ জানুৱাৰীৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত বিশেষ আৰ্হি গ্ৰহণ কৰি কোম্পানীটোৱে এই কেলেংকাৰী সংঘটিত কৰিছিল। ৰিপৰ্ট অনুসৰি জেন ষ্ট্ৰীটে ম্যাদ উকলি যোৱাৰ দিনটোত বেংক নিফটি আৰু নিফটিত এক ডাঙৰ কৌশল গ্ৰহণ কৰিছিল। পুৱা কোম্পানীটোৱে বৃহৎ পৰিমাণে ষ্টক আৰু ফিউচাৰ ক্ৰয় কৰিছিল, তাৰ পিছত বিয়লি অপচনত শ্বৰ্ট পজিচন সৃষ্টি কৰি ষ্টক বিক্ৰী কৰিছিল। ইয়াৰ ফলত সূচকাংক নিম্নগামী হৈছিল আৰু অপচন ট্ৰেডিঙৰ পৰা বিপুল লাভ হৈছিল।
বহু সময়ত কোম্পানীটোৱে দুঘণ্টাত নিফটি লিংকড ষ্টক ক্ৰয় কৰিছিল আৰু বিকল্পৰ জৰিয়তে দীঘলীয়া পজিচন লৈছিল, যাৰ বাবে সূচকাংক বৃদ্ধি পাইছিল আৰু বিকল্পসমূহ লাভত বিক্ৰী হৈছিল।