আগষ্টত ভয়ংকৰ বিপৰ্যয় হ’ব পাৰে শ্বেয়াৰ বজাৰত, বিনিয়োগকাৰী সাৱধান হোৱাৰ দৰকাৰ
যিসকলে এই আশাত বহি আছে যে কাৰ্যালয়ত দৰমহা বৃদ্ধি হওক বা নহওক, কিন্তু শ্বেয়াৰ বজাৰে নিশ্চিতভাৱে তেওঁলোকৰ মূলধন দুগুণ বা তিনিগুণ বৃদ্ধি কৰিব, তেওঁলোক জুলাই মাহত শ্বেয়াৰ বজাৰত লোকচানৰহে সন্মুখীন হৈছে।

জুলাই মাহত আকাশত বিয়পি পৰা ঘন ক’লা ডাৱৰবোৰক এতিয়া আওকাণ কৰক। যদি কিবা ভাবিব খোজে, তেন্তে আগষ্ট মাহত কেনেধৰণৰ ধুমুহা আহিব পাৰে, সেইটো ভাবি চাওক। যিসকল বিনিয়োগকাৰীয়ে নিজৰ সঞ্চয় ধন শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে তেওঁলোকৰ বাবে এই ধুমুহা অনুভৱ কৰাটো অতি প্ৰয়োজনীয়।
যিসকলে এই আশাত বহি আছে যে কাৰ্যালয়ত দৰমহা বৃদ্ধি হওক বা নহওক, কিন্তু শ্বেয়াৰ বজাৰে নিশ্চিতভাৱে তেওঁলোকৰ মূলধন দুগুণ বা তিনিগুণ বৃদ্ধি কৰিব, তেওঁলোক জুলাই মাহত শ্বেয়াৰ বজাৰত লোকচানৰহে সন্মুখীন হৈছে। আনহাতে ঐতিহাসিকভাৱে চালে ২০১১ চনৰ পৰা ২০২০ চনলৈকে ২০১৯ চনটোৱেই আছিল জুলাই মাহত শ্বেয়াৰ বজাৰখন ডুব যোৱা বছৰ।
ইয়াৰ পিছৰ বছৰবোৰতো জুলাই মাহত বিনিয়োগকাৰীক ইতিবাচক ৰিটাৰ্ণ দিছে শ্বেয়াৰ বজাৰে। এই সকলোবোৰ কথাৰ মাজতো বিপদ এতিয়াও শেষ হোৱা নাই। ছবিখন এতিয়াও অসম্পূৰ্ণ হৈ আছে। ষ্টক মাৰ্কেটৰ বিশ্লেষকসকলে কয় যে আগষ্ট মাহত শ্বেয়াৰ বজাৰ দুৰ্যোগৰ সাক্ষী হ’ব পাৰে, যিটো জুলাইতকৈও হতাশাজনক হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ আঁৰত বহু কাৰণ আছে। শ্বেয়াৰ বজাৰত কেনেধৰণৰ দুৰ্যোগ দেখা যায় সেয়া আমি জনাম এই প্ৰতিবেদনত। তাৰ আগতে জুলাই মাহৰ মূল্যায়ন কৰা যাওক।
জুলাই মাহত শ্বেয়াৰ বজাৰ কিমান নিম্নগামী হ’ল?
যদি আমি জুলাই মাহৰ কথা কওঁ তেন্তে শ্বেয়াৰ বজাৰত ৩ শতাংশতকৈও অধিক নিম্নগামী হৈছে। ৩০ জুনত বম্বে ষ্টক এক্সচেঞ্জৰ মুখ্য সূচকাংক চেন্সেক্স ৮৩,৬০৬.৪৬ পইণ্টত বন্ধ হয়। জুলাই মাহৰ শেষৰটো ব্যৱসায়ত চেন্সেক্স ৮০,৬৯৫.১৫ পইণ্টেৰে নিম্ন স্তৰলৈ আহে। ১৩ জুন তাৰিখৰ পিছত চেন্সেক্সৰ এইটো আটাইতকৈ নিম্ন স্তৰ। অৰ্থাৎ প্ৰায় এমাহৰ ভিতৰত চেন্সেক্স ২,৯১১.৩১ পইণ্ট অৰ্থাৎ প্ৰায় ৩.৫০ শতাংশ হ্ৰাস পাইছে।
আনহাতে, নেশ্যনেল ষ্টক এক্সচেঞ্জৰ ডাঙৰ সূচকাংক নিফটিত বৃহৎ হ্ৰাস দেখা গৈছে। জুন মাহৰ শেষৰটো ব্যৱসায়িক দিনত নিফটিৰ মূল্য ২৫,৫১৭.০৫ পইণ্ট দেখা গৈছিল। যিটো জুলাই মাহৰ শেষৰটো ব্যৱসায়িক দিনত ২৪,৬৩৫ পইণ্টলৈ হ্ৰাস পাইছে। অৰ্থাৎ তেতিয়াৰ পৰাই নিফটি ৮৮২.০৫ পইণ্ট অৰ্থাৎ ৩.৪৫ শতাংশ হ্ৰাস পাইছে।
বিশেষ কথাটো হ’ল জুলাই মাহত বিনিয়োগকাৰীসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৷ যদি তথ্য চাওঁ তেন্তে ৩০ জুনত বিএছইৰ মাৰ্কেট কেপ আছিল ৪,৬১,১৬,৬৭২.৩৫ কোটি টকা। যিটো ৩১ জুলাইৰ ব্যৱসায়িক চেচনত ৪,৪৬,৮৬,৭২৩.৮৯ কোটি টকালৈ নামি আহিছিল। অৰ্থাৎ জুলাই মাহত এতিয়ালৈকে বিনিয়োগকাৰীয়ে ১৪,২৯,৯৪৮.৪৬ কোটি টকা লোকচানৰ সন্মুখীন হৈছে।
আগষ্ট মাহত আৰু হ্ৰাস পাব পাৰে, কিয়?
বিশেষজ্ঞসকলৰ মতে, নিফটি নিজৰ সমৰ্থন স্তৰৰ তললৈ নামি আহিছে, যাৰ ফলত চাৰি মাহৰ উৰ্ধমুখী ধাৰা নাটকীয়ভাৱে ভংগ হৈছে। ইয়াৰ এটা ডাঙৰ কাৰণো আছে। বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এফ আই আই)য়ে মাত্ৰ ৮টা ব্যৱসায়িক দিনত ২৫ হাজাৰ কোটি টকাৰ প্ৰচুৰ বিক্ৰী কৰিছে। এই কাৰণেই আগষ্ট মাহত অধিক লোকচানৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলৰ মতে, ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পে আশা কৰাতকৈ অধিক ২৫ শতাংশ শুল্ক আৰু প্ৰথম ত্ৰৈমাসিকৰ হতাশাজনক আয়েও লোকচানৰ সৃষ্টি কৰিব পাৰে। যোৱা ১০ বছৰত আগষ্ট মাহত চাৰিবাৰ নিম্নগামী হৈছে বজাৰ।
যদিও গড় লাভ সামান্য ১ শতাংশ, বহু বিৰূপ পৰিস্থিতি একত্ৰিত হোৱাৰ ফলত তীব্ৰ বিপৰ্যয়ৰ বাস্তৱতা আহি পৰিছে। যোৱা ৮টা অধিবেশনত প্ৰায় ২৫ হাজাৰ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে এফ আই আইয়ে। ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্যও বিগত এসপ্তাহত ৭ শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ৭২-৭৩ ডলাৰ হৈছে আৰু বুধবাৰে ভাৰতীয় টকাৰ মূল্য মে’ মাহৰ পিছত এদিনীয়া সৰ্বাধিক হ্ৰাস পাই পাঁচ মাহৰ নিম্নতম ৮৭.৫১২৫ ডলাৰ হৈছে।
আগষ্ট মাহত বজাৰ ঊৰ্ধগামী হোৱাৰ সম্ভাৱনা শূন্য
জিঅ’জিট ইনভেষ্টমেণ্টছ লিমিটেডৰ মুখ্য বজাৰ কৌশলবিদ আনন্দ জেমছে এক প্ৰতিবেদনত সকীয়াই দিছে যে যোৱা ১০ বছৰৰ বিশ্লেষণৰ ভিত্তিত জুলাই মাহৰ ঋণাত্মক ৰিটাৰ্ণৰ প্ৰতি লক্ষ্য ৰাখি আগষ্ট মাহত ইতিবাচক লাভৰ সম্ভাৱনা একেবাৰে শূন্য, যিয়ে ইংগিত দিয়ে যে বৰ্তমানৰ অৱস্থা অহা মাহলৈকে চলি থাকিব পাৰে।
সকলো স্তৰতে কাৰিকৰী সূচক ৰঙা ৰঙেৰে জিলিকি আছে। শক্তিশালী সমৰ্থন স্তৰ এতিয়া প্ৰায় ২৪,৪৫০-২৩,৬০০, আৰু গুৰুত্বপূৰ্ণ ২০০ দিনৰ সৰল গতিশীল গড় ২৪,০৬১ত অৱস্থিত। বহল বজাৰখনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে আৰু নিফটি ৫০০ ষ্টকৰ মাত্ৰ ৫৩ শতাংশইহে ২০০ দিনৰ এছএমএৰ ওপৰত ব্যৱসায় কৰি আছে।
জেমছে কয় যে জুন মাহৰ মাজভাগৰ পিছত এই শতাংশ আটাইতকৈ কম, যেতিয়া নিফটিয়ে এই স্তৰৰ পৰা উভতি আহিছিল, যাৰ ফলত ২৪,৬৫০ৰ স্তৰটো এটা গুৰুত্বপূৰ্ণ নিম্নগামী সূচক হৈ পৰিছে। তেওঁ সেই গুৰুত্বপূৰ্ণ স্তৰটো চিনাক্ত কৰিলে যিয়ে নিৰ্ধাৰণ কৰিব পাৰে যে বজাৰসমূহ পুনৰুদ্ধাৰ হ’ব নে আৰু অধিক সংশোধনী ভূখণ্ডলৈ যাব।
কৰ্পৰেটৰ উপাৰ্জনৰ মন্থৰতা
কোটক ছিকিউৰিটিজৰ ইকুইটি ৰিচাৰ্চৰ মুৰব্বী শ্ৰীকান্ত চৌহানে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত আৱেগৰ ওপৰত গুৰুত্ব আৰোপ কৰা দ্বৈত ভাবুকিৰ ওপৰত আলোকপাত কৰিছে। আগষ্ট মাহত বজাৰৰ দিশ মূলতঃ দুটা মূল কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব। শুল্ক ফ্ৰণ্টৰ উন্নয়ন আৰু নিফ্টি ৫০ কোম্পানীসমূহৰ উপাৰ্জনৰ প্ৰদৰ্শন। কৰ্পৰেট উপাৰ্জনৰ বতৰটো দুৰ্বল হৈ পৰিছে।
ইফালে কটা ঘাঁত নিমখ চটিয়াই ভাৰতীয় টকাৰ ডলাৰৰ বিপৰীতে অবিৰত হ্ৰাস অব্যাহত আছে, আনহাতে বণ্ডৰ ফলন প্ৰায় ৪.৪০ শতাংশ সুস্থিৰ হৈ আছে, যিটো সংমিশ্ৰণে ইতিমধ্যে স্নায়বিক বিদেশী বিনিয়োগকাৰীক অলপ ৰেহাই দিছে। ঘৰুৱা লিকুইডিটি সমৰ্থনৰ অভাৱত বজাৰখন দুৰ্বলতাৰ সাক্ষী হ’ব পাৰে বুলি চৌহানে সকীয়াই দিয়ে। তেওঁ আশা কৰিছে যে বজাৰখনে ২৪,৫০০ৰ পৰা ২৫,৫০০ৰ ভিতৰত সীমিত পৰিসৰত ব্যৱসায় কৰিব যেতিয়ালৈকে নিৰ্ণায়ক ব্ৰেকআউটে ট্ৰেণ্ডিং একচনৰ সূচনা নকৰে।
এফ আই আইবোৰো মূৰৰ কামোৰণি
এফ আই আইৰ পলায়ন কেৱল সাময়িক লাভৰ কামতকৈও অধিক। ভাৰতীয় ৰপ্তানিৰ ওপৰত আমেৰিকাৰ সম্ভাৱ্য শুল্কক লৈ অনিশ্চয়তা আৰু প্ৰথম ত্ৰৈমাসিকৰ ফলাফল আশা কৰাতকৈ দুৰ্বল হোৱাৰ বাবে প্ৰতিষ্ঠানিক বিনিয়োগে সুৰক্ষিত বিনিয়োগৰ দিশে আগবাঢ়িছে, যাৰ ফলত ঘৰুৱা বজাৰখন অধিক বিক্ৰীৰ হেঁচাত দুৰ্বল হৈ পৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তই এফ আই আইৰ প্ৰবাহত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমেৰিকাই প্ৰান্তীয় মূল্য নিৰ্ধাৰণ কৰা ষ্টক/খণ্ডসমূহত হোৱাৰ সম্ভাৱনা আছে – যেনে ফাৰ্মা, অটো আনুষংগিক, কিছুমান বিশেষ উদ্যোগিক খণ্ড, কেবল আৰু তাঁৰ, টাইলছ আদি।
নুৱামাই কয় যে মূলধনী পলায়নৰ পৰোক্ষ প্ৰভাৱ অধিক স্পষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ প্ৰভাৱ ক্ষুদ্ৰ আৰু মজলীয়া ঘৰুৱা চক্ৰীয় খণ্ড (ৰিয়েল এষ্টেট, এনবিএফচি আৰু উদ্যোগিক)ত পৰিব পাৰে। আনহাতে, টকাৰ মূল্য হ্ৰাসে আই টি খণ্ডক সহায় কৰিব পাৰে আৰু বৰ্তমানৰ কম মূল্যৰ প্ৰতি লক্ষ্য ৰাখি ই সম্ভাৱনাময়ভাৱে আউটপাৰ্ফৰ্ম কৰিব পাৰে। সামগ্ৰিকভাৱে আমি বজাৰসমূহত সতৰ্ক হৈ আছো।