কৰিশ্মা নহয়, সঞ্জয় কাপুৰৰ ৩ গৰাকী পত্নীৰ ভিতৰত কোন আটাইতকৈ ধনী?
সঞ্জয় কাপুৰৰ তিনিগৰাকী পত্নীৰ ভিতৰত কোন আটাইতকৈ ধনী জানেনে? উত্তৰটোৱে হয়তো আপোনাক আচৰিত কৰি তুলিব, সেয়া কৰিশ্মা নহয়, আন কোনোবা এগৰাকীহে। গতিকে জানো আহক ইয়াৰ উত্তৰ?

বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰ কেৱল পেছাৰ বাবেই নহয় ব্যক্তিগত জীৱনৰ বাবেও সদায় বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। সঞ্জয় কাপুৰ তিনিবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছে হৈছে – কৰিশ্মা কাপুৰ, নন্দিতা মাহতানী আৰু তৃতীয় পত্নী প্ৰিয়া সচদেৱ। কিন্তু এই ৩ গৰাকীৰ ভিতৰত কোন আটাইতকৈ ধনী আপুনি জানেনে? উত্তৰটোৱে হয়তো আপোনাক আচৰিত কৰি তুলিব, সেয়া কৰিশ্মা নহয়, আন কোনোবাহে। গতিকে জানো আহক তিনিওৰে ভিতৰত কোন ধনী?
প্ৰিয়া সচদেৱ কোন?
প্ৰিয়া এগৰাকী সফল মডেল আৰু ব্যৱসায়ী। বহু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে কাম কৰা প্ৰিয়াৰ ফেশ্বন জগতত পৰিচয় যথেষ্ট শক্তিশালী। ইয়াৰ উপৰিও বিলাসী হোটেল আৰু ট্ৰেভেল কোম্পানী SAVARA Groupৰ কাৰ্যবাহী সঞ্চালিকা হিচাপেও কাম কৰি আহিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰিয়াৰ মুঠ সম্পত্তি প্ৰায় ৫ কোটি ডলাৰ (প্ৰায় ৪১৫ কোটি টকা) বুলি কোৱা হৈছে।
কৰিশ্মা কাপুৰে কিমান উপাৰ্জন কৰে?
কৰিশ্মা কাপুৰে এটা সময়ত বলীউডত যথেষ্ট কাম কৰিছিল। অভিনেত্ৰীগৰাকীয়ে ইখনৰ পিছত সিখন হিট ছবি দৰ্শকক উপহাৰ দিছিল। কিন্তু ছবিৰ পৰা দূৰত্ব আৰু বাণিজ্যিক উদ্যোগত সীমিত অংশগ্ৰহণৰ বাবে তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০০ কোটি টকা বুলি অনুমান কৰা হৈছে।
নন্দিতা মাহতানীৰ অৱস্থা কি?
নন্দিতা মাহতানী এগৰাকী সুপৰিচিত ফেশ্বন ডিজাইনাৰ আৰু বলীউডৰ বহু তাৰকাৰ বাবে ডিজাইন কৰি আহিছে। তেওঁৰ ব্ৰেণ্ডিং শক্তিশালী, কিন্তু যদি আমি নেট ৱৰ্থৰ কথা কওঁ তেন্তে ইয়াক প্ৰায় ২০-৩০ কোটি টকা বুলি ধৰা হয়। কৰিশ্মা কাপুৰ আৰু নন্দিতা মাহতানীয়ে নিজ নিজ ক্ষেত্ৰত সফল হোৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰিয়া সচদেৱে ব্যৱসায়ৰ ক্ষেত্ৰত যি পদবী অৰ্জন কৰিছে, সেই পদে তেওঁক সঞ্জয় কাপুৰৰ আটাইতকৈ ধনী পত্নী হিচাপে গঢ়ি তুলিছে।
কিমান ধন-সম্পত্তি এৰি গ’ল সঞ্জয় কাপুৰে?
ফৰ্বছে প্ৰকাশ কৰা অনুসৰি মৃত্যুৰ সময়ত সঞ্জয় কাপুৰৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ১.২ বিলিয়ন (১০,৩০০ কোটি টকা)। ২০২২ আৰু ২০২৪ চনত তেওঁৰ সম্পত্তিৰ শিখৰত উপনীত হৈছিল, ১.৬ বিলিয়ন (১৩,০০০ কোটি টকা) হৈছিল। হিন্দুস্তান টাইমছৰ তথ্য অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিচালনা এতিয়া তেওঁৰ পত্নী প্ৰিয়া সচদেৱৰ হাতত গতাই দিয়া হ’ব।