ৰে’লৱেৰ ডাঙৰ সিদ্ধান্ত! ৰে’লযাত্ৰা কৰাৰ পূৰ্বে জানি লওক এই নিয়ম, নহ’লে বিপদত পৰিব আপুনি!
এতিয়া ৱেইটিং লিষ্টৰ টিকট লৈ ৰিজাৰ্ভ ক'চত যাত্ৰা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ভাৰতীয় ৰে'লৱে। শ্লীপাৰ ডবাত যাত্ৰা কৰা এনে যাত্ৰীক ২৫০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। একে সময়তে শীততাপ নিয়ন্ত্ৰিত ডবাত যাত্ৰা কৰা এনে যাত্ৰীক ৪৪০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।

ভাৰতীয় ৰে’লৱেই ২০২৫ চনৰ ১ মে’ৰ পৰা নতুন নিয়ম ৰূপায়ণ কৰিছে। এই নতুন নিয়মৰ প্ৰভাৱ পৰিব ৱেইটিং তালিকাত থকা যাত্ৰীসকলৰ ওপৰত। টাইমছ অৱ ইণ্ডিয়া (টি অ’ আই)ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে নতুন নিয়মৰ অধীনত ৱেটিং টিকট লৈ ৰে’ল যাত্ৰীসকলক আৰু শ্লীপাৰ বা AC ডবাত যাত্ৰা কৰিবলৈ দিয়া নহ’ব। প্ৰতিবেদন অনুসৰি, অনলাইনত কিনা হওক বা কাউণ্টাৰৰ পৰাই হওক, ৱেটিং লিষ্টৰ টিকট থকা যাত্ৰীসকলক কেৱল সাধাৰণ (অসংৰক্ষিত) ডবাত উঠিব পাৰিব। এচি আৰু শ্লীপাৰ কেবিনত তেওঁলোকৰ বাবে ঠাই নাথাকিব।
অন্যথা জৰিমনা বিহা হ’ব
টি অ’ আইৰ প্ৰতিবেদন অনুসৰি ৱেইটিং লিষ্টৰ টিকট লৈ সংৰক্ষিত ডবাত যাত্ৰা কৰাসকলৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শ্লীপাৰ ক’চত যাত্ৰা কৰা এনে যাত্ৰীক ২৫০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। একে সময়তে শীততাপ নিয়ন্ত্ৰিত ডবাত যাত্ৰা কৰা এনে যাত্ৰীক ৪৪০ টকা পৰ্যন্ত জৰিমনা আৰোপ কৰা হ’ব। ইয়াৰ উপৰিও নিয়ম উলংঘা কৰাসকলৰ পৰা বৰ্ডিং পইণ্টৰ পৰা পৰৱৰ্তী ষ্টেচনলৈ ভাড়াও ল’ব। ট্ৰেভেল টিকট পৰীক্ষক বা টিটিইক এই নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। টি অ’ আইয়ে কয় যে, ৱেইটিং লিষ্টৰ টিকট থকাসকলক পৰৱৰ্তী ষ্টেচনত সংৰক্ষিত ডবাত উঠিবলৈ চেষ্টা কৰাসকলক ডিব’ৰ্ড কৰি জৰিমনা বিহা হ’ব।
এতিয়া ৬০ দিনৰ ARP
এডভান্স ৰিজাৰ্ভ পিৰিয়ড (ARP) পৰিৱৰ্তন এতিয়া ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিন। ফলত চাৰি মাহ পূৰ্বে নহয়, এতিয়া পৰ্যটকে দুমাহ পূৰ্বে আগতীয়াকৈ টিকট ক্ৰয় কৰিব পাৰিব। টি অ’ আইৰ প্ৰতিবেদন অনুসৰি নিৰাপত্তা উন্নত কৰাৰ লগতে অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে এতিয়া সকলো অনলাইন টিকট ক্ৰয়ৰ বাবে অ’ টি পিৰ প্ৰয়োজন হ’ব। প্ৰতিবেদন অনুসৰি, এই পৰিৱৰ্তনৰ আঁৰৰ মূল কাৰণ হৈছে নিশ্চিত টিকট থকা গ্ৰাহকসকলক অধিক আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা প্ৰদানৰ বাবে সংৰক্ষিত ডবাত ভিৰ হ্ৰাস কৰা।
কিয় নিয়ম সলনি হ’ল
সঘনাই হোৱা এটা সমস্যা যিয়ে অসুবিধা আৰু সুৰক্ষাৰ চিন্তাৰ সৃষ্টি কৰে সেয়া হ’ল যথেষ্ঠ ভিৰ। ভাৰতীয় ৰে’লৱেই ৱেইটিঙৰ তালিকাত থকা যাত্ৰীসকলক সাধাৰণ ডবাত সীমাবদ্ধ কৰি ভ্ৰমণক অধিক সংগঠিত আৰু উপভোগ্য কৰি তোলাৰ আশা কৰিছে। যদি কোনো যাত্ৰীয়ে এচি বা শ্লীপাৰ ক্লাছত যাত্ৰা কৰাৰ পৰিকল্পনা কৰে, তেন্তে ভ্ৰমণৰ তাৰিখৰ আগতে তেওঁৰ টিকট নিশ্চিত হোৱাটো জৰুৰী। নতুবা ৱেইটিং লিষ্টৰ টিকট থকা ব্যক্তিসকলৰ বাবে ৰিজাৰ্ভচনৰ প্ৰয়োজন নহয় বাবে সাধাৰণ কোচ উপলব্ধ। ইয়াৰ দ্বাৰা ৰিজাৰ্ভ শিতানত নিশ্চিত টিকট লাভ কৰিব নোৱাৰা যাত্ৰীসকলক এটা বিকল্প প্ৰদান কৰা হয়।