শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চীনক বিফল কৰাৰ প্ৰস্তুতি, ইজৰাইলে ভাৰতক দিব বিধ্বংসী ‘মেঘনাদ মিছাইল’!

যুদ্ধত দেশখনৰ শক্তি বৃদ্ধিৰ বাবে ইজৰাইলৰ ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমে শেহতীয়াকৈ নিৰ্মাণ কৰা তেজস মাৰ্ক ওৱান-A যুদ্ধ বিমানত ইজৰাইলৰ নতুন স্কাই ষ্টিং মিছাইল সংযোজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। জানিব পৰা মতে জুন মাহত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই প্ৰস্তাৱ দাখিল কৰা হৈছিল।

চীনক বিফল কৰাৰ প্ৰস্তুতি, ইজৰাইলে ভাৰতক দিব বিধ্বংসী ‘মেঘনাদ মিছাইল’!
ইজৰাইলে ভাৰতক দিব বিধ্বংসী ‘মেঘনাদ মিছাইল’!
trishna-kalita
Trishna Kalita | Published: 19 Oct 2025 12:27 PM

মেঘনাদ কোন? আপুনি নিশ্চয় জানে এই কথা। ৰামায়ণত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতৰ আন এটা আছিল মেঘনাদ। ইয়াৰ কাৰণ ডাৱৰৰ আঁৰৰ পৰা যুঁজ দিয়াত পাৰদৰ্শী আছিল তেওঁ। আৰু এইবাৰ ভাৰতক এনে মেঘনাদ দিব বিচাৰিছে ইজৰাইলে।

যুদ্ধত দেশখনৰ শক্তি বৃদ্ধিৰ বাবে ইজৰাইলৰ ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমে শেহতীয়াকৈ নিৰ্মাণ কৰা তেজস মাৰ্ক ওৱান-A যুদ্ধ বিমানত ইজৰাইলৰ নতুন স্কাই ষ্টিং মিছাইল সংযোজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। জানিব পৰা মতে জুন মাহত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই প্ৰস্তাৱ দাখিল কৰা হৈছিল।

এই বিভিআৰএএম (BVRAAM) বা বিয়ণ্ড ভিজুৱেল ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল (Beyond Visual Range Air-to-Air Missile)ৰ ৰেঞ্জ প্ৰায় ২৫০ কিলোমিটাৰ। যদি ইয়াক সংযোজন কৰা হয় তেন্তে চীনৰ মাৰাত্মক পি এল-১৫(PL-15) ক্ষেপণাস্ত্ৰক প্ৰতিহত কৰাৰ ক্ষেত্ৰত তেজস বিমানখন এখোজ আগুৱাই যাব। বিভিন্ন কাৰণত দেশত মার্ক থ্রি ক্ষেপণাস্ত্ৰ উৎপাদনত যথেষ্ট বাধাৰ সৃষ্টি হৈছে। আৰু সেই পলমৰ মাজত ইজৰাইলৰ পৰা এই অস্ত্ৰ আমদানি ভাৰতৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে।

ইজৰাইলৰ প্ৰতিৰক্ষা সূত্ৰৰ মতে, তেজস যুদ্ধ বিমানত এই ক্ষেপণাস্ত্ৰ সংস্থাপন কৰিবলৈ মাত্ৰ ১৮ মাহ সময় লাগিব। তেজসৰ নিজা ই এল এম-২০৫২ এ ই এছ এ ৰাডাৰ (ELM-2052 AESA) আৰু উন্নত ডি এফ চি চি (DFCC) বা ডিজিটেল ফ্লাইট কণ্ট্ৰল কম্পিউটাৰ (Digital Flight Control Computer)-ৰে এই কাম দ্ৰুত কৰাটো সম্ভৱ কৰি তুলিব। ইয়াৰ পিছত কেইটামান লাইভ ফায়াৰিং ট্ৰায়েলৰ পিছতে চূড়ান্ত মঞ্জুৰি দিয়া হ’ব।

১৮০ৰ পৰা ২০০ কিলোগ্ৰাম ওজনৰ এই মিছাইলত তিনি প্ৰকাৰৰ ৰকেট মটৰ ব্যৱহাৰ কৰা হয়। ইয়াত মিড কোৰ্চ গাইডেন্সৰ বাবে জিপিএছ লগোৱা আছে। লগতে আছে টাৰ্মিনেল আক্ৰমণত সক্ৰিয় ৰেডিঅ’ ফ্ৰিকুৱেন্সি ছিকাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই মিছাইলটোত টু-ওৱে ডাটা লিংক প্ৰযুক্তি আছে—যিটোৱে পাইলটক আকাশৰ মাজতো লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে।

প্ৰস্তাৱটোত কোৱা হৈছে যে ২০২৬ চনৰ মাজভাগলৈকে প্ৰথম পৰ্যায়ত ২০০ৰ পৰা ৩০০ ক্ষেপণাস্ত্ৰ ভাৰতলৈ আহিব পাৰে। যিটো সম্পূৰ্ণ কাৰ্যক্ষম হ’বলৈ ২০২৭ চনৰ প্ৰায় আধা সময় লাগিব। এই চুক্তিয়ে ভাৰত-ইজৰাইলৰ প্ৰতিৰক্ষা সম্পৰ্কক নতুন স্তৰলৈ লৈ যোৱাই নহয়, দেশৰ সীমান্ত সুৰক্ষাৰ বাবেও মজবুত কবচ হৈ পৰিব।