শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ITR Filing ৰ সময়সীমা বৃদ্ধি কৰিব নেকি? জানক আঁৰৰ কাৰণ

২০২৪-২৫ বিত্তীয় বৰ্ষৰ আই টি আৰ দাখিলৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ। কিন্তু কাৰিকৰী অসুবিধা আৰু নথি-পত্ৰৰ ভুলৰ বাবে কৰদাতা আৰু চাৰ্টাৰ্ড একাউণ্টেনসকলে এই সময়সীমা বৃদ্ধিৰ দাবী জনাইছে। গুজৰাট চেম্বাৰ অৱ কমাৰ্চে ৩০ অক্টোবৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে।

ITR Filing ৰ সময়সীমা বৃদ্ধি কৰিব নেকি? জানক আঁৰৰ কাৰণ
ITR Filing ৰ অন্তিম তাৰিখ বৃদ্ধি কৰিব নেকি?
barasha-misra
Barasha Misra | Published: 20 Aug 2025 12:46 PM

যদি আপুনি আয়কৰ ৰিটাৰ্ণ (ITR) দাখিল কৰিবলৈ গৈ আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। এইবাৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আই টি আৰ দাখিলৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ। কিন্তু এই তাৰিখৰ ভিতৰত কাম সম্পূৰ্ণ কৰাটো কঠিন হৈ পৰিছে। এই লৈ চিন্তিত কৰদাতা আৰু চাৰ্টাৰ্ড একাউণ্টেনসকল। মানি কণ্ট্ৰলৰ এক খবৰ অনুসৰি, গুজৰাট চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (জিচিচিআই) আৰু বহু কৰ বিশেষজ্ঞই চৰকাৰক এই সময়সীমা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে কয় যে, বৰ্তমান বহু সমস্যা আছে, যাৰ বাবে সময়মতে ৰিটাৰ্ণ দাখিল কৰাটো সহজ নহয়।

ITR দাখিলৰ সময়সীমা বৃদ্ধিৰ দাবী

আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল আইটিআৰ ফৰ্ম আৰু ইউটিলিটিসমূহ অতি দেৰিকৈ মুকলি কৰা হয়। কৰ পৰ্টেলত কাৰিকৰী গ্লিচ যেনে- লগইন সমস্যা, চিষ্টেমৰ ভুল আৰু টাইমআউট আদিও দৈনিক ঘটি আছে। এই সমস্যাবোৰে ৰিটাৰ্ণ ফাইলিং কামত বহুত প্ৰভাৱ পেলাইছে।

Form 26AS, AIS আৰু TIS ৰ দৰে গুৰুত্বপূৰ্ণ নথি-পত্ৰ উন্নীতকৰণত ভুল আৰু পলম হোৱাৰ ফলত শুদ্ধ তথ্য সংগ্ৰহ কৰাত অসুবিধাৰ সৃষ্টি হৈছে। নতুন বিত্তীয় বিৱৰণ ফৰ্মেট ৰূপায়ণে কামটো আৰু অধিক দীঘলীয়া কৰি তুলিছে। আগষ্টৰ পৰা নৱেম্বৰলৈকে অনুষ্ঠিত হোৱা উৎসৱসমূহেও কৰ পেছাদাৰী আৰু কৰদাতা উভয়ৰে কৰ্মৰ চাপ বৃদ্ধি কৰে।

কৰ পেছাদাৰীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান

চাৰ্টাৰ্ড একাউণ্টেন আৰু টেক্স কনচালটেনসকলো সমস্যাত ভুগিছে। তেওঁলোকে কয় যে, পৰ্টেলত বাৰে বাৰে ৰিটাৰ্ণ আপলোড কৰাৰ সময়ত কাৰিকৰী অসুবিধা হয়। বহু সময়ত তথ্য আপডেট কৰা নহয় বা ভুল হয়, যাৰ ফলত সময়মতে ৰিটাৰ্ণ ফাইল কৰাটো কঠিন হৈ পৰে। এইবোৰ কথাই কৰ পেছাদাৰীসকলৰ কামত বাধাৰ সৃষ্টি কৰিছে।

পুনৰ বৃদ্ধি হ’ব নেকি এই সময়সীমা?

চলিত বৰ্ষৰ মে’ মাহত চৰকাৰে আইটিআৰ দাখিলৰ সময়সীমা ৩১ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছিল। সেই সময়তো কোৱা হৈছিল যে নিয়ম আৰু প্ৰ-পত্ৰৰ পৰিৱৰ্তনৰ বাবে কৰদাতাসকলে কাম সম্পূৰ্ণ কৰিবলৈ কম সময় পায়। এতিয়া গুজৰাট চেম্বাৰ অৱ কমাৰ্চে এই সময়সীমা ৩০ অক্টোবৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে। এই দাবীৰ বাবে চৰকাৰে ক্ৰমাৎ হেঁচাত পৰিছে। যদিও আনুষ্ঠানিকভাৱে ১৫ ছেপ্টেম্বৰ শেষ তাৰিখ হৈয়ে আছে, কিন্তু কাৰিকৰী সমস্যা আৰু ব্যৱহাৰিক অসুবিধাৰ কথা বিবেচনা কৰিলে সময়সীমা বৃদ্ধিৰ সম্ভাৱনা আছে।

কৰদাতাই কি কৰা উচিত?

যিমানদূৰ সম্ভৱ, এতিয়াৰে পৰা কৰদাতাসকলে আই টি আৰ দাখিলৰ কাম সম্পূৰ্ণ কৰিব লাগে। যিমান পাৰি সোনকালে ৰিটাৰ্ণ জমা দিয়ক যাতে শেষ মুহূৰ্তত কোনো ধৰণৰ হেঁচা নাথাকে। লগতে পৰ্টেলত কিবা সমস্যা থাকিলে তৎক্ষণাত সংশ্লিষ্ট বিভাগক অৱগত কৰক যাতে অতি সোনকালে সমাধান কৰিব পৰা যায়।